DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দুখন উৰণীয়া সেঁতুৰ কাহিনী; দীপাৱলীৰ দিনা এখন লাগী আনখন হৈ পৰিল এলাগী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
November 5, 2021 9:23 pm
363
VIEWS
Share on FacebookShare on Twitter

ব্যৱধান মাত্ৰ আধা কিল’মিটাৰ; দুখন উৰণীয়া সেঁতুৰ কাহিনী এয়া।

এখন লাগী আৰু আনখন এলাগী নতুনক পাই পুৰণিক কিয় যোৱাহে পাহৰি?

বৃহস্পতিবাৰে মুকলি হোৱা দিচপুৰ চুপাৰমাৰ্কেটৰ উৰণীয়া সেঁতু ভিন্নৰঙী লাইটৰ আলোকত আলোকিত হৈ আছে। জাক জমকতাৰে জ্বলি আছে এইখন ফ্লাইঅভাৰ। দীপাৱলীত মহানগৰবাসীলৈ এয়া ৰাজ্য চৰকাৰৰ এক উপহাৰ।

নতুনৰ যেন আদৰ সাদৰ বৃদ্ধি পাইছে উৰণীয়া সেঁতুখনৰ। সেযেহে লাখ লাখ টকা খৰচ কৰি লাইটৰে ৰাতিৰ আন্ধাৰতো পোহৰাই পেলোৱা হৈছে উৰণীয়া সেঁতুখন।

ন কইনাৰ দৰে সাজোন কাচোন দেখি উৰণীয়া সেঁতুখনত এতিয়া ভিন্নজনে একপি ফটো তুলিছে….. কোনো কোনোৱে চেল্ফিও উঠিছে…..

তাৰ বিপৰীত দৃশ্য গণেশগুৰিৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা উৰণীয়া সেঁতুৰ। নতুন উৰণীয়া সেঁতুৰ পৰা ব্যৱধান মাত্ৰ আধা কিল’মিটাৰ। দিপাৱলীৰ দিনাও অন্ধকাৰতে বুৰ গৈ থাকিল এইখন উৰণীয়া সেঁতু।

নতুন উৰণীয়া সেঁতু নিৰ্মাণ কৰাৰ পাছত চৰকাৰৰ বাবে এলাগী হৈ পৰিল এইখন উৰণীয়া সেঁতু।

উৰণীয়া সেঁতুখনত ষ্ট্ৰীট লাইট আছে, কিন্তু এটাও নজ্বলে। যাৰ ফলত দিপাৱলীৰ দিনটোতো পোহৰৰ মুখ নেদেখিলে এইখন পুৰণি উৰণীয়া সেঁতুৱে।

দীৰ্ঘদিন ধৰি বিকল হৈ আহিছে উৰণীয়া সেঁতুখনৰ ষ্ট্ৰীট লাইট।

তাৰ বিপৰীতে RGB ৰোডৰ পৰা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা উৰণীয়া সেঁতুৰ সৈতে সংলগ্ন এবছৰীয়া উৰণীয়া সেঁতুৱে দেখিছে লাইটৰ পোহৰ। দীপাৱলীৰ দিনা ষ্ট্ৰীট লাইটৰ পোহৰত আলোকিত হৈ আছে এইখন উৰণীয়া সেঁতু।

এয়া কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিও চুড়ান্ত অপমান নহয় নে?

প্ৰশ্ন হৈছে “পুৰণি হ’লে এইখন উৰণীয়া সেঁতুৰ দৰে এলাগী হ’ব নেকি নতুন উৰণীয়া সেঁতু দুখন?

এই দুখন নতুন উৰণীয়া সেঁতুৰ পৰাও লুপ্ত হ’ব নেকি ষ্ট্ৰীট লাইটৰ পোহৰ?

এয়া মাথো এক উদাহৰণহে… মহানগৰীৰ বহু স্পৰ্শকাতৰ এলেকাত এতিয়াও নাই ষ্ট্ৰীট লাইট…. যাৰ ফলত সঘনাই সংঘটিত হ’বলৈ ধৰিছে এটাৰ পাছত আন এটা অপৰাধ।

আশা কৰো, নতুনক পাই যাতে চৰকাৰ কিম্বা গুৱাহাটী পৌৰ নিগম কতৃপক্ষই পাহৰি নাযায় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা উৰণীয়া সেঁতুক। কম চে কম দিপাৱলীৰ দিনা নতুন উৰণীয়া সেঁতুৰ দৰে পোহৰাই তুলিব লাগিছিল এই উৰণীয়া সেঁতুক।

Recent News

High-speed Aerial Target ‘Abhyas’

দেশীয়ভাৱে নিৰ্মিত ‘হাই-স্পীড এৰিয়েল টাৰ্গেট’ ‘অভ্যাস’ৰ সফল পৰীক্ষণ

Millitants killed in Jammu-Kashmir

জম্মু-কাশ্মীৰত অব্যাহত সন্ত্ৰাসবাদ বিৰোধী অভিযান: দুই লস্কৰ-ই-তৈবা সদস্য নিহত

Maharashtra Political Crisis

আস্থাভোট স্থগিত ৰাখিলে ৰাজ্যপালে: মহাৰাষ্ট্ৰৰ শাসনলৈ পুনৰ উভতাৰ পথত দেৱেন্দ্ৰ ফাড়নবিছ

Vice presidential election India

নিৰ্বাচন আয়োগে ঘোষণা কৰিলে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন: ৬ আগষ্টত হ’ব ভোটগ্ৰহণ, একেদিনাই হ’ব ভোটগণনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd