ফুটুকাৰ ফেন! সংসদত মহিলা সংৰক্ষণৰ সপক্ষে সকলো দল; প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মহিলা প্ৰাৰ্থী মাত্ৰ ৮ শতাংশ

প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

সংসদে লোকসভা আৰু বিধান সভাৰ আসনৰ সংখ্যাৰ ৩৩ শতাংশ মহিলাৰ বাবে সংৰক্ষিত কৰি আইন প্ৰণয়ন কৰিছে। কিন্তু হিচাপ-নিকাচৰ ক্ষেত্ৰত ইয়াক কাৰ্যকৰী কৰা হোৱা নাই। সাত মাহ পূৰ্বে সংসদত মহিলা সংৰক্ষণৰ সপক্ষে সকলো দলে মাত মাতিছিল যদিও লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকাত সেই দাবীৰ কোনো লক্ষণ পৰিলক্ষিত হোৱা নাই।

১৯ এপ্ৰিলত আৰম্ভ হ’ব সাতটা পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰথমটো পৰ্যায়। সেইদিনা ২১খন ৰাজ্যৰ ৭২টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ইয়াত ১৬২৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইয়াৰে মাত্ৰ ১৩৪ গৰাকী মহিলা। সেয়া হ’ল মুঠ প্ৰাৰ্থীৰ আঠ শতাংশ।

লগতে পঢ়কঃ হৰিদ্বাৰত এনকাউণ্টাৰত নিহত বাবা তাৰচেম সিং হত্যাৰ মূল অভিযুক্ত অমৰজিৎ সিং ওৰফে বিট্টু

উল্লেখ্য যে ২০১৯ চনত এই হাৰ আছিল ৯ শতাংশ। দেশত ৭ টা পৰ্যায়ৰ লোকসভা নিৰ্বাচন। কেৱল তৃণমূল কংগ্ৰেছেহে সেইবাৰ দৃষ্টান্ত দাঙি ধৰিছিল। তেওঁলোকৰ ৪১ শতাংশ প্ৰাৰ্থী আছিল মহিলা। এইবাৰ সেই দলতো মহিলা প্ৰাৰ্থীৰ সংখ্যা হ্ৰাস পাইছে।

আন্দামান-নিকোবৰ আৰু মিজোৰামত এইবাৰ সৰ্বাধিক মহিলা প্ৰাৰ্থী। তাত প্ৰায় ১৬ শতাংশ মহিলা প্ৰাৰ্থী। পাঁচখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত নাই এগৰাকীও মহিলা প্ৰাৰ্থী। সেইকেইখন হ’ল ত্ৰিপুৰা, জম্মু-কাশ্মীৰ, ছত্তীশগড়, লাক্ষ্মদ্বীপ আৰু মণিপুৰ।

লগতে পঢ়কঃ দেশৰ সকলো সমস্যাৰ মূলতে কংগ্ৰেছ! কেৱল কংগ্ৰেছ ভৎৰ্সনাৰেই নিৰ্বাচনী যুঁজলৈ সাজু মোদী

প্ৰায় চাৰে তিনি দশকৰ প্ৰচেষ্টাৰ অন্তত সংসদত গৃহীত হৈছে মহিলা সংৰক্ষণ বিধেয়ক। অৱশ্যে সংৰক্ষণ কাৰ্যকৰী হ’ব বুলি এতিয়াও স্পষ্ট কৰা নাই চৰকাৰে। অৱশ্যে ২০২৪ চনৰ নিৰ্বাচনত মহিলাৰ বাবে আসন সংৰক্ষণৰ বাবে বিজেপিৰ বাহিৰে সকলো দলেই সন্মতি প্ৰকাশ কৰিছে। কিন্তু দেখা যায় যে কাৰ্যক্ষেত্ৰত এটা বা দুটা সৰু দলৰ বাহিৰে বাকী কোনোৱেই এক তৃতীয়াংশ মহিলাকতো দূৰৰে কথা, আনকি দহ শতাংশ সংৰক্ষণৰ প্ৰতিও আগ্ৰহী নহয়।