• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাশ্মীৰত সন্ত্রাসবাদীৰ ভয়ংকৰ আক্রমণত নিহত ভাৰতীয় সেনাৰ জোৱান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 25, 2021 7:12 pm

2 min read

a kashy
296
VIEWS
Share on FacebookShare on Twitter

জম্মু-কাশ্মীৰত আজি পাকিস্তানী  সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণত  এজন ভাৰতীয় সেনাৰ জোৱান নিহত হৈছে।

শ্ৰীনগৰৰ লইয়াপোৰা নামৰ অঞ্চলটোত আজি সন্ধিয়া পাক সন্ত্ৰাসবাদীয়ে সেনাৰ এটা দলক লক্ষ্য কৰি ধাৰাসাৰ গুলীবৰ্ষণ কৰে। এই ঘটনাত দুজন জোৱান গুৰুতৰ ভাবে আহত হোৱাৰ লগতে  আন এজন জোৱানৰ চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু ঘটে।

উল্লেখ্য জম্মু-কাশ্মীৰৰ ছপিয়ান জিলাত সোমবাৰে পুৱতি নিশা ভাৰতীয় সেনাৰ গুলীত নিহত হৈছে চাৰিজন সন্ত্ৰাসবাদী।নিহত সন্ত্ৰাবাদী কেইজন লস্কৰ-ই-তৈবাৰ সদস্য বুলি  নিশ্চিত কৰা  হৈছিল।

সোমবাৰে নিশা প্ৰায় ২ বজাৰ পৰা ছপিয়ানৰ মনিহাল অঞ্চলত কেইবা ঘণ্টা ধৰি চলা  সংঘৰ্ষৰ পাছত সেনা-আৰক্ষীয়ে  সন্ত্ৰাসবাদীক কেইজনক হত্যা কৰে। ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যৌথ বাহিনীয়ে মনিহালত তালাচী অভিযান চলাইছিল।

নিৰাপত্তা বাহিনীৰ দলটোৱে  যোৱা নিশা গোটেই অঞ্চলটো ঘেৰি ৰাখে।

গোপন সূত্ৰৰ পম খেদি অঞ্চলটোত সেনাই তালাচী চলাইছিল। সেনাই অঞ্চলটোত সন্ত্ৰাসবাদী লুকাই থকাৰ খবৰ লাভ কৰিছিল  এক বিশেষ সূত্ৰৰ পৰা।

উল্লেখ্য কাশ্মীৰ উপত্যকাত শেহতীয়াকৈ পুনৰ পাকিস্তানৰ সন্ত্ৰাসবাদী  অধিক সক্ৰিয় হৈ পৰা পৰিলক্ষিত হৈছে।

সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলাই সেনা-আৰক্ষীয়ে যোৱা কেইবাটাও দিনত বৃহৎ সফলতা লাভ কৰিছে।কিছুদিন পূৰ্বে সেনা-আৰক্ষীয়ে এজন দুৰ্ধৰ্ষ পাক সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল।

কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰে প্ৰকাশ কৰা মতে সোমবাৰে নিহত সন্ত্ৰাসবাদী কেইজনক ক্ৰমে বাতাপোৰা অঞ্চলৰ বাসিন্দা আমীৰ ছাফি,ছপিয়ানৰ নিবাসী ৰায়েছ আহ ভাট, আগিব মালিক আৰু আলতাফ আহমেদ ৱানি বুলি চিনাক্ত কৰা হৈছে।

Recent News

Bhitali Das1

অৱশেষত কোভিডৰে হাৰ মানিলে কণ্ঠশিল্পী ভিতালী দাসে :সন্ধিয়া ৭.০৫ বজাত শেষ নিশ্বাস ত্যাগ

Himanta-Biswa-Sarma-2-750x375

নিৰ্বাচনৰ সময়ত কোভিড নাছিল! স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য কিমান যুক্তিসংগত?

HBS press meet

স্থগিত হ’ব নেকি ৰাজ্যৰ হাইস্কুল শিক্ষান্ত আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা! কি ক’লে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

Sunidhi

বলিউদৰ দুই বিখ্যাত সংগীত পৰিচালকে কিয় সুনীধি চৌহানক বেগ সামৰি ঘৰলৈ ওভতি যাবলৈ কৈছিল?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd