ওদালগুৰি জিলাৰ টংলাৰ সমীপৱৰ্তী টোকানকাটাত আজি বিয়লি সংঘটিত এক পথ দুৰ্ঘটনাত এগৰাকী যুৱতীয়ে ঘটনাস্থলীতে মৃত্যুক সাবটি ল’ব লগীয়া হয়। নিহত যুৱতী গৰাকীক টংলা থানাৰ অন্তৰ্গত মাজগাঁৱ জিতেন শৰ্মাৰ জীয়ৰী পল্লৱী শৰ্মা(২৩) বুলি চিনাক্ত কৰা হৈছে।
ঘটনাৰ বিৱৰণি মতে বিয়লি প্ৰায় ৪ মান বজাত শিল-বালি কঢ়িয়াই অনা এখন তীব্ৰ বেগী ডাম্পাৰ গৈ থকা অৱস্থাতে টংলাৰ সমীপৱৰ্তী টোকানকাটা পকী দলঙত বিপৰীত দিশৰ পৰা অহা এখন মটৰচাইকেলে দলঙৰ ওপৰতে ৰাখি ট্ৰাকখনক পাৰ হৈ যাবলৈ দিয়ে। সেই সময়তে দলংখনৰ কাষতে ৰৈ থকা পল্লৱী শৰ্মাক তীব্ৰ বেগী ডাম্পাৰখনে মহতিয়াই নিয়ে। ফলত যুৱতী গৰাকীয়ে থিতাতে মৃত্যুক আঁকোৱালি লয়।
ইফালে দুৰ্ঘটনা সংঘটিত কৰি তীব্ৰ বেগী ডাম্পাৰখনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। অৱশ্যে পিছত আৰক্ষীয়ে ডাম্পাৰখন জব্দ কৰিবলৈ সক্ষম হয়।