কাজিৰঙাত মাতৃৰ পৰা বিচ্ছেদিত এমহীয়া গঁড় পোৱালীৰ লগতে বোকাখাত উদ্ধাৰ এটা কেকো সাপ

IMG-20200420-WA0096~2

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নৱ সংযোজিত বান্দডুবি এলেকাৰ পৰা এটা এমহীয়া মাতৃহীন গঁড় পোৱালীক আজি বিয়লি উদ্ধাৰ কৰা হয়৷

আজি বিয়লি পশ্চিম বান্দৰডুবি বন শিৱিৰৰ বনকৰ্মীয়ে ৩৭ নং ৰাষ্ট্ৰীয় পথৰ সমীপত বনাঞ্চল এলেকাত এমহীয়া মতা পোৱালীটো অকলশৰীয়াকৈ বিচৰণ কৰি ফুৰা প্ৰত্যক্ষ কৰি নিৰাপত্তাৰ ব্যৱস্থা কৰে৷ অঞ্চলটোত পোৱালীটোৰ মাকৰ উপস্থিতিৰ কোনো উমান নাপাই বনকৰ্মীসকলে উৰ্ধতন কৰ্তৃপক্ষক অৱগত কৰে৷

খবৰ পায় বাগৰি বনাঞ্চলৰ বনাঞ্চলিক বিষয়া পঙ্কজ বৰা ঘটনাস্থলীত উপস্থিত হৈ পোৱালীটোৰ মাকৰ সন্ধানত অভিযান আৰম্ভ কৰে৷ সমগ্ৰ অঞ্চলত অভিযান চলায় গঁড় পোৱালীটোৰ মাকৰ কোনো সম্ভেদ নাপাই বিষয়াজনে কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰক অৱগত কৰে৷

কেন্দ্ৰ পশু চিকিৎসক ডাঃ প্রাণজিৎ বসুমতাৰীৰ নেতৃত্ব বনকৰ্মী আৰু কেন্দ্ৰৰ উদ্ধাৰকাৰী দলে ঘটনাস্থলীৰ পৰা গঁড় পোৱালীটো উদ্ধাৰ কৰি কেন্দ্ৰটোলৈ আনে৷

“এমহীয়া গঁড় পোৱালীটো দীৰ্ঘ সময় ধৰি মাকৰ পৰা আঁতৰি থকাৰ বাবে ডিহাইড্ৰেচনৰ সন্মুখীন হৈছিল৷ পোৱালীটোৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য কৰি আমি পোৱালীটোক বিশেষ যত্নৰ বাবে কেন্দ্ৰলৈ লৈ আনো।” জনায় ডাঃ প্ৰাণজিৎ বসুমতাৰীয়ে৷

সম্প্ৰতি গঁড় পোৱালীটোক কেন্দ্ৰতে প্ৰতিপালন কৰাৰ বিপৰীতে ঘটনাস্থলীত মাকৰ সন্ধানো অব্যাহত ৰাখিছে বনকৰ্মী সকলে৷ মাকৰ সন্ধান পালে পোৱালীটোক পুনৰ মাকৰ লগত দিয়া হব বুলিও জনায় ডাঃ প্ৰাণজিৎ বসুমতাৰীয়ে ৷

ইফালে বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া পৃথ্বীৰাজ ৰাজখোৱাৰ বিশেষ তত্বপৰত্তাত আজি বিয়লি খুমটাই আৰক্ষী থানা এলেকাৰ কমাৰগাঁও কচুপথাৰৰ এটা বাসগৃহৰ পৰা এটা বিৰল প্ৰজাতিৰ কেকো সাপ উদ্ধাৰ কৰে৷

কচুপথাৰৰ গণেশ গোহাঁয়ে দিয়া তথ্যৰ আধাৰতে মহকুমা আৰক্ষী বিষয়াজন নিজেই গৈ গণেশ গোহাঁইৰ বাসগৃহৰ পৰা কেকো সাপটো উদ্ধাৰ কৰি আনে৷

উদ্ধাৰৰ পাছত কেকো সাপটো কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰটোৰ হাতত অৰ্পণ কৰে আৰক্ষী বিষয়া পৃথ্বীৰাজ ৰাজখোৱাই৷

কেকো সাপৰ চোৰাং ব্যৱসায় চলি থকাৰ বাবেই সাপটো ধৰি বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰটোক সাপটোৰ পুনৰ সংস্থাপনৰ বাবে অৰ্পণ কৰা বুলি বিষয়া গৰাকীয়ে জনায়৷