বঙাইগাঁও জিলাত ক’ৰোনাৰ সংক্ৰমণ অব্যাহত থকাৰ মাজতে ক’ভিডত আক্ৰান্ত এজন ব্যক্তিৰ মৃত্যু হয় ৷
মৃত ব্যক্তিজন বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত চাপৰাকাটাৰ ১ নং নয়াপাৰাৰ ননীগোপাল সৰকাৰ ( ৩৪) ৷ ব্যক্তিজনৰ বঙাইগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ৷
ইপিনে জিলাখনত নতুনকৈ পুনৰ ৩৫ জন ব্যক্তি ক’ভিডত আক্ৰান্ত হৈছে ৷
আনহাতে সুস্থ হৈ উঠিছে ৩০ জনকৈ ৰোগী ৷ জিলাখনত নতুনকৈ ৩৫ জন ব্যক্তি ক’ভিডত আক্ৰান্ত হোৱাত বৰ্তমান জিলাখনত ১৬০ সক্ৰিয় ৰোগী আছে ৷
ইয়াৰ ভিতৰত ১২১ জন ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত আৰু ৩৯ জন ব্যক্তি হোম কোৱাৰেণ্টাইনত আছে ৷
জিলাখনতমুঠ ৪,৪৪১ জন ব্যক্তিৰ ক’ভিড টেষ্ট কৰা হয় ৷ জিলাখনত ১ মাৰ্চৰ পৰা ২২ জুলাই লৈ মুঠ ক’ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই ৪,৫২৪ জন হৈছে ৷