নিমাতী মাজুলীৰ মাজত একক ইঞ্জিন যুক্ত ফেৰী চলাচল বাতিল
চলিত সপ্তাহত ৰাজ্যৰ লগতে অৰুণাচল প্ৰদেশত হোৱা প্ৰচুৰ বৰষুণৰ বাবে ব্ৰহ্মপুত্ৰৰ জলস্তৰ অতিশয় বৃদ্ধি পোৱাৰ ফলশ্ৰুতিত মাজুলী জিলা প্ৰশাসনে নিমাতী-কমলাবাৰীঘাট আৰু নিমাতী-অফলামুখ পাৰঘাটসহ যোৰহাট-মাজুলী সংযোগী ব্ৰহ্মপুত্ৰৰ পাৰঘাটত একক ইঞ্জিন চালিত ফেৰীৰ চলাচল আজিৰ পৰা অনিৰ্দিষ্ট কাললৈ বন্ধ ৰখাৰ বাবে আভ্যন্তৰীণ জলপৰিবহন বিভাগক নিৰ্দেশ দিছে।
জিলা প্ৰশাসনে যাত্ৰীৰ নিৰাপত্তাৰ কথা বিবেচনা কৰিয়ে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে। নদীদ্বীপ মাজুলীলৈ যাতায়তৰ বাবে একমাত্ৰ সম্বল হ’ল ফেৰীসেৱা।
আনহাতে, প্ৰতিদিনে হাজাৰ হাজাৰ যাত্ৰীয়ে পাৰাপাৰ হোৱা অন্যতম ব্যস্ত ফেৰীঘাটত এনেদৰে ফেৰীৰ সংখ্যা কমি যোৱাৰ ফলত এতিয়া যাত্ৰীসকলৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে।
ঘাট দুটাৰে চৰকাৰী ফেৰীৰ যাতায়ত অব্যাহত আছে যদিও যাত্ৰীৰ তুলনাত ফেৰীৰ সংখ্যা যথেষ্ট কম হোৱাৰ বাবে যাত্ৰীসকল সমস্যাৰ সন্মুখিন হৈছে বুলি স্থানীয় যাত্ৰীসকলে মত প্ৰকাশ কৰিছে।