NORTHEAST NOW (Assamese)

বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ গগৈৰ পুত্ৰৰ ফেক্টৰীত যুৱকক চোকা অস্ত্ৰৰে খুঁচি হত্যা

September 15, 2019 5:13 pm · পার্শ্বজোতি গগৈ
Updated: September 15, 2019 5:18 pm
হত্যাকাণ্ডত নিহত মৃত ৰিতুপৰ্ণ দুৱৰা

শনিবাৰে নিশা শিৱসাগৰৰ বৰ্তমানৰ বিধায়ক তথা বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ গগৈৰ পুত্ৰৰ ষ্টিলৰ ফেক্টৰীত সংঘটিত হোৱা এক হত্যাকাণ্ডই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ঘটনা বিৱৰণী মতে ফেক্টৰীটোত কৰ্মৰত দুই শ্ৰমিক ক্ৰমে ৰিতুপৰ্ণ দুৱৰা আৰু বিতুপৰ্ণ গোৱালাৰ মাজত শনিবাৰে ৰাতি কিবা কথাত কাজিয়াৰ সূত্ৰপাত ঘটে আৰু এটা সময়ত দুয়োৰে মাজত মাৰপিত হয়।

মাৰপিতৰ সময়তেই বিতুপৰ্ণ গোৱালাই কাষতে থকা চোকা অস্ত্ৰৰে ৰিতুপৰ্ণ দুৱৰাৰ বুকুত আক্ৰমণ কৰে। উক্ত আক্ৰমণত ৰিতুপৰ্ণৰ বুকু ভেদি অস্ত্ৰপাত সোমাই যায় আৰু তেওঁ ঢলি পৰে।

লগে লগে ফেক্টৰীত কৰ্মৰত আন কৰ্মচাৰীয়ে ৰিতুপৰ্ণক উদ্ধাৰ কৰি চেৰেকাপাৰ আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে তেওঁক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে যুৱকজনৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে।

ইফালে ঘটনা সংঘটিত কৰিয়েই বিতুপৰ্ণ গোৱালাই পলায়ন কৰিবলৈ চেষ্টা কৰে যদিও স্থানীয় ৰাইজে তেওঁক কৰায়ত্ত কৰি আৰক্ষীক চমজাই দিয়ে।

মৃত ৰিতুপৰ্ণ দুৱৰাৰ বয়স ২১ বছৰ আৰু তেওঁৰ ঘৰ শিমলুগুৰিৰ দেওধাই গাঁৱত। আনহাতে হত্যাকাৰী বিতুপৰ্ণ গোৱালাৰ বয়স মাত্ৰ ১৮ বছৰ আৰু তেওঁৰ ঘৰ দলবাগানত।

ঘটনাৰ প্ৰতিবাদত আজি স্থানীয় ৰাইজ তথা দল সংগঠনে শুকতিআলিস্থিত ষ্টিল ফেক্টৰীৰ সন্মুখত শিৱসাগৰ নাজিৰা সংযোগী পথটো অৱৰোধ কৰে।

উল্লেখযোগ্য যে প্ৰণৱ গগৈৰ পুত্ৰৰ এইটো ষ্ট্ৰীল ফেক্টৰীৰ কৰ্মচাৰীয়ে কিছুবছৰৰ পূৰ্বে আটাছুৰ হাহঁচৰা আঞ্চলিকৰ তিনিজন সদস্যক নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰিছিল। আজি পুনৰ এইটো ষ্টিল ফেক্টৰীত সংঘটিত হত্যাকাণ্ডই জিলাখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Related News