• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পঞ্জাৱ কংগ্ৰেছৰ নতুন সমীকৰণ! আজি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব নৱজোৎ সিং সিদ্ধুৱে

এন ই নাও নিউজ by এন ই নাও নিউজ
September 30, 2021 2:07 pm
Navjot Sidhu to meet Punjab CM today
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পঞ্জাৱ কংগ্ৰেছৰ মুৰব্বীপদ ত্যাগ কৰাৰ দুদিন পিছত নৱজ্যোত সিং সিদ্ধুৱে বৃহস্পতিবাৰে আবেলি চণ্ডিগড়ৰ পঞ্জাৱ ভৱনত মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীক “আলোচনাৰ বাবে” সাক্ষাৎ কৰিব।

সিদ্ধুৱে কয় যে তেওঁ “যিকোনো আলোচনা”ৰ বাবে সাজু হৈ আছে।

“মুখ্যমন্ত্ৰীয়ে মোক আলোচনাৰ বাবে আমন্ত্ৰণ জনাইছে… আজি আবেলি ৩:০০ বজাত চণ্ডিগড়ৰ পঞ্জাৱ ভৱনত উপস্থিত হৈ আলোচনাত মিলিত হ’ব, যিকোনো আলোচনাৰ বাবে তেওঁক স্বাগতম জনোৱা হৈছে।” সিদ্ধুৱে টুইটাৰত লিখিছে।

সিদ্ধুৰ পদত্যাগে পঞ্জাৱ কংগ্ৰেছ দলৰ আভ্যন্তৰত নতুন সংকটৰ সৃষ্টি কৰিছিল। মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীয়ে বুধবাৰে কৈছিল যে তেওঁ সিদ্ধুক আলোচনাৰ বাবে আমন্ত্ৰণ জনাইছে।

Apply Now

চন্নীয়ে কয়, “দলৰ সভাপতি পৰিয়ালটোৰ মুৰব্বী। মুৰব্বীয়ে পৰিয়ালৰ ভিতৰত বিষয়বোৰ আলোচনা কৰা উচিত। মই আজি সিদ্ধুৰ সৈতে কথা পাতিছো আৰু তেওঁক আলোচনাৰ বাবে আমন্ত্ৰণ জনাইছো। মই তেওঁক কৈছো যে দলৰ আদৰ্শ সৰ্বোচ্চ আৰু এখন চৰকাৰে সেই আদৰ্শ অনুসৰণ কৰে।যদি তেওঁৰ কোনো সমস্যা থাকে, আমি সেইবোৰ কথা আলোচনা কৰিব পাৰোঁ।”

বুধবাৰে সিদ্ধুৱে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল য’ত তেওঁ কৈছিল যে তেওঁ তেওঁৰ নৈতিকতাৰ সৈতে আপোচ কৰিবলৈ ইচ্ছুক নহয়। ইয়াৰ লগতে তেওঁ পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল ।

“সমস্যাৰ সৈতে আপোচ কৰা কাৰ্যক মই সমৰ্থন জনাব নোৱাৰোঁ । মই মোৰ গুৰুৰ বাবে-ন্যায়ৰ বাবে যুঁজ দিয়াৰ প্ৰতিশ্ৰুতি দিছিলো।” গুৰু গ্ৰন্থ চাহিবৰ কথা উল্লেখ কৰি তেওঁ কয়।

লগতে সিদ্ধুৱে মন্তব্য কৰে, “মই হাইকমাণ্ডক বিপথে পৰিচালিত নকৰোঁ বা হাইকমাণ্ডক বিপথে পৰিচালিত হ’বলৈ দিব নোৱাৰো। মই মোৰ গুৰুৰ ওচৰত ন্যায়ৰ বাবে যুঁজ দিয়াটো উপযুক্ত পথ হিচাপে বিবেচনা কৰোঁ। মই যিকোনো পদ ত্যাগ কৰিবলৈ সক্ষম।”

মন্ত্ৰীসকলক দপ্তৰ আৱণ্টন কৰাৰ কিছু মুহূৰ্তৰ পিছত সিদ্ধুৱে মঙলবাৰে শীৰ্ষ পদৰ পৰা পদত্যাগ কৰে।

উপ মুখ্যমন্ত্ৰী সুখজিন্দৰ সিং ৰন্ধাৱাক দিয়া গৃহ বিভাগৰ দপ্তৰৰ বাবে তেওঁ অসন্তুষ্ট হোৱা বুলি জানিব পৰা গৈছে। তেওঁ ইয়াৰ বিৰোধিতা কৰি আহিছিল।

পৰম্পৰা অনুসৰি গৃহ বিভাগৰ দায়িত্ব মুখ্যমন্ত্ৰীৰ হাতত থাকিব লাগে বুলি সিদ্ধুৱে মন্তব্য কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd