NORTHEAST NOW (Assamese)

বাক্সাৰ কুমাৰীকাটাত ভুটানী ট্ৰাকৰ খুন্দাত ছাত্ৰী নিহত; পথ অৱৰোধ প্ৰতিবাদী ছাত্র-ছাত্ৰী আৰু ৰাইজৰ

March 14, 2020 7:58 pm · দীপক কুমাৰ পাঠক
শিক্ষাৰ্থীসকলৰ পথ অৱৰোধ, ফ'টো- দীপক কুমাৰ পাঠক

বাক্সা জিলাৰ  কুমাৰীকাটাত ১২৭ নং(ডি)  ৰঙিয়া-তামুলপুৰ-ভূটান আন্তঃৰাষ্ট্ৰীয়  ঘাইপথত আজি পুৱা ৭-৪৫ মান বজাত সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা।

এই পথ দুৰ্ঘটনাত কুমাৰীকাটা ড’ন ব’স্ক’ স্কুলৰ কীৰ্তি প্ৰধান নামৰ ১১ বছৰীয়া ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী এগৰাকী নিহত হয়।

আজি পুৱা বিদ্যালয়লৈ আহি থকা অৱস্থাত বিদ্যালয়ৰ সন্মুখতে  দ্ৰুতবেগী BP 4BAO 548  নম্বৰৰ ভুটানী ট্ৰাক এখনে মহতিয়াই নিয়ে ছাত্ৰী গৰাকীক। ফলত ঘটনাস্থলীতে নিহত হয় দুৰ্ভগীয়া কণমানি ছাত্ৰী গৰাকী।

লগে লগে স্থানীয় লোক আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে।

ইপিনে  দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তাল হৈ পৰে  বাক্সাৰ কুমাৰীকাটা। ছাত্ৰ-ছাত্ৰীয়ে বন্ধ কৰি দিয়ে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ।

অঞ্চলটোৰ বহু কেইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে ঘটনা স্থলীত উপস্থিত হৈ উত্তাল কৰি তুলি ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ আৰু পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে। ছাত্র-ছাত্ৰীসকলে নিৰাপত্তা বিচাৰি শ্লোগান দি উত্তাল কৰি তোলে কুমাৰীকাটাৰ আকাশ-বতাহ।

উত্তেজিত হৈ পৰা  বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলে পথ অৱৰোধ কৰাৰ ফলত প্ৰায় তিনি ঘণ্টা ধৰি ব্যাহত হৈ পৰে ৰঙিয়া-ভূটান সংযোগী পথটোৰ যান বাহনৰ চলাচল।

উত্তেজিত ছাত্ৰ ছাত্ৰীয়ে উভতাই পঠালে ভূটানৰ এম্বুলেন্স গাড়ীও। যান-বাহন চলাচল নিয়ন্ত্ৰণ, ঘটনাস্থলীত উচ্চ পদস্ত বিষয়াৰ উপস্থিতি, আৰু কেইবাটাও দাবীৰে উত্তাল হৈ পৰে কুমাৰীকাটা।

পিছত তামুলপুৰ মহকুমাৰ মহকুমাধিপতি, উচ্চ পাদস্থ আৰক্ষী বিষয়া ঘটনাস্থলীত উপস্থিত হয় আৰু ৰাইজৰ লগত আলোচনাত মিলিত হৈ  আলোচনাৰ পিছত ছাত্র-ছাত্ৰী আৰু ৰাইজে  পথ মুকলি কৰি দিয়ে ।

Related News