• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

যদি হিমন্তই কেলেংকাৰী কৰিছিল তৰুণ গগৈ মনে মনে আছিল কিয়?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 14, 2020 7:54 pm
1gogoi himanta dada

ফাইল ফ'টো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তৰুণ গগৈৰ এসময়ৰ ব্লু আইড বয় দক্ষ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এতিয়া যেন গগৈৰ বাবে হৈ পৰিছে চকুৰ কূটা দাঁতৰ শূল। প্ৰত্যেকখন সংবাদমেলতে গগৈৰ আক্ৰমণৰ লক্ষ্য হৈ পৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

বিগত সময়ছোৱাৰ পৰা আজি পৰ্য্যন্ত গগৈয়ে সম্বোধন কৰা সংবাদমেলত স্থান পাই আহিছে লুইচ বাৰ্জাৰ আৰু সাৰদা কেলেংকাৰীৰ সৈতে মন্ত্ৰী হিমন্ত বিশ্বৰ সম্পৰ্ক। গগৈৰ পোনপটীয়া অভিযোগ যে হিমন্ত বিশ্ব এই দুই কেলেংকাৰীৰ সৈতে জড়িত।

Apply Now

স্বাভাৱিকতে গগৈয়ে একালৰ নয়নৰ মণিৰ বিৰুদ্ধে বাৰেপতি এনে অভিযোগ উত্থাপন কৰাৰ পাছত প্ৰশ্ন উত্থাপন হয় যে ‘গগৈৰ শাসনৰ কালত এনেবোৰ কেলেংকাৰী হিমন্তই সংঘটিত কৰাৰ পাছতো মুখ্যমন্ত্ৰী হিচাপে গগৈ নিমাত আছিল কিয়?’

আজি পুনৰ সেই সম্পৰ্কে উত্থাপন কৰি গগৈৰ প্ৰশ্ন ‘সাৰদা কেলেংকাৰী মই কৰিব কৈছিলো নেকি? সাৰদাত পইছা খাবলৈ মই কৈছিলো নেকি? লুইছ বাৰ্জাৰত মই পইছা খাব কৈছিলো নেকি?’

তেওঁ আৰু কয় ‘বৰঞ্চ মইহে ক’ব লাগিছিল যে ফাণ্ডৰ কাৰণে কেইটকামান আনা।’

গগৈৰ এই মন্তব্যৰ পাছতে সংবাদমেলত উপস্থিত থকা এগৰাকী সাংবাদিকৰ প্ৰশ্ন ‘গোটেই কেলেংকাৰীসমূহ আপোনাৰ দিনতে হৈছিল গতিকে আপুনিয়ে দায়িত্ব ল’ব লাগিব। আপুনি কিয় মনে মনে আছিল?’

উত্তৰত গগৈয়ে বিজেপিলৈ দোষ থেলি কয় ‘অ মোৰ দিনতে হৈছিল, মইটো নাই হোৱা বুলি কোৱা নাই। বিজেপিয়ে তদন্ত নকৰে কিয়? তদন্ত কৰিবলৈ ভয় কৰি আছে কেলৈ?’

পুনৰ সাংবাদিকগৰাকীৰ প্ৰশ্ন ‘আপুনি সেই সময়ত কিয় ব্যৱস্থা গ্ৰহণ নকৰিলে, মুখ্যমন্ত্ৰী হিচাপে কিয় দায়িত্ব নল’লে?’

‘দায়িত্বত মই আছিলো, কিন্তু এতিয়া বিজেপিয়ে ব্যৱস্থা গ্ৰহণ নকৰিলে কিয়? মই নাই লোৱা বেলেগ কথা। কমপ্লেইন অহাহেঁতেন ল’লোহেঁতেন। কমপ্লেইন বিজেপিয়ে আনিছিল, যদি মোৰ কাৰণে হৈছিল ধৰা। এতিয়ালৈকে তেওঁলোকে এজনো মন্ত্ৰীক ধৰিব পৰা নাই কিয়?’ পুনৰ নিজৰ স্থিতিতে থাকি বিজেপিলৈ দোষ থেলে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।

উক্ত সংবাদমেলতে স্বভাৱসূলভ ভাৱে একালৰ নয়নৰ মণি হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি কয় ‘তেওঁ মোক নুসুধি আলফাকো ধন দিছিল। ক’ত কেতিয়া যায় ধৰিবলৈ বৰ টান। হিমন্ত সময় মতে ছালফাও হ’ব, আলফাও হ’ব। কংগ্ৰেছৰ আদৰ্শ এতিয়া বেলেগ হ’ল। জাপ মাৰি দিলে বিজেপিলৈ।’

ইপিনে, হিমন্তই কংগ্ৰেছত থাকোতে গগৈৰ গুণ গান গাই এতিয়া মোদী অমিত শ্বাহৰ গুণ-গান গাবলৈ আৰম্ভ কৰা বুলিও গগৈয়ে কয়।

‘এসময়ত তৰুণ গগৈৰ জয়গান, এতিয়া মোদী শ্বাহ আৰু সৰ্বানন্দৰ জয়গান। মোক যেনেকৈ লেং মাৰিলে, সৰ্বানন্দকো লেং মাৰিবলৈ বেছি দিন নাই। সৰ্বানন্দৰ যিমানে গুণ গাব, সিমানে সৰ্বানন্দ সাৱধান হৈ থকাটো ভাল।’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উদ্বিগ্ন পুটিন! ইউক্ৰেইনৰ ৰবট বাহিনীৰ তাণ্ডৱ; নিহত ৩ হাজাৰ ৰাছিয়ান সৈনিক

উদ্বিগ্ন পুটিন! ইউক্ৰেইনৰ ৰবট বাহিনীৰ তাণ্ডৱ; নিহত ৩ হাজাৰ ৰাছিয়ান সৈনিক

September 29, 2026 9:30 am
যুদ্ধ নহয়, কূটনীতিৰে বিবাদ নিষ্পত্তিৰ আহ্বান! ৰাষ্ট্ৰসংঘৰ মজিয়াত সৰৱ সংযুক্ত আৰৱ আমিৰশ্বাহী

যুদ্ধ নহয়, কূটনীতিৰে বিবাদ নিষ্পত্তিৰ আহ্বান! ৰাষ্ট্ৰসংঘৰ মজিয়াত সৰৱ সংযুক্ত আৰৱ আমিৰশ্বাহী

September 29, 2026 8:27 am
এইবাৰ জ্ঞানেশ কুমাৰৰ ‘বছ’ৰ পদত্যাগ দাবী কৰক; ককৰোচ জনতা পাৰ্টিলৈ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

এইবাৰ জ্ঞানেশ কুমাৰৰ ‘বছ’ৰ পদত্যাগ দাবী কৰক; ককৰোচ জনতা পাৰ্টিলৈ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

September 29, 2026 7:58 am
৪২ বছৰৰ অন্তত ভংগ পি টি উষাৰ অভিলেখ! এছিয়ান গেমছত ইতিহাস ৰচি ব্ৰঞ্জৰ পদক জয় বিদ্যা ৰামৰাজৰ

৪২ বছৰৰ অন্তত ভংগ পি টি উষাৰ অভিলেখ! এছিয়ান গেমছত ইতিহাস ৰচি ব্ৰঞ্জৰ পদক জয় বিদ্যা ৰামৰাজৰ

September 29, 2026 7:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উদ্বিগ্ন পুটিন! ইউক্ৰেইনৰ ৰবট বাহিনীৰ তাণ্ডৱ; নিহত ৩ হাজাৰ ৰাছিয়ান সৈনিক

উদ্বিগ্ন পুটিন! ইউক্ৰেইনৰ ৰবট বাহিনীৰ তাণ্ডৱ; নিহত ৩ হাজাৰ ৰাছিয়ান সৈনিক

September 29, 2026 9:30 am
যুদ্ধ নহয়, কূটনীতিৰে বিবাদ নিষ্পত্তিৰ আহ্বান! ৰাষ্ট্ৰসংঘৰ মজিয়াত সৰৱ সংযুক্ত আৰৱ আমিৰশ্বাহী

যুদ্ধ নহয়, কূটনীতিৰে বিবাদ নিষ্পত্তিৰ আহ্বান! ৰাষ্ট্ৰসংঘৰ মজিয়াত সৰৱ সংযুক্ত আৰৱ আমিৰশ্বাহী

September 29, 2026 8:27 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd