NORTHEAST NOW (Assamese)

বিশ্বনাথৰ কাঠনিবাৰীত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এটা বনৰীয়া হাতীৰ

September 5, 2018 11:23 am · এন ই নাও নিউজ

বিগত কেইবা দিনো ধৰি ক্ৰমাগতভাৱে বনৰীয়া হাতীৰ মৃত্যুৰ বাতৰিয়ে ৰাজ্যৰ প্ৰকৃতিপ্ৰেমী তথা সচেতন লোকক উদ্বিগ্ন কৰি ৰখাৰ সময়তে আজি বিশ্বনাথৰ কাঠনিবাৰীত আকৌ এটা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই সকলোকে স্তম্ভিত কৰিছে।

ইতিমধ্যে বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈছে আৰু হাতীটোৰ মৃত্যুৰ কাৰণ বৈদ্যুতিক তাঁৰত লগা বুলি সন্দেহ কৰিছে।

উল্লেখ্য যে বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা খেতিপথাৰসমূহ বচাবলৈ বিশ্বনাথৰ কাঠনিবাৰী অঞ্চলৰ খেতিয়কসকলে অবৈধভাৱে বিদ্যুৎ সংযোগী তাঁৰ সংযোগ কৰিছিল। আৰু পথাৰত সংযোগ কৰা সেই বিদ্যুতৰ তাঁৰত লাগিয়ে বনৰীয়া হাতীটোৱে কৰুণ মৃত্যুক আকোৱালি ল’বলগীয়া হয়।

ইফালে হাতী-মানুহৰ সংঘাত ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰ আৰু বন বিভাগৰ উৰ্ধ্বতন কৰ্তৃপক্ষই যদিহে কোনো ধৰণৰ বিজ্ঞানসন্মত অভিলাসী আঁচনি গ্ৰহণ নকৰে তেন্তে আৰু কিমান মানুহ বা কিমান বনৰীয়া হাতীৰ মৃত্যু ঘটিব তাৰ কোনো নিশ্চয়তা নাই।

হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে তৎকালীনভাৱে আঁচনি গ্ৰহণ কৰি মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিয়াৰ লগতে বনৰীয়া হাতীৰ জীৱনৰ নিৰাপত্তাও সুনিশ্চিত কৰাৰ বাবে ৰাজ্যৰ সচেতন মহলে চৰকাৰৰ ওচৰত তীব্ৰ দাবী জনাইছে।

Related News