বিশ্বনাথ নগৰত শুকুৰবাৰে নিশা ১১ মানবজাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। নৈশ বাছৰ খুন্দাত থিতাতে নিহত হয় বিশ্বনাথ অসামৰিক চিকিৎসালয়ৰ এজন চতুৰ্থবৰ্গৰ কৰ্মচাৰী।
উল্লেখ যে নিশা ১১মান বজাত বিশ্বনাথৰ পাভৈ পথৰ পৰা দেব টেৰাং নামৰ চিকিৎসালয়ৰ চতুৰ্থবৰ্গৰ কৰ্মচাৰীজনে স্কুটি লৈ বিশ্বনাথ অসামৰিক চিকিৎসালয়লৈ নাইট ডিউটিত আহি আছিল।
এনে অবস্থাত নগৰখনৰ পুলিচ পইন্ট অতিক্ৰম কৰাৰ মুহূৰ্ততে লক্ষীমপুৰ অভিমুখৰ পৰা আহি থকা As 01 EC-3103 নম্বৰৰ নৈশ বাছখনে স্কুটি আৰোহী দেৱজিত তেৰাঙক মহতিয়াই নিয়ে।
লগে লগে স্কুটি আৰোহী দেৱজিৎ তেৰাং বাছখনৰ তলত সোমাই যায় আৰু বাছখনে স্কুটি আৰোহীজনক বচাবলৈ চেষ্টা কৰি পুলিচ পইন্টৰ চিগনেল দিয়া খুটা এটাৰ লগতে এটা বৈদ্যুতিক খুটাও ভাঙি পেলায়।
ইয়াৰ পাছতে বিশ্বনাথৰ জনপ্ৰিয় কন্ঠ শিল্পী মানস ভাগবতী, বিপ্লব পাল, পংকজ হাজৰিকা আৰু দিগন্ত হাজৰিকাই দুৰ্ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত স্কুটি আৰোহীজনক গাড়ীৰ তলৰ পৰা উদ্ধাৰ কৰি ১০৮ সেৱা মাতি বিশ্বনাথ অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰাৰ লগতে আৰক্ষীকো খবৰ দিয়ে।
পিছত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মানস ভাগবতী আৰু অন্যান্য উপস্থিত লোক সকলৰ সহায়ত দুৰ্ঘটনা সংঘটিত হোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখন আঁতৰ কৰিবলৈ সক্ষম হয়।
আনহাতে দুৰ্ঘটনাগ্ৰস্ত দেবজিৎ তেৰাঙে চিকিৎসালয় পোৱাৰ পূৰ্বেই মৃত্যুক সাৱটি লয়।