গোলকীয় উষ্ণতা বৃদ্ধি আৰু পৰিৱেশ প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নিতিন গাডকাৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ সময়ত নৱ নিৰ্মিত পথ সমূহৰ লগতে গছপুলি ৰোপণ বাধ্যতামূলক কৰি তোলাৰ বাবে আঁচনি গ্ৰহণৰ প্ৰস্তুতি অব্যাহত ৰখাৰ সময়ত অসমৰ গড়কপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো আগন্তুক দিনত ৰাজ্যত হ’বলগীয়া গড়কপ্তানী বিভাগৰ সকলো নিৰ্মাণ কাৰ্য্যত গছপুলি ৰোপণ বাধ্যতামূলক কৰা হ’ব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
শুকুৰবাৰে উত্তৰ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত হিমন্ত বিশ্ব শৰ্মাই গড়কপ্তানী বিভাগৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা ১,১০০ ঔষধি গছপুলি ৰোপণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি গড়কপ্তানী বিভাগৰ দ্বাৰা ৰূপায়ন কৰিবলগীয়া পৰিবেশ সচেতনতামূলক আঁচনিৰ বিষয়ে উল্লেখ কৰে।
শৰ্মাই এখন সেউজী ধৰাৰ স্বাৰ্থত শিক্ষাৰ্থীসকলক গছপুলি ৰোপণ কাৰ্য্যসূচী উদ্যোগ অৱ্যাহত ৰখাৰ লগতে সমাজৰ অন্যসকলেও এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াব বুলি আশা প্ৰকাশ কৰে।
অনুষ্ঠানত অংশগ্ৰহণৰ অন্তত মন্ত্ৰীগৰাকীয়ে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য্য যাতে ক্ষীপ্ৰভাৱে নিৰ্ধাৰিত সময়ত সম্পন্ন হয় সেয়া নিশ্চিত কৰাৰ বাবে সংশ্লিষ্ট বিভাগৰ সৈতে এক পৰ্যালোচনা বৈঠকতো অংশগ্ৰহণ কৰে।
উত্তৰ লখিমপুৰ চিকিৎসা মহাবিদ্যালয় প্ৰাংগনত গছপুলি ৰোপন কাৰ্য্যসূচীত হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী নৱ কুমাৰ দলে, পীযুষ হাজৰিক, সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক উৎপল দত্ত উপস্থিত থাকে।