NORTHEAST NOW (Assamese)

আলফা-স্বাঃক ‘সমৰ্থন কৰা’ বক্তব্যৰ বাবে অ’ এন জি চিত কৰ্মৰত যুৱকক শিৱসাগৰত গ্ৰেপ্তাৰ

June 28, 2019 8:38 pm · এন ই নাও নিউজ
Updated: June 28, 2019 8:48 pm
জ্ঞানদীপ গগৈ। ছবি সৌজন্য-- ফে’চবুক।

পৰেশ বৰুৱা নেতৃত্বাধীন আলফা (স্বাধীন)ৰ সমৰ্থনত চ’চিয়েল মিডিয়াত বক্তব্য ৰখাৰ অভিযোগত শিৱসাগৰ আৰক্ষীয়ে অ’ এন জি চিৰ এজন কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীয়ে সদৰী কৰা মতে, অ’ এন জি চিৰ কনিষ্ঠ প্ৰশাসনিক সহায়ক জ্ঞানদীপ গগৈক নিষিদ্ধ আলফা (স্বাঃ)ৰ সমৰ্থনত তেওঁ কৰা ফে’চবুক প’ষ্টৰ বাবে শিৱসাগৰৰ নাজিৰাৰ পৰা বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা হৈছে।

“ই এটা ৰাষ্ট্ৰীয় নিৰাপত্তাজনিত বিষয়। আমি আলফা (স্বাঃ)ৰ সদস্যভৰ্তি প্ৰক্ৰিয়াটোও তদন্ত কৰি আছো। তেওঁ বৰ্তমান আৰক্ষীৰ জিম্মাত আছে আৰু ভাৰতীয় দণ্ড বিধিৰ ১২১এ’ আৰু বেআইনী কাৰ্য্যকলাপ (প্ৰতিৰোধ) আইনৰ ১৩ আৰু ১৮ ধাৰাৰ অধীনত তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে,” শিৱসাগৰৰ উপ আৰক্ষী অধীক্ষক বলীন দেউৰীৰ এই উদ্ধৃতি News18ৰ।

দেউৰীয়ে লগতে জনাই যে সংগঠনটোৰ বিপ্লৱী ধাৰণাসমূহৰ সমৰ্থনত আক্ৰমণাত্মক প’ষ্ট চেয়াৰ কৰাসকলক কব্জা কৰাৰ বাবে আৰক্ষীয়ে ফে’চবুককে ধৰি চ’চিয়েল নেটৱৰ্কিং চাইটসমূহ নিৰীক্ষণ কৰি আছে।

Related News