প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ পাছতে হাৰিয়ানা চৰকাৰে এবাৰ ব্যৱহাৰ্য্য প্লাষ্টিকৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে।
কেবল নিষেধাজ্ঞা আৰোপ কৰাই নহয় এবাৰ ব্যৱহাৰ্য্য প্লাষ্টিক ব্যৱহাৰকাৰীৰ ওপৰতো এক লাখ টকালৈ জৰিমনা আৰোপ কৰা হৈছে তাৰোপৰি এবাৰ ব্যৱহাৰ্য্য প্লাষ্টিক ব্যৱহাৰ কৰি থকা অৱস্থাত ধৰা পৰিলে পাঁচ বছৰ পৰ্য্যন্ত জেললৈ যাব লগা হ’ব পাৰে।
পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে বিষয়া সকলক বৃহৎ পৰিমাণত জৰিমনা আদায় লোৱাৰ বাবে নিৰ্দেশ দিছে যাতে জনসাধাৰণে এনেধৰণৰ প্লাষ্টিকৰ ব্যৱহাৰ কৰা পৰিহাৰ কৰে।
প্ৰতিখন চহৰ যাতে বসবাসৰ বাবে উপযোগী হৈ থাকে তাৰ বাবে জনসাধাৰণো পৰিবেশৰ প্ৰতি সজাগ হৈ থাকিব লাগিব বুলি ন্যায়ালয়ে মত প্ৰকাশ কৰে।
পলিথিনৰ বাবে যদি এক লাখ টকা তেন্তে জাবৰ পেলোৱাৰ বাবে কিমান জৰিমনা?
ন্যায়ালয়ে য’তে-ত’তে জাবৰ পেলোৱাৰ বাবে কি পৰিমাণৰ জৰিমনা সংগ্ৰহ কৰিব এই নিৰ্ধাৰণ কৰাৰ বাবে বিষয়াসকলক নিৰ্দেশ দিছে যাতে মুকলিত জাবৰ পেলোৱা ৰোধ কৰিব পৰা যায়।
এতিয়া বিষয়াসকলৰ ওপৰত জাবৰ পেলালে কিমান পৰিমাণৰ জৰিমনা সংগ্ৰহ কৰিব সেয়া নিৰ্ভৰ কৰিব।
চুটীৰ দিনতো কাম কৰক আৰু এমাহৰ অতিৰিক্ত বোনাছ লাভ কৰক
উচ্চ ন্যায়ালয়ে পাঞ্জাৱ, হাৰিয়ানা আৰু চণ্ডীগড়ত চুটীৰ দিনতো সাৰ্বজনীন স্থান আৰু পথসমূহ পৰিস্কাৰ কৰাৰ বাবে উপদেশ দিছে।
যাতে কোনোস্থানতে লেতেৰা দেখা পোৱা নাযায়, আৰু প্ৰশাসনক চাফাই কৰ্মচাৰী সকলক বছৰত এক মাহৰ অতিৰিক্ত বোনাছ আদায় দিয়াৰ বাবে নিৰ্দেশ দিয়ে।
পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি কঠোৰ নিৰ্দেশ দি উচ্চ ন্যায়ালয়ে কয়, ‘প্ৰতিখন চহৰ জীয়াই থকাৰ বাবে উপযোগী হোৱা উচিত। পৰিষ্কাৰ থকা উচিত আৰু কোনোফালেই যাতে লেতেৰা দেখিবলগীয়া নহয়।’
চহৰসমূহ পৰিষ্কাৰ কৰি ৰখাৰ দায়িত্ব হ’ল নিগম সমূহৰ আয়ুক্ত, বিভাগীয় বিষয়াসকলৰ।
ন্যায়ালয়ে শুকান আৰু কেঁচা জাবৰ পেলোৱাৰ বাবে পৃথক-পৃথক ডাষ্টবিন ৰখাৰ বাবেও প্ৰশাসনক নিৰ্দেশ দিয়ে।