কাশ্মীৰত গ্ৰেণেড বিস্ফোৰণত ১ জন নিহত, আহত ২৪ জন

Kashmir

দেওবাৰে সন্ধিয়া কাশ্মীৰৰ শ্ৰীনগৰৰ হৰি সিং হাই ষ্ট্ৰীটত নিৰাপত্তা বাহিনীৰ ওপৰত গ্ৰেনেড নিক্ষেপ কৰাৰ ফলত এজন লোক নিহত হোৱাৰ লগতে প্ৰায় ২৪ জন লোক আহত হয়।

বিস্ফোৰণৰ পিছতে আহত সকলক ততাতৈয়াকৈ শ্ৰী মহাৰা হৰি সিং চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও এজন অসামৰিক ব্যক্তিৰ চিকিৎসালয়ত মৃত্যু হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

মৃত ব্যক্তিজনক ৭০ বৰ্ষীয় মহম্মদ আছলাম মখদুমী বুলি চিনাক্ত কৰা হৈছে।

আক্ৰমণৰ পিছতে অঞ্চলটো ঘেৰাও কৰি আক্ৰমণকাৰীৰ সন্ধান চলোৱা হয় যদিও বৰ্তমানলৈকে আৰক্ষী সফল হোৱা নাই।

কোনো সংগঠনে এই পৰ্যন্ত আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই বুলিও আৰক্ষীয়ে উল্লেখ কৰে।

কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰে কয়, “আৰক্ষীয়ে বিস্ফোৰণত জড়িত সন্ত্ৰাসবাদী অপৰাধীক চিনাক্ত কৰিবলৈ আৰু গ্ৰেপ্তাৰ কৰিবলৈ অভিযান চলাইছে।”

আৰক্ষীয়ে বিস্ফোৰণ সন্দৰ্ভত কিছুমান গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিছে আৰু তদন্ত সঠিক দিশত চলি আছে বুলিও তেওঁ লগতে কয়।

ইফালে, শ্ৰী মহাৰা হৰি সিং চিকিৎসালয়ৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে গ্ৰেনেড আক্ৰমণত গুৰুতৰভাৱে আহত এগৰাকী যুৱতীৰ অৱস্থা সংকটজনক।

আনহাতে আন আহতসকল বৰ্তমান সুস্থ অৱস্থাত আছে বুলি চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে।