DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ গগৈৰ পুত্ৰৰ ফেক্টৰীত যুৱকক চোকা অস্ত্ৰৰে খুঁচি হত্যা

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
September 15, 2019 5:13 pm
হত্যাকাণ্ডত নিহত মৃত ৰিতুপৰ্ণ দুৱৰা

হত্যাকাণ্ডত নিহত মৃত ৰিতুপৰ্ণ দুৱৰা

24.4k
VIEWS
Share on FacebookShare on Twitter

শনিবাৰে নিশা শিৱসাগৰৰ বৰ্তমানৰ বিধায়ক তথা বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ গগৈৰ পুত্ৰৰ ষ্টিলৰ ফেক্টৰীত সংঘটিত হোৱা এক হত্যাকাণ্ডই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ঘটনা বিৱৰণী মতে ফেক্টৰীটোত কৰ্মৰত দুই শ্ৰমিক ক্ৰমে ৰিতুপৰ্ণ দুৱৰা আৰু বিতুপৰ্ণ গোৱালাৰ মাজত শনিবাৰে ৰাতি কিবা কথাত কাজিয়াৰ সূত্ৰপাত ঘটে আৰু এটা সময়ত দুয়োৰে মাজত মাৰপিত হয়।

মাৰপিতৰ সময়তেই বিতুপৰ্ণ গোৱালাই কাষতে থকা চোকা অস্ত্ৰৰে ৰিতুপৰ্ণ দুৱৰাৰ বুকুত আক্ৰমণ কৰে। উক্ত আক্ৰমণত ৰিতুপৰ্ণৰ বুকু ভেদি অস্ত্ৰপাত সোমাই যায় আৰু তেওঁ ঢলি পৰে।

লগে লগে ফেক্টৰীত কৰ্মৰত আন কৰ্মচাৰীয়ে ৰিতুপৰ্ণক উদ্ধাৰ কৰি চেৰেকাপাৰ আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে তেওঁক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে যুৱকজনৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে।

ইফালে ঘটনা সংঘটিত কৰিয়েই বিতুপৰ্ণ গোৱালাই পলায়ন কৰিবলৈ চেষ্টা কৰে যদিও স্থানীয় ৰাইজে তেওঁক কৰায়ত্ত কৰি আৰক্ষীক চমজাই দিয়ে।

মৃত ৰিতুপৰ্ণ দুৱৰাৰ বয়স ২১ বছৰ আৰু তেওঁৰ ঘৰ শিমলুগুৰিৰ দেওধাই গাঁৱত। আনহাতে হত্যাকাৰী বিতুপৰ্ণ গোৱালাৰ বয়স মাত্ৰ ১৮ বছৰ আৰু তেওঁৰ ঘৰ দলবাগানত।

ঘটনাৰ প্ৰতিবাদত আজি স্থানীয় ৰাইজ তথা দল সংগঠনে শুকতিআলিস্থিত ষ্টিল ফেক্টৰীৰ সন্মুখত শিৱসাগৰ নাজিৰা সংযোগী পথটো অৱৰোধ কৰে।

উল্লেখযোগ্য যে প্ৰণৱ গগৈৰ পুত্ৰৰ এইটো ষ্ট্ৰীল ফেক্টৰীৰ কৰ্মচাৰীয়ে কিছুবছৰৰ পূৰ্বে আটাছুৰ হাহঁচৰা আঞ্চলিকৰ তিনিজন সদস্যক নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰিছিল। আজি পুনৰ এইটো ষ্টিল ফেক্টৰীত সংঘটিত হত্যাকাণ্ডই জিলাখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Recent News

Telangana

লক্ষ্য সজাগতা সৃষ্টি: ২০৮ দিন খোজ কাঢ়ি কেইবাখনো ৰাজ্য পাৰ হৈ বিশ্বনাথত উপস্থিত তেলেঙ্গানাৰ যুৱক

Maharashtra crisis

কোন কাটাপ্পা কোন বাহুবলী! গুৱাহাটীত দেখা গৈছে কাটাপ্পা আৰু বাহুবলীক

Maharashtra Crisis

বিজেপিৰ ঠাঁৰত নহয়, গুৱাহাটীলৈ নিজ ইচ্ছামতে আহিছে বিসম্বাদী বিধায়ক! স্বীকাৰোক্তি একনাথ সিন্দেৰ

Doloo Tea Estate

চাহ শ্ৰমিকক অন্ধকাৰলৈ ঠেলি ডলু বাগিচাত লক আউট ঘোষণা কৰ্তৃপক্ষৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd