• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিক ভোট নিদিবলৈ এইবাৰ আহ্বান ড০ সমুজ্জ্বল ভট্টাচাৰ্য্যৰ

“ডাৱৰ আঁতৰা নাই”, সংগ্ৰাম অব্যাহত ৰাখিব আছু-নেছ’ই

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
February 14, 2019 8:23 pm
AASU_NESO PMT

নাগৰিকত্ব সংশোধনী বিধেয়ক ৰোধ হোৱাৰ পিছত সংবাদমেল আছু আৰু নেছ'ৰ নেতৃবৰ্গৰ। ফটো : য়ু বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা বিধানসভা নিৰ্বাচনৰ পূৰ্বে বুদ্ধিজীৱী গোটৰ যি আহ্বান আছিল তাৰ প্ৰতিধ্বনি শুনা গ’ল আজি আছুৰ কণ্ঠত। নিৰ্বাচনৰ আগে আগে বিজেপিক ভোট নিদিবলৈ ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱীৰ এটা গোটে আহ্বান জনোৱাৰ দৰেই এইবাৰ দলটোক ভোট নিদিবলৈ আহ্বান জনালে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য্যই।

আজি আছু আৰু নেছ’ৰ এখন যুটীয়া সংবাদমেলত ভট্টাচাৰ্য্যই এই আহ্বান জনাই কয়, “অসম তথা উত্তৰ-পূবৰ ৰাইজৰ আন্দোলক তাচিল্য কৰা শক্তি যাতে পুনৰ শাসনলৈ আহিব নোৱাৰে তাৰ বাবে সকলোৱে সংকল্প লওক”।

Apply Now

নেতাজনে লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ ৰাজ্যসভাত উত্থাপন নোহোৱাত যি সাময়িক সকাহ আহিছে সদৌ অসম ছাত্ৰ সন্থা, ৩০ জনগোষ্ঠীয় সংগঠন আৰু উত্তৰ-পূব ছাত্ৰ সংগঠন বা নেছ’ তাতে আশ্বস্ত নহয় বুলি জানিবলৈ দিয়ে।

বিধেয়ক কাৰ্যতঃ বাতিল হ’ল যদিও এতিয়াও ‘ডাৱৰ আঁতৰি যোৱা নাই’ বুলি মন্তব্য কৰি সংগ্ৰাম অব্যাহত ৰাখিব বুলি মন্তব্য কৰিছে আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্বল ভট্টাচাৰ্যই।

গুৱাহাটীৰ চহিদ ভৱনত দিয়া যুটীয়া সংবাদমেলখন সম্বোধন কৰি ভট্টাচাৰ্য্যই কয়, “জাতিধ্বংসী বিধেয়কখন প্ৰতিহত হ’ল যদিও বিজেপি চৰকাৰে প্ৰৱৰ্তন কৰা আমাৰ বাবে একেই ভয়াৱহ ‘পাৰপত্ৰ (ভাৰত প্ৰৱেশ) নিয়ম ২০১৫ৰ জাননী’, ‘বিদেশী (সংশোধনী) নিৰ্দেশনা, আৰু ‘দীৰ্ঘম্যাদী ভিছা’ এতিয়াও সক্ৰিয় হৈ আছে। গতিকে এই জাননী আৰু নিৰ্দেশনাও বাতিল কৰাবই লাগিব”।

একেদৰে, বিধেয়ক বাতিল হোৱাৰ পাছত অসমৰ ৰাইজ, দল-সংগঠনে আনন্দ উল্লাস কৰাৰ সময়তে বিজেপিৰ মন্ত্ৰীয়ে, ‘আমি শাসনলৈ আহিলে বিধেয়কখন পুনৰ আনিম’ বুলি কোৱা মন্তব্যৰ গৰিহণা দি বিজেপিৰ এই স্থিতিয়েই আন্দোলন অব্যাহত ৰাখিবলৈ বাধ্য কৰিছে বুলিও তেওঁ মন্তব্য কৰে।

বিজেপিৰ ‘মাৰাত্মক পৰিকল্পনা’ৰ বিৰুদ্ধে আছুৱে এই সংবাদমেলযোগে গাঁওসভা আৰু ৰাইজসভা অনুষ্ঠিত কৰি ৰাইজক সজাগ কৰাৰ পদক্ষেপ গ্ৰহণ কৰাৰ কথাও সমুজ্জ্বল ভট্টাচাৰ্যই প্ৰকাশ কৰে। ইয়াৰ জৰিয়তে কেনে ধৰণে আন্দোলন চলিব সেয়া ৰাইজেই নিৰ্ধাৰণ কৰিব বুলিও তেওঁ মন্তব্য কৰে।

সংবাদমেলত নেছ’ৰ সচিব প্ৰধান চিনম প্ৰকাশেও উত্তৰ-পূবৰ খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থৰ আঘাত হানিব পৰা কোনো কথাই সহ্য কৰা নহ’ব বুলি হুংকাৰ দিয়ে।

তেওঁ লগতে অসমৰ সমান্তৰালকৈ সমগ্ৰ উত্তৰ-পূবৰ প্ৰতিখন ৰাজ্যতে এন আৰ চি উন্নীতকৰণৰ উপৰি প্ৰতিখন ৰাজ্যতে আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবী জনায়।

সংবাদমেলখনত আছুৰ সভাপতি দীপাংক কুমাৰ নাথে মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাৰ এই বিধেয়ক বিৰোধী বলিষ্ঠ স্থিতিৰ শলাগ লয়। লগতে এই আন্দোলনৰ প্ৰতি উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মুখ্য মন্ত্ৰী আৰু দেশৰ বিভিন্ন ৰাজনৈতিক দলে আগ বঢ়োৱা সহযোগিতা আৰু সমৰ্থনৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে। কিন্তু ইয়াৰ বিপৰীতে অসমৰ মুখ্য মন্ত্ৰীৰ স্থিতিক লৈ আক্ষেপ প্ৰকাশ কৰে।

“আমাৰ মুখ্য মন্ত্ৰী আৰু খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিম বুলি কোৱা অসমৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে জাতিৰ এই সংকটৰ সময়ত জাতি-বিৰোধী স্থিতি ললে, যাৰ বাবে আমি অসমক বচাবলৈ আন ৰাজ্যৰ নেতা, চৰকাৰ আৰু ৰাজনৈতিক দলৰ পৰা সহায় ভিক্ষা কৰিব লগীয়া হ’ল”, আক্ষেপেৰে দীপাংক কুমাৰ নাথে কয়।

নেছ’ৰ উপাধ্যক্ষ তথা ত্ৰিপুৰা ছাত্ৰ ফেডাৰেইশ্যনৰ উপদেষ্টা উপেন্দ্ৰ দেববাৰ্মাই সংবাদমেলত ত্ৰিপুৰাৰ খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ সংকটৰ বিষয়টো দাঙি ধৰে। তেওঁ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ উত্তৰ-পূবৰ ৰাইজে কৰা ঐক্যবদ্ধ সংগ্ৰামক ধন্যবাদ জনায়।

দেববাৰ্মাই খিলঞ্জীয়া ত্ৰিপুৰীসকলৰ ৰাজনৈতিক, অৰ্থনৈতিক অধিকাৰ সকলো নিঃশেষ হৈ গ’ল বুলি কৈ ‘ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেবো এজন বাংলাদেশী’ বুলি মন্তব্য কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

এয়া প্ৰেম নে প্ৰেমৰোগ? মেছেজৰ ৰিপ্লাই নাপালেই কিয় অস্থিৰ হৈ পৰে প্ৰেমিকা?

এয়া প্ৰেম নে প্ৰেমৰোগ? মেছেজৰ ৰিপ্লাই নাপালেই কিয় অস্থিৰ হৈ পৰে প্ৰেমিকা?

August 30, 2026 7:00 am
কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

August 29, 2026 7:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এয়া প্ৰেম নে প্ৰেমৰোগ? মেছেজৰ ৰিপ্লাই নাপালেই কিয় অস্থিৰ হৈ পৰে প্ৰেমিকা?

এয়া প্ৰেম নে প্ৰেমৰোগ? মেছেজৰ ৰিপ্লাই নাপালেই কিয় অস্থিৰ হৈ পৰে প্ৰেমিকা?

August 30, 2026 7:00 am
কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd