বজালীত ২৪ চকীয়া ট্ৰাকৰ খুন্দাত থিতাতে নিহত এজন, শিশুসহ গুৰুতৰভাৱে আহত মহিলা

বজালীৰ ভৱানীপুৰ ধুমাৰকুৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন ব্যক্তিয়ে থিতাতে নিজৰ প্ৰাণ হেৰুৱাৰ লগতে এগৰাকী মহিলা আৰু এটি শিশু গুৰুতৰভাৱে আহত হয়। নিহত ব্যক্তিজনক হাইলীৰ বাসিন্দা আমিৰ আলী বুলি চিনাক্ত কৰিছে। দুৰ্ঘটনাত আহতকেইজনৰ পৰিচয় বাতৰি লিখা পৰলৈকে জানিব পৰা হোৱা নাই।

ঘটনাৰ বিৱৰণি মতে দুৰ্ঘটনাত নিহত আমিৰ আলীয়ে এ এছ ১৫ ই ৬৫৫৫ নম্বৰৰ ডিস্ক’ভাৰ মটৰচাইকেলেৰে হাউলীৰ পৰা ধুমাৰকুৰলৈ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি আছিল। সেই সময়তে য়ুপি ৫৩ ইটি ৬১৮৯ নম্বৰৰ এখন তীব্ৰবেগী ২৪ চকীয়া ট্ৰাকে মটৰচাইকেলখন মহিতিয়াই নিয়ে।

ফলত আমিৰ আলীয়ে ঘটনাস্থলীতে মৃত্যুক আঁকোৱালি লোৱাৰ লগতে মটৰচাইকেল আৰোহী হিচাপে থকা মহিলাগৰাকী আৰু এটি শিশু গুৰুতৰভাৱে আহত হয়। ইফালে ঘটনাস্থলীত ভৱানীপুৰ আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত লোকসকলক পাঠাশালা চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

উল্লেখযোগ্য যে ২০০৭ চনৰ পৰাই উক্ত পথটো কুঞ্জ মোহন কনষ্ট্ৰাকচন নামৰ এটা বহিৰাগত কোম্পানীয়ে অতি লেহেমীয়া গতিত চাৰিলাইন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাম কৰি থকাৰ বাবেই এনে ধৰণৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে।