শিৱসাগৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি দিনৰ প্ৰায় ১ বজাত সংঘটিত এক দুৰ্ঘটনাত এজন মটৰচাইকেল আৰোহীৰ থিতাতে মৃত্যু হয়। ইয়াকে লৈ ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
জানিব পৰা মতে শিৱসাগৰ চহৰৰ ৰবিন্দ্ৰ সিং ওৰফে ৰবি নামৰ যুৱকজনক ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেদি বাইকেৰে আহি থকা অৱস্থাত ভাৰত পে’ট্ৰলিয়ামৰ সন্মুখত সেনা বাহিনীৰ এখন কনভয় লগত মুখামুখি সংঘৰ্ষ হয়। ফলত ঘটনাস্থলীতে ৰবিন্দ্ৰ সিং ওৰফে ৰবিৰ মৃত্যু হয়।
প্ৰত্যক্ষদৰ্শীৰ মতে যেৰহাটৰ দিশে গৈ থকা সেনাৰ কনভয়খনৰ লগত বাইক আৰোহী ৰবিৰ মুখামুখি সংঘৰ্ষ হয় আৰু কিছু দূৰ চোঁচৰাই নিয়ে যাৰ ফলত যুৱকজনৰ মৃত্যু হয়।
আনহাতে সেনা বানিহীৰ মতে তেওঁলোকৰ গাড়ী খন ৰৈ আছিল আৰু ৰৈ থকা গাড়ীত ৰবিয়ে খুণ্ডা মাৰে। কনভয়ৰ গাড়ী কিয় ৰৈ আছিল বুলি প্ৰশ্ন কৰাত সেনাৰ জোৱান এজনে বজাৰৰ বাবে জাম লাগি আছিল বুলি মন্তব্য কৰে।
যিহেতু শনিবাৰৰ দিনত শিৱসাগৰত ৰাষ্ট্ৰীয় ঘাইপথত কোনো বজাৰ নবহে। প্ৰত্যক্ষদৰ্শীৰ মতে গাড়ীখন চলিত অৱস্থাত আছিল বুলি। উল্লেখযোগ্য যে সেনাবাহিনীৰ দলটো অৰুণাচলৰ লিকাবালিৰ পৰা যোৰহাটলৈ গৈ আছিল।
ইফালে এই দুৰ্ঘটনাক লৈ ঘটনাস্থালীত স্থানীয় ৰাইজে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। আৰু সেনাবাহিনীৰ কনভয়খন ঘোৰাও কৰি ৰাখে।
অৱশ্যে পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু দুৰ্ঘটনা সংঘটিত কৰা সেনাৰ গাড়ীখন শিৱসাগৰ আৰক্ষী থানালৈ লৈ যায়।
দুৰ্ঘটনাটোত মৃত্যুক আঁকোৱালি লোৱা ৰবিন্দ্ৰ সিং শিৱসাগৰ চহৰৰ এ এছ টি চি তিনিআলিৰ নিৱাসী আছিল। তেওঁ মৃত্যুৰ সময়ত পত্নীৰ লগতে দুটি কণমাণি শিশুক এৰি থৈ গৈছে বুলি জানিব পৰা গৈছে।