• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰ নগৰত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ মুকলি বিহু

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
April 18, 2019 7:10 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ চহৰৰ মাজমজিয়াৰ দ’লমুখ চাৰিআলিত থকা ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত বুধবাৰে সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই মুকলি বিহু উদযাপন কৰে।

মুকলি বিহুখন আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে বিশিষ্ট সাংবাদিক এনামুদ্দিন আহমেদে। উদ্ধোধনী ভাষণত আহমেদে কয় যে বিহুৰ আনন্দৰ লগত সমান্তৰালকৈ কৰ্ম সংস্কৃতিৰ দিশটো জড়িত হৈ থাকে। কিন্তু শেহতীয়াকৈ বিহুৰ লগত একাত্ম হৈ থকা বস্ত্ৰ, বাদ্যযন্ত্ৰ, খাদ্য সামগ্ৰীকে ধৰি আন আন সামগ্ৰীসমূহ বহিঃৰাজ্যৰ পৰা আমদানি কৰাৰ কথা দোহাৰি তেওঁ কৰ্ম সংস্কৃতিক প্ৰাধান্য দিয়াৰ আহ্বান জনায়।

Apply Now

তেওঁ আৰু কয়, ‘কিছুদিন পূৰ্বে একাংশ চৰকাৰী বিষয়াই পৰমপৰাগত সাজ-পাৰ পৰিধান কৰি প্ৰতিমাহৰ তৃতীয়টো শনিবাৰে কাৰ্যালয়ত উপস্থিত থাকিবলৈ চৰকাৰে নিৰ্দেশ দিছিল। সেইমৰ্মে চৰকাৰী বিষয়া কৰ্মচাৰী সকলে বহিঃৰাজ্যৰ পৰা অহা দামী বস্ত্ৰ পৰিধান কৰি চেল্ফি মাৰি ফেচবুকত আপডেট দিছিল। কিন্তু এটা মাহৰ পিছতেই এই পৰম্পৰা লুপ্ত পালে।’ এনে সস্তিয়া জনপ্ৰিয়তা অৰ্জনৰ পৰিবৰ্তে চৰকাৰী  বিষয়াসকলক থলুৱাভাৱে উৎপাদিত বস্ত্ৰ ক্ৰয় কৰি থলুৱা শিল্পীসকলক আৰ্থিকভাৱে সহায় কৰাৰ তেওঁ আহ্বান জনায়।

সংগঠনটোৰ সাধাৰণ সম্পাদক মৃদুল দাসে আঁত ধৰা উদ্ধোধনী অনুষ্ঠানত সভাপতি পৰশজ্যোতি দাসে কয় যে পূৰ্বে সংগঠনটোৱে শিৱসাগৰৰ বিভিন্ন গ্ৰাম্যাঞ্চলত মুকলি বিহু উদযাপন কৰি আহিছে যদিও আগন্তুক সময়ত ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্ত্তিৰ সন্মুখতেই এই বিহু পতা হ’ব।

মুকলি বিহুৰ আৰম্ভনিতে জাঁজী পৰীয়া হুঁচৰি দলে হুঁচৰি পৰিৱেশন কৰাৰ লগতে এই দলটোৱে মিচিং, বড়ো, তিৱা, কছাৰীকে ধৰি অসমৰ বহুকেইটা জনগোষ্ঠীৰ পৰমপৰাগত বিহু নৃত্য পৰিৱেশন কৰি ৰাইজক আপ্লুত কৰে। ইয়াৰ পিছতেই মেজেঙা হুঁচৰি দলে হুঁচৰি আৰু কণমানি শিল্পী কৌশিক কমল দাসে গীত পৰিৱেশন কৰে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

Stay Connected

  • 117k Fans

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

June 29, 2026 9:31 pm
‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

June 29, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd