NORTHEAST NOW (Assamese)

গোলাঘাট মুৰফুলনীত বন্যহস্তীৰ সন্ত্ৰাস; গুৰুতৰভাৱে আহত এজন

June 22, 2021 2:11 pm · মীনাক্ষী ফুকন
বন্যহস্তীৰ আক্রমণত গুৰুতৰভাৱে আহত হৰেন গগৈ। ফটো: নৰ্থইষ্ট নাও।

আজি পুৱা গোলাঘাট ১ নং মুৰফুলনী গাঁৱত বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় এজন লোক। আহত ব্যক্তি গৰাকীৰ নাম হ’ল হৰেণ গগৈ।

জানিব পৰা মতে, পুৱা প্ৰায় ৭-০০ বজাত নদীত গা-ধুবলৈ যাওঁতে বনৰীয়া হাতীয়ে  আক্ৰমণ কৰে লোকজনক।

শৰীৰত বিভিন্ন অংশ বিশেষকৈ বুকু,ডিঙি ,হাত আৰু ভৰিত গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হৈছে হৰেণ গগৈ।

বনৰীয়া হাতীয়ে গচকি গছ পাতেৰে ঢাকি থৈ যোৱা অৱস্থাত উদ্ধাৰ কৰে স্থানীয় ৰাইজে।

অচেতন হৈ পৰা মানুহজনক ততাতৈয়াকৈ গোলাঘাটস্থিত শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰে।

ইফালে দিন হাজিৰা কৰি কোনোমতে জীৱন নিৰ্বাহ কৰা লোকজনৰ উন্নত চিকিৎসাৰ কাৰণে নাই মজুত ধন।

সেয়ে আঘাতপ্ৰাপ্ত হৰেণ গগৈৰ পৰিয়ালে বন বিভাগৰ পৰা বন্যহস্তীৰ আক্ৰমণৰ ক্ষতিপূৰণ দাবী কৰিছে ।

উল্লেখ্য যে ,গোলাঘাটৰ বৃহত্তৰ মুৰফুলনী অঞ্চলত দিনক দিনে বন্যহস্তীৰ সন্ত্ৰাস বৃদ্ধি পাইছে।

ৰাইজৰ অভিযোগ যে বনবিভাগৰ নিষ্ক্ৰিয় ভূমিকাই এই হাতী-মানুহৰ সংঘাত ৰোধ কৰাত সম্পূৰ্ণ বিফল হৈছে।

Related News