তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দিহিং চাহ বাগিচাৰ সন্মুখত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হোৱাক কেন্দ্ৰ কৰি আজি বিয়লি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
ক’ৰ’না মহামাৰিৰ বাবে শনি আৰু দেওবাৰে লকডাইন দিয়া আছে যদিও পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি শতাধিক ৰাইজ ৰাজপথলৈ ওলাই আহি উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰে।
ডিগবৈৰ পৰা মাৰ্ঘেৰিটা অভিমুখে AS-23Y7386 নম্বৰ এখন মাৰুতি এল্ট’ গাড়ীয়ে তীব্ৰ বেগত আহি পথেৰে খোজ কাঢ়ি গৈ থকা দিহিং চাহ বাগিচাৰ বিবাহীত দুই সন্তানৰ পিতৃ নতুন লাইন নিবাসী জিতেন বাজৰা (৩০) নামৰ ব্যক্তিজনক প্ৰচণ্ড জোৰত মহটিয়াই নিয়াৰ ফলত লোকজন থিতাতে নিহত হয়।
এই পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি স্থানীয় একাংশ উত্তেজিত লোকে গাড়ীখনৰ চালক সহ ৩ জন লোকক গুৰুলা গুৰুলকৈ মাৰধৰ কৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
চালক সহ ৩ যুৱকে ড্ৰাগছ-মদ আদি নিচাশক্ত হৈ অহাৰ ফলতে এনে শোকৱহ দুৰ্ঘটনা সংঘটিত হয় বুলি উত্তেজিত ৰাইজে দাবী কৰিছে।
ঘটনাস্থলত মাৰ্ঘেৰিটা আৰক্ষী উপস্থিত হৈ মৃতদেহ আৰু দুৰ্ঘটনা সংঘটিত কৰা বাহনসহ ব্যক্তিকেইজনক উদ্ধাৰ কৰি মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।
বৰ্তমানেও দিহিং অঞ্চলত উত্তেজনাই বিৰাজ কৰি আছে। মৃত জিতেনৰ পৰিয়ালক ক্ষতিপূৰণৰ দাবী কৰিছে চাহ জনগোষ্ঠীয় ছাত্ৰ সন্থা তথা স্থানীয় ৰাইজে।
উল্লেখ্য যে উক্ত অঞ্চলত প্ৰায়ে দুৰ্ঘটনা সংঘটিত হৈ আহিছে। ৰাজমিষ্ট্ৰি জিতেনৰ মৃত্যুত অঞ্চলটোত শোঁকৰ ছাঁ পৰিছে।