NORTHEAST NOW (Assamese)

গুৱাহাটীত পুনৰ এজন ক’ভিড-১৯ পজিটিভ, অসমত আক্ৰান্ত ৫৯লৈ বৃদ্ধি

May 9, 2020 12:33 am · কল্পজ্যোতি শইকীয়া
Updated: May 9, 2020 9:33 am
প্ৰতিনিধিত্বমূলক ছবি

গুৱাহাটীত শুকুৰবাৰে পুনৰ এজন ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে।

আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ৰ এজন ছাত্ৰীৰ গাত এই মাৰাত্মক ভাইৰাছবিধ ধৰা পৰিছে।

টুইটাৰ যোগে স্বাস্থ্য মন্ত্ৰীয়ে ঘোষণা কৰিছে এই কথা।

বৰ্তমানলৈকে প্ৰকাশ কৰা নাই  ছাত্ৰীগৰাকীৰ সম্পূৰ্ণ নাম ঠিকনা।

ইয়াকে লৈ অসমত আজিৰ দিনটোত ছয়জনকৈ ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে।

ছাত্ৰীগৰাকী ইতিমধ্যে কোভিড-১৯ পজিটিভ ধৰা পৰা জিএমচিএইচৰ স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ ডাঃ লিটিকেশৰ সংস্পৰ্শলৈ আহিছিল।

ছাত্ৰীগৰাকীৰ সংস্পৰ্শত থকা ৪০ গৰাকীক কোৱাৰেন্টাইন কৰা হৈছে আৰু তেওঁলোকৰ সকলোৰে স্বাস্থ্য পৰীক্ষা কৰা হ’ব।

ইতিমধ্যে চাৰিগৰাকীৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হৈছে বুলি জানিব পৰা গৈছে।

অসমত বৰ্তমানলৈকে আক্ৰান্ত হৈছে ৫৯ গৰাকী লোক। তাৰে এজন লোকে মৃত্যুক সাৱটি লোৱাৰ লগতে ৩৪ জন হাস্পাতালৰ পৰা মুক্তি পাইছে।

বৰ্তমান ২৪ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে।

স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জনাইছে এই কথা।

বৰ্তমানলৈকে ভাৰতত এই ৰোগত ১৯৮৫জন লোকৰ মৃত্যু হৈছে। ৫৯ হাজাৰতকৈ অধিক লোক আক্ৰান্ত হৈছে।

Related News