• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ৰাজস্থান কংগ্ৰেছত উলম্ব বিভাজন: নিশাৰ ভিতৰতে পদত্যাগ কৰিলে ৮২ কংগ্ৰেছ বিধায়কে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 26, 2022 10:49 am
Rajasthan Congress crisis
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰমাৎ আভ্যন্তৰীণ ৰাজনৈতিক সংকটত জুৰুলা হৈ পৰিছে ৰাজস্থানৰ শাসকীয় কংগ্ৰেছ দল। দেশজুৰি দলটোৱে হেৰুওৱা সমৰ্থন পুনৰুদ্ধাৰৰ বাবে দলৰ শীৰ্ষ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত ‘ভাৰত জোড়ো যাত্ৰা’ত ব্যস্ত হোৱাৰ সময়তে ৰাজস্থান কংগ্ৰেছত সৃষ্টি হৈছে খহনীয়াৰ। মূলত: জেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী অশোক গেহলট আৰু দলৰ আন এগৰাকী জনপ্ৰিয় নেতা শচীন পাইলটৰ মাজত থকা সংঘাতৰ বাবেই এই সংকটে গা কৰি উঠিছে।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অশোক গেহলট দলৰ সভাপতিৰ নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ সাজু হোৱাৰ প্ৰাক্ মুহূৰ্তত ৰাজ্যিক গোটত দেখা দিয়া অস্থিৰতাক প্ৰকাশ্যে উদঙাই দি দলৰ ৮০ গৰাকীতকৈও অধিক বিধায়কে যোৱা নিশা এক নাটকীয় পট পৰিৱৰ্তনৰ ইঙ্গিত প্ৰদান কৰি বিধানসভাৰ অধ্যক্ষ চি পি যোশীৰ বাসগৃহত উপস্থিত হৈ পদত্যাগ পত্ৰ দাখিল কৰিছে।

Apply Now

ইয়াৰ পিছতে পদত্যাগ কৰা সকলো বিধায়ক অধ্যক্ষৰ ঘৰৰ পৰা মুখ্যমন্ত্ৰী অশোক গেহলটৰ চৰকাৰী বাসগৃহত উপস্থিত হয় বুলি জানিব পৰা গৈছে। উল্লেখ্য যে গেহলটে দলৰ কেন্দ্ৰীয় সভাপতিৰ পদত প্ৰতিদ্বন্দিতা আগবঢ়োৱাটো নিশ্চিত হৈ পৰাৰ পিছতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ পদত কোন অধিষ্ঠিত হ’ব, তাকে লৈ আভ্যন্তৰীণ কন্দলত সোমাই পৰিছে ৰাজস্থান কংগ্ৰেছ।

গেহলটৰ উত্তৰাধিকাৰী হিচাপে শচীন পাইলট মুখ্যমন্ত্ৰী সিচাপে নিযুক্ত হ’ব বুলি চৰ্চা চলিছিল যদিও হঠাতে নাটকীয় পট পৰিৱৰ্তন ঘটাই গেহলট গোটৰ বিধায়কসকলে পাইলটৰ বিৰুদ্ধাচাৰণ কৰি কালি সন্ধিয়া কেবিনেট মন্ত্ৰী শান্তি ধাৰিৱালৰ বাসগৃহত উপস্থিত হৈ এক বিশেষ প্ৰস্তাৱ আগবঢ়ায়।

প্ৰকাশিত খবৰ অনুসৰি যদি অশোক গেহলট আগন্তুক নিৰ্বাচনত কংগ্ৰেছৰ সভাপতি হিচাপে নিৰ্বাচিত হয়, তেতিয়া গেহলটৰ স্থানত ধাৰিৱালক পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। গেহলটৰ পক্ষত থকা বিধায়কসকলে মুখ্যমন্ত্ৰী হিচাপে পাইলট বিৰোধী স্থিতি গ্ৰহণ কৰিয়ে এই সিদ্ধান্ত লৈছে।

গেহলট গোটৰ সদস্যসকলে মূলত: ২০২০ চনত পাইলটে গেহলটৰ বিৰুদ্ধে মুকলি বিদ্ৰোহৰ সূচনা কৰাৰ সময়ত চৰকাৰলৈ সমৰ্থন আগবঢ়োৱা এগৰাকী নেতাক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিব বিচাৰিছে। ইফালে অশোক গেহলটে নিজাকৈ চি পি যোশীৰ নাম মুখ্যমন্ত্ৰীৰ বাবে বিবেচনা কৰা বুলিও চৰ্চা আৰম্ভ হৈছে।

আনহাতে এই আভ্যন্তৰীণ দুৰ্যোগক নিয়ন্ত্ৰণৰ উদ্দেশ্যে দলৰ জ্যেষ্ঠ নেতা তথা সাংসদ কেচি বেণুগোপালে মল্লিকাৰ্জুন খাৰ্গেৰ আলোচনাত মিলিত হৈ ৰাজস্থান কংগ্ৰেছ গোটৰ ভাৰপ্ৰাপ্ত অজয় মাকেন আৰু অশোক গেহলটৰ সৈতেও আলোচনা চলায় বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে।

ইফালে, ৰাজ্যখনত কংগ্ৰেছৰ সৈতে মিত্ৰজোঁটত বান্ধ খাই থকা ৰাষ্ট্ৰীয় লোক দলে কংগ্ৰেছৰ এই আভ্যন্তৰীণ বিষয়ত মন্তব্য কৰাৰ পৰা আঁতৰি আছে। মুখ্যমন্ত্ৰী হিচাপে অশোক গেহলটৰ উত্তৰাধিকাৰী কোন হ’ব সেয়া কংগ্ৰেছে সিদ্ধান্ত ল’ব লাগিব বুলি দলটোৰ নেতা জয়ন্ত সিঙে মন্তব্য কৰিছে।

কংগ্ৰেছৰ এই দলীয় কন্দলৰ মাজতে সুযোগ গ্ৰহণৰ বাবে উঠিপৰি লাগিছে ৰাজ্যখনৰ প্ৰধান বিৰোধী বিজেপি। দলৰ কেইবাগৰাকীও নেতাই টুইট যোগে ৰাজ্যখনত বিজেপিৰ আগন্তুক সম্ভাৱনীয়তাক লৈ আশা প্ৰকাশ কৰি অহা বছৰ হ’বলগীয়া নিৰ্বাচনত দলৰ জয়ৰ ভৱিষ্যতবাণী কৰিছে।

ইফালে বৰ্তমান দেশৰ ৰাজনীতিত কংগ্ৰেছৰ বেকফুটলৈ ঠেলি ক্ৰমশ: প্ৰধান বিৰোধী হিচাপে উত্থান ঘটোৱা আম আদমী পাৰ্টিয়েও এই বিপৰ্যয়ৰ সময়তে কংগ্ৰেছক কটাক্ষ কৰিছে। আপৰ নেতা তথা সাংসদ ৰাঘৱ চাদ্ধাই কংগ্ৰেছৰ ভৱিষ্যতক নাকচ কৰি এক টুইটত “কংগ্ৰেছ শেষ হৈছে, এতিয়া কেজৰিৱাল হৈছে বিকল্প” বুলি মন্তব্য কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd