NORTHEAST NOW (Assamese)

জখলাবন্ধাত কেঁকোসাপৰ সৈতে ৪জন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

September 23, 2018 5:30 pm · ৰিদিপ শৰ্মা
Updated: September 23, 2018 11:10 pm
আৰক্ষীৰ জালত পৰা কেঁকোসাপৰ চোৰাং ব্যৱসায়ী চাৰিজন।

জখলাবন্ধা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেবেন বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ২২ ছেপ্তেম্বৰৰ ৰাতি গোপন সূত্ৰৰ পম খেদি এটা অভিযান চলাই এটা কেঁকোসাপৰ সৈতে চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে।

আটক কৰা চোৰাং ব্যৱসায়ীকেইজন ক্ৰমে, বাক্সা জিলাৰ ৰবি ৰাজবংশী, দুৰ্গা দৈমাৰী, ডিম্বেশ্বৰ দাস আৰু ৰমেন চন্দ্ৰ বড়ো বুলি জানিব পৰা গৈছে।

অভিযানৰ নেতৃত্ব দিয়া আৰক্ষী বিষয়া দেৱেন বৰাই জনোৱা অনুসৰি চোৰাং ব্যৱসায়ী চক্ৰটোৱে কলিয়াবৰ আৰক্ষী থানাৰ অন্তৰ্গত নিজৰি গাওঁ অঞ্চলৰ পৰা AS 01 BA 9064 নম্বৰৰ এলট্ৰ এখনত আহি আছিল। তেওঁলোকৰ সৈতে এটা কেঁকোসাপ থকা বুলি খবৰ পাই আৰক্ষীয়ে তালাচী চলাই জব্দ কৰে।

জেৰাৰ সময়ত কেঁকোসাপৰ চোৰাং কাৰবাৰী দলটোৱে কয় যে সাপটো তেওঁলোকে ৩০,০০০ টকাত নিজৰিৰ কোনো এটা স্থানৰ পৰা ক্ৰয় কৰি বাক্সালৈ  সৰবৰাহ কৰাৰ কথা আছিল।

আৰক্ষীয়ে তেওঁলোকৰ বাহনখনো জব্দ কৰাৰ লগতে আটাইকেইজনকে জেৰা অব্যাহত ৰাখিছে।

https://www.facebook.com/nenowassam/videos/301068874052040/

 

Related News