• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মণিপুৰত পুনৰ ভূমিস্খলন: মহিলাসহ দুগৰাকীৰ মৃত্যু, দহ জন আহত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 9, 2022 8:46 am
Landslide in Manipur
130
VIEWS
Share on FacebookShare on Twitter

ননিৰ ভয়াৱহ ভূমিস্খলনৰ আতং মাৰ নাযাওঁতেই শুকুৰবাৰে পুনৰ মণিপুৰত সংঘটিত হৈছে আন এক ভূমিস্খলন। ৰাজ্যখনৰ চুৰাচান্দপুৰ জিলাত হোৱা ভূমিস্খলনত এগৰাকী মহিলাসহ দুজন লোক নিহত হোৱাৰ উপৰিও ১০ জন লোক আহত হয়।

চুৰাচান্দপুৰৰ এজন জিলা বিষয়াই জনোৱা অনুসৰি ভূমিস্খলনৰ ফলত ১২ জন লোকক কঢ়িয়াই নিয়া এখন যাত্ৰীবাহী বাহনত থকা এগৰাকী ৪৯ বছৰীয়া মহিলাৰ থিতাতে মৃত্যু হয় আৰু আন ১০ জন গুৰুতৰভাৱে আহত হয়।

আহতসকলৰ ভিতৰত পাঁচগৰাকী মহিলা আছিল বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। আহতসকলক তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসাধীন অৱস্থাতে আন এগৰাকী লোকৰ মৃত্যু হয় বুলি তেওঁ লগতে উল্লেখ কৰে।

জিলা কাৰ্যালয়ৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ দূৰত অৱস্থিত ছাণ্টিং আৰু চাইহুয়ান গাঁৱৰ মাজত ১৫০ নং ৰাষ্ট্ৰীয় ঘাইপথৰ টিপাইমুখ পথৰ ওচৰত এই দুৰ্ঘটনাটো সংঘটিত হৈছিল।

ইফালে শুকুৰবাৰে পুনৰ এটা মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত ননি ভূমিস্খলনত মৃত্যুৰ সংখ্যা ৪৯ লৈ বৃদ্ধি পাইছে।ননি জিলাৰ বিষয়াসকলে জনোৱা অনুসৰি ৩০ জুনত হোৱা বিধ্বংসী টুপুল ভূমিস্খলনৰ পিছত টেৰিটৰিয়েল আৰ্মীৰ জোৱানসহ ১২ জন লোকএতিয়াও হিচাপ বিহীন হৈ আছে।

টেৰিটৰিয়েল আৰ্মীৰ ৩২ জন সৈনিকৰ লগতে স্থানীয় লোক আৰু ৰেলপথকৰ্মীসহ ৪৯ টা মৃতদেহ বৰ্তমানলৈকে উদ্ধাৰ কৰা হৈছে। প্ৰতিকূল বতৰকো নেওচি নিখোজ লোকসকলৰ সন্ধানৰ বাবে অভিযান অব্যাহত আছে।

ইয়াৰ উপৰিও স্থানীয় বিষয়াসকলৰ মতে, টুপুল আৰু ননি জিলা সদৰৰ মাজত যোৱা চাৰি দিনধৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শিল পৰি থকাৰ ফলত ৰাজপথেৰে ভ্ৰমণ কৰা লোকসকলৰ জীৱন বিপদাপন্ন হৈছে।

এজন জিলা বিষয়াই জনোৱা অনুসৰি জৰুৰীকালীন সামগ্ৰী পৰিবহন কৰা সকলক বাদ দি টুপুল আৰু নামদুয়াঞ্জং গাওঁসমূহৰ মাজৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সকলো বাহনৰ চলাচল উপায়ুক্তই বন্ধ কৰি দিছে।

Recent News

ঋণ লৈ এটা ৰবটেও ৰাজ্য চলাব পাৰিব, তাৰ বাবে নিৰ্বাচিত প্ৰতিনিধিৰ দৰকাৰ নাই : ৰকিবুল হুচেইন

ঋণ লৈ এটা ৰবটেও ৰাজ্য চলাব পাৰিব, তাৰ বাবে নিৰ্বাচিত প্ৰতিনিধিৰ দৰকাৰ নাই : ৰকিবুল হুচেইন

অসমৰ তিনি যুৱকৰ দুঃসাহসিক অভিযান! শিৱসাগৰৰ শিৱদৌলৰ পৰা কেদাৰনাথলৈ চাইকেল যাত্ৰা

অসমৰ তিনি যুৱকৰ দুঃসাহসিক অভিযান! শিৱসাগৰৰ শিৱদৌলৰ পৰা কেদাৰনাথলৈ চাইকেল যাত্ৰা

গুৱাহাটীৰ অপৰিকল্পিত নগৰ উন্নয়ন সন্দৰ্ভত নাগৰিকৰ উদ্বেগ প্রকাশ

গুৱাহাটীৰ অপৰিকল্পিত নগৰ উন্নয়ন সন্দৰ্ভত নাগৰিকৰ উদ্বেগ প্রকাশ

ৰে’লৰ টিকটত অপাৰেচন সিন্দুৰৰ প্ৰচাৰ: বিজেপিয়ে যুদ্ধক ৰাজনৈতিক সুযোগ হিচাপে গ্ৰহণ কৰাৰ অভিযোগ বিৰোধীৰ

ৰে’লৰ টিকটত অপাৰেচন সিন্দুৰৰ প্ৰচাৰ: বিজেপিয়ে যুদ্ধক ৰাজনৈতিক সুযোগ হিচাপে গ্ৰহণ কৰাৰ অভিযোগ বিৰোধীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd