• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমৰ কলা-সংস্কৃতিৰ প্ৰচাৰৰ বাবে কেজৰিৱাল চৰকাৰে দিল্লীত স্থাপন কৰিব অসমীয়া একাডেমি

মোদী চৰকাৰৰ জুমলাবাজি ওফৰাই পেলাবলৈ আমি আগ বাঢ়িছো : সোমনাথ ভাৰতী

Anirban Pathak অনিৰ্বাণ পাঠক
গুৱাহাটী , October 27, 2018 5:32 pm

2 min read

Somnath Bharati

গুৱাহাটীত প্ৰেছমীটত আপৰ বিধায়ক সোমনাথ ভাৰতী।

461
VIEWS
Share on FacebookShare on Twitter

অসমৰ প্ৰতি কেন্দ্ৰৰ চিৰাচৰিত উপেক্ষাৰ মনোভাবৰ বিপৰীতে দিল্লীৰ কেজৰিৱাল চৰকাৰে ৰাষ্ট্ৰীয় ৰাজধানীখনত এখন অসমীয়া একাডেমি স্থাপন কৰিবলৈ সিদ্ধান্ত কৰিছে। অসমৰ সাহিত্য, কলা, সংস্কৃতিৰ প্ৰচাৰৰ উদ্দেশ্য আগত লৈ এই সিদ্ধান্ত লৈছে দিল্লী চৰকাৰখনে।

আজি অসম ভ্ৰমণলৈ অহা দিল্লীৰ আম আদমী দলৰ বিধায়ক সোমনাথ ভাৰতীয়ে গুৱাহাটীত সাংবাদিকক সম্বোধন কৰি এই কথা জানিবলৈ দিছে।

কেৱল অসমীয়াই নহয়, দেশৰ মুঠ ১৪টা ভাষাৰ বাবে একাডেমি খুলিব কেজৰিৱাল চৰকাৰে। অৱশ্যে ইয়াৰ এতিয়ালৈ বাজেট নিৰ্ধাৰণ হোৱা নাই বুলি জনায় তেওঁ।

উল্লেখযোগ্য যে সোমনাথ ভাৰতী আম আদমী পাৰ্টীৰ পৰা দিল্লীৰ মালব্য নগৰ সমষ্টিক প্ৰতিনিধিত্ব কৰিছে। অসমত দলৰ সাংগঠনিক ভেটি মজবুত কৰাৰ বাবে বিধায়কজন ৰাজ্যখনলৈ আহিছে। “দিল্লী সমগ্ৰ দেশৰেই হৃদপিণ্ড; দিল্লী অসমৰো দুৱাৰমুখ হওক”, সাংবাদিকৰ আগত এইদৰে কয় ভাৰতীয়ে।

আনহাতে কেন্দ্ৰৰ বিজেপি চৰকাৰৰ সমালোচনাতো সৰৱ হয় বিধায়কজন। “মোদী চৰকাৰৰ জুমলাবাজি ওফৰাই পেলাবলৈ আমি আগ বাঢ়িছো।” – এইদৰে কোৱাৰ লগতে তেওঁ সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ ভুৱা প্ৰতিশ্ৰুতিবোৰকো কটাক্ষ কৰে। “কেন্দ্ৰত মোদীৰ লগতে অসমত সৰ্বানন্দ সোণোৱাল চৰকাৰ সকলো প্ৰতিশ্ৰুতি জুমলাত পৰিণত হৈছে। মোদী আৰু সোণোৱাল চৰকাৰৰ ব্যৰ্থতা আমি অসমৰ প্ৰতিঘৰ মানুহক বুজাই দিম।” ভাৰতীৰ মন্তব্য।

ইয়াৰ উপৰি বিধায়কজনে অসমৰ সৰ্বস্তৰৰ মানুহে বিৰোধিতা কৰি থকা নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰি আপৰ সাংসদসকলে সদনত এই বিধেয়কৰ বিৰোধিতা কৰি যাব বুলি আশ্বাস দিয়ে। “দেশৰ দুৰ্ভাগ্য যে ধৰ্মক আধাৰ হিচাপে লৈ থকা দল এটাই চৰকাৰ চলাই আছে।” সোমনাথ ভাৰতীয়ে কয়।

আনহাতে অসমীয়া মানুহৰ দীৰ্ঘস্থায়ী শংকাৰ সৈতে জড়িত আন এটা বিষয় সোৱণশিৰি নদী বান্ধৰ প্ৰসংগও আনে। তেওঁ বৃহৎ নদী বান্ধৰ তীব্ৰ বিৰোধিতা কৰে।

Recent News

32337043_2010270292557153_5893369135034793984_n-643x375

বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ পৰলোকপ্ৰাপ্তি; শোকস্তব্ধ ভ্ৰাম্যমান জগত

Jemima-Khan-Peter-Morgan

নতুন প্ৰেমিকৰ সৈতে একেলগে বাস কৰিছে পাকিস্তানী প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ প্ৰাক্তন পত্নীয়ে

WhatsApp Image 2021-01-24 at 7.46.49 AM

অষ্ট্ৰেলিয়া ভ্ৰমণত অভিষক ঘটা ৫ ক্ৰিকেটাৰৰ লগতে শাৰ্দুলকো THAR-SUV উপহাৰ দিলে মহিন্দ্ৰাই

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd