NORTHEAST NOW (Assamese)

দুলীয়াজানত জীৱ শ্ৰেষ্ঠৰ নৃশংসতাৰ বলি নাহৰফুটুকী: কাটি নিলে নখ, ভৰি

February 14, 2019 7:54 pm · মানস প্ৰতিম গগৈ

ডিব্ৰুগড় জিলাত আজি পুনৰ জীৱ শ্ৰেষ্ঠৰ নৃশংসতাৰ বলি হ’ল এটা নাহৰফুটুকী বাঘ। জিলাখনৰ দুলীয়াজানৰ ভাদৈ পাঁচ আলি আৰক্ষী চকীৰ অন্তৰ্গত শান্তি চাহ বাগিচাত এটা নাহৰফুটুকী বাঘ নিধন কৰে একাংশ লোকে।

উল্লেখযোগ্য যে এই শান্তি চাহ বাগিচাখনত দীৰ্ঘদিন ধৰি সন্ত্ৰাস সৃষ্টি কৰি আহিছিল নাহৰফুটুকী বাঘটোৱে। ফলত আজি বাগিচাখনৰ একাংশ উদণ্ড শ্ৰমিকে নাহৰফুটুকীটো নিধন কৰে। উদণ্ড শ্ৰমিক সকলে নাহৰফুটুকীটো নিধন কৰাতে ক্ষান্ত নাথাকি বাঘটোৰ নেজ, ভৰি আদি অংগ কাটি লৈ যায়।

আনহাতে এই ঘটনাৰ বিষয়ে অৱগত হৈ ডিগবৈ বন সংমণ্ডলৰ অধীনস্থ চৰাইপুং বনাঞ্চলিক কাৰ্যালয়ৰ বন কৰ্মীয়ে মৃত বাঘটো উদ্ধাৰ কৰি লৈ যায়।

ইফালে একাংশ প্ৰকৃতিপ্ৰেমীয়ে নাহৰফুটুকী নিধন ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে বনবিভাগক এনে ঘটনা ৰোধ কৰাৰ বাবে দাবী জনাইছে।

Related News