NORTHEAST NOW (Assamese)

চামগুৰিৰ আমনিত পথ দুৰ্ঘটনাত নিহত এজন লোক

December 13, 2018 9:20 pm · বিদ্যুৎ জ্যোতি বৰা
প্ৰতিনিধিত্বমূলক ফটো

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত আমনিত আজি সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হয়।

জানিব পৰা মতে আজি পুৱা প্ৰায় আঠমান বজাত আমনিৰ দৈনিক বজাৰৰ সন্মুখৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এগৰাকী লোকে ইপাৰ -সিপাৰ হোৱা সময়তে নগাঁৱৰ পৰা যোৰহাট অভিমুখী এ এছ ০৩ বি চি ১১০৯ এল্টো বাহনে মহতিয়াই পলায়ন কৰে যদিও পাছত মিছা আৰক্ষীয়ে গাড়ীখন জব্দ কৰিবলৈ সক্ষম হয়।

আনহাতে, খুন্দা মৰা লোকজন থিতাতে নিহত হোৱাৰ লগতে তেওঁৰ সোঁ ভৰিখন ছিগি মাংসবোৰ ৰাস্তাত পৰি থকা পৰিলক্ষিত হয়। পাছত ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে যদিও বৰ্তমান সময়লৈকে নিহত লোকজনক চিনাক্ত কৰিব পৰা নাই।

পৰবৰ্তী সময়ত চামগুৰি আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষা বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে ৭২ ঘন্টা পৰ্যন্ত অচিনাক্ত মৃতদেহটো মৰ্গতে ৰাখিব বুলি আৰক্ষীৰ সুত্ৰে প্ৰকাশ কৰিছে।

Related News