তিনিদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰত অ’এনজিচিয়ে আয়োজন কৰিব বসন্ত উৎসৱ; হুঁচৰি,বৰ বিহুৱতী, জেংবিহুত ৯ লাখ টকাৰ পুৰস্কাৰ ধাৰ্য

ফটো: নৰ্থইষ্ট নাও।

বিগত বৰ্ষৰ দৰে এই বৰ্ষতো শিৱসাগৰত অ’এনজিচি অসম সম্পদৰ সৌজন্যত আৰু শ্ৰমিক কৰ্মচাৰী তথা বিষয়াবৰ্গৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে বসন্ত উৎসৱ-২০২২ উদযাপন কৰাৰ প্ৰস্তুতি চলাইছে। সেই অনুসৰি ২২, ২৩ আৰু ২৪ এপ্ৰিলত অ’এনজিচিৰ শিৱসাগৰ আৱাসিক এলেকাত থকা কেন্দ্ৰীয় বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব বসন্ত উৎসৱ। 

সোমবাৰে এক সংবাদমেল যোগে এই কথা জানিবলৈ দিয়ে অ’এনজিচিৰ বসন্ত উৎসৱ উদযাপন সমিতিৰ সাধাৰণ সম্পাদক সঞ্জীৱ গগৈয়ে। 

তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া উক্ত বসন্ত উৎসৱৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিত হুঁচৰি প্ৰতিযোগিতা, বৰ বিহুৱতী প্ৰতিযোগিতা, জেং বিহু প্ৰতিযোগিতাকে ধৰি বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

লগতে পঢ়ক: বিনামূলীয়া নহয়, মাত্ৰ ২৫ টকাত ‘গৰু’: চলচ্চিত্ৰপ্ৰেমী দৰ্শকলৈ সুযোগ হিমাংশু প্ৰসাদ দাসৰ

প্ৰতিযোগিতাত মুঠ ৯ লাখ টকাৰ পুৰস্কাৰ (প্ৰাইজমানি) ধাৰ্য কৰা হৈছে বুলি জানিবলৈ দিয়ে উদযাপন সমিতিয়ে। হুঁচৰি প্ৰতিযোগিতাত প্ৰথম পুৰষ্কাৰ ২ লাখ ৫০ হাজাৰ, দ্বিতীয় পুৰষ্কাৰ ১ লাখ ৫০ হাজাৰ আৰু তৃতীয় পুৰষ্কাৰ ১ লাখ টকা প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে। 

ইপিনে, অ’এনজিচিয়ে আয়োজন কৰা বসন্ত উৎসৱৰ লগত সংগতি ৰাখি ১ এপ্ৰিল আৰু ৩ এপ্ৰিলৰ পৰা পৃথকে পৃথকে নাজিৰা আৰু শিৱসাগৰ অ’এনজিচি ক’লনিত দুখনকৈ বিহু কৰ্মশালাৰ আয়োজন কৰা হৈছে।

এই বৰ্ষত অ’এনজিচিয়ে আয়োজন কৰা বসন্ত উৎসৱৰ সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীত অসমৰ জনপ্ৰিয় সংগীত শিল্পী জুবিন গাৰ্গৰ লগতে কণ্ঠশিল্পী দীপলিনা ডেকাই অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে উদযাপন সমিতিয়ে। 

লগতে পঢ়ক: বিষ প্ৰয়োগৰ বলি ফুটবল ক্লাৱ চেলচিৰ স্বত্ত্বাধিকাৰ, ৰাছিয়ান ধনকুবেৰ ৰোমান আব্ৰামোভিচ

বসন্ত উৎসৱৰ লগত সংগতি ৰাখি ব্ৰজেন ফুকনৰ মুখ্য সম্পাদনাত এনাজৰী নামৰ এখনি স্মৃতিগ্ৰন্থ প্ৰকাশ কৰি উলিওৱা হ’ব। 

শিৱসাগৰ অ’এনজিচি ক’লনিত অনুষ্ঠিত হ’বলগীয়া উক্ত বসন্ত উৎসৱত সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে উদযাপন সমিতিয়ে।