চৰাইদেউত মটৰচাইকেল দুৰ্ঘটনাত নিহত এজন যুৱক; গুৰুতৰভাৱে আহত আন এজন

প্ৰতিনিধিত্বমূলক ফটো।

চৰাইদেউত এখন মটৰচাইকেলে নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মৰা এক ভয়াৱহ পথ দুৰ্ঘটনাত এজন যুৱক থিতাতে নিহত হয়।

আৰক্ষীয়ে জানিবলৈ দিয়ে যে যুৱকজনে নিশা পলমকৈ মটৰচাইকেল চলাই আহিছিল আৰু তেওঁৰ লগত আন এজন যুৱকো আছিল। আনজন যুৱক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু তেওঁক বৰ্তমান চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ এএমচিএইচত ভৰ্তি কৰোৱা আছে।

লগতে পঢ়ক: অস্কাৰৰ মঞ্চত অঘটন! ক্ৰিছ ৰকৰ গালত প্ৰচণ্ড চৰ উইল স্মিথৰ

মৃত যুৱকজনক বৰহাটৰ সুভ্ৰজিত গগৈ বুলি চিনাক্ত কৰা হৈছে। আহত যুৱকজন অৰুণ বুঢ়াগোহাঁই বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে লগতে কয় যে ঘটনাৰ সময়ত মটৰচাইকেলখন অতি তীব্ৰ বেগত থকাৰ সন্দেহ কৰা হৈছে। মটৰচাইকেলখনে এডাল গছ আৰু তাৰপিছত এটা পোষ্টত খুন্দা মাৰি খাৱৈ এটাত পৰি যায়।

বুঢ়াগোঁহাইক গুৰুতৰ অৱস্থাত উদ্ধাৰ কৰাৰ সময়ত ঘটনাস্থলীতে গগৈৰ মৃত্যু ঘটিছিল।

লগতে পঢ়ক: গ্ৰাফিটি শিল্পী নীলিম মহন্তক গ্ৰেপ্তাৰ কৰিলে অৰুণাচল আৰক্ষীয়ে

এজন আৰক্ষী বিষয়াই কয় যে তেওঁলোকে দুৰ্ঘটনাটো কেনেকৈ ঘটিছিল সেয়া এতিয়াও জানিব পৰা নাই কিয়নো যুৱক দুজনে সুৰাপান কৰা নাছিল আৰু দুৰ্ঘটনাটোত আন কোনো বাহন জড়িত থকাৰ প্ৰমান নাই।

আৰক্ষীয়ে ঘটনাটোৰ বিষয়ে অধিক অনুসন্ধান অব্যাহত ৰাখিছে।