ক্ৰমাৎ আভ্যন্তৰীণ ৰাজনৈতিক সংকটত জুৰুলা হৈ পৰিছে ৰাজস্থানৰ শাসকীয় কংগ্ৰেছ দল। দেশজুৰি দলটোৱে হেৰুওৱা সমৰ্থন পুনৰুদ্ধাৰৰ বাবে দলৰ শীৰ্ষ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত ‘ভাৰত জোড়ো যাত্ৰা’ত ব্যস্ত হোৱাৰ সময়তে ৰাজস্থান কংগ্ৰেছত সৃষ্টি হৈছে খহনীয়াৰ। মূলত: জেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী অশোক গেহলট আৰু দলৰ আন এগৰাকী জনপ্ৰিয় নেতা শচীন পাইলটৰ মাজত থকা সংঘাতৰ বাবেই এই সংকটে গা কৰি উঠিছে।
ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অশোক গেহলট দলৰ সভাপতিৰ নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ সাজু হোৱাৰ প্ৰাক্ মুহূৰ্তত ৰাজ্যিক গোটত দেখা দিয়া অস্থিৰতাক প্ৰকাশ্যে উদঙাই দি দলৰ ৮০ গৰাকীতকৈও অধিক বিধায়কে যোৱা নিশা এক নাটকীয় পট পৰিৱৰ্তনৰ ইঙ্গিত প্ৰদান কৰি বিধানসভাৰ অধ্যক্ষ চি পি যোশীৰ বাসগৃহত উপস্থিত হৈ পদত্যাগ পত্ৰ দাখিল কৰিছে।
ইয়াৰ পিছতে পদত্যাগ কৰা সকলো বিধায়ক অধ্যক্ষৰ ঘৰৰ পৰা মুখ্যমন্ত্ৰী অশোক গেহলটৰ চৰকাৰী বাসগৃহত উপস্থিত হয় বুলি জানিব পৰা গৈছে। উল্লেখ্য যে গেহলটে দলৰ কেন্দ্ৰীয় সভাপতিৰ পদত প্ৰতিদ্বন্দিতা আগবঢ়োৱাটো নিশ্চিত হৈ পৰাৰ পিছতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ পদত কোন অধিষ্ঠিত হ’ব, তাকে লৈ আভ্যন্তৰীণ কন্দলত সোমাই পৰিছে ৰাজস্থান কংগ্ৰেছ।
গেহলটৰ উত্তৰাধিকাৰী হিচাপে শচীন পাইলট মুখ্যমন্ত্ৰী সিচাপে নিযুক্ত হ’ব বুলি চৰ্চা চলিছিল যদিও হঠাতে নাটকীয় পট পৰিৱৰ্তন ঘটাই গেহলট গোটৰ বিধায়কসকলে পাইলটৰ বিৰুদ্ধাচাৰণ কৰি কালি সন্ধিয়া কেবিনেট মন্ত্ৰী শান্তি ধাৰিৱালৰ বাসগৃহত উপস্থিত হৈ এক বিশেষ প্ৰস্তাৱ আগবঢ়ায়।
প্ৰকাশিত খবৰ অনুসৰি যদি অশোক গেহলট আগন্তুক নিৰ্বাচনত কংগ্ৰেছৰ সভাপতি হিচাপে নিৰ্বাচিত হয়, তেতিয়া গেহলটৰ স্থানত ধাৰিৱালক পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। গেহলটৰ পক্ষত থকা বিধায়কসকলে মুখ্যমন্ত্ৰী হিচাপে পাইলট বিৰোধী স্থিতি গ্ৰহণ কৰিয়ে এই সিদ্ধান্ত লৈছে।
গেহলট গোটৰ সদস্যসকলে মূলত: ২০২০ চনত পাইলটে গেহলটৰ বিৰুদ্ধে মুকলি বিদ্ৰোহৰ সূচনা কৰাৰ সময়ত চৰকাৰলৈ সমৰ্থন আগবঢ়োৱা এগৰাকী নেতাক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিব বিচাৰিছে। ইফালে অশোক গেহলটে নিজাকৈ চি পি যোশীৰ নাম মুখ্যমন্ত্ৰীৰ বাবে বিবেচনা কৰা বুলিও চৰ্চা আৰম্ভ হৈছে।
আনহাতে এই আভ্যন্তৰীণ দুৰ্যোগক নিয়ন্ত্ৰণৰ উদ্দেশ্যে দলৰ জ্যেষ্ঠ নেতা তথা সাংসদ কেচি বেণুগোপালে মল্লিকাৰ্জুন খাৰ্গেৰ আলোচনাত মিলিত হৈ ৰাজস্থান কংগ্ৰেছ গোটৰ ভাৰপ্ৰাপ্ত অজয় মাকেন আৰু অশোক গেহলটৰ সৈতেও আলোচনা চলায় বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে।
ইফালে, ৰাজ্যখনত কংগ্ৰেছৰ সৈতে মিত্ৰজোঁটত বান্ধ খাই থকা ৰাষ্ট্ৰীয় লোক দলে কংগ্ৰেছৰ এই আভ্যন্তৰীণ বিষয়ত মন্তব্য কৰাৰ পৰা আঁতৰি আছে। মুখ্যমন্ত্ৰী হিচাপে অশোক গেহলটৰ উত্তৰাধিকাৰী কোন হ’ব সেয়া কংগ্ৰেছে সিদ্ধান্ত ল’ব লাগিব বুলি দলটোৰ নেতা জয়ন্ত সিঙে মন্তব্য কৰিছে।
কংগ্ৰেছৰ এই দলীয় কন্দলৰ মাজতে সুযোগ গ্ৰহণৰ বাবে উঠিপৰি লাগিছে ৰাজ্যখনৰ প্ৰধান বিৰোধী বিজেপি। দলৰ কেইবাগৰাকীও নেতাই টুইট যোগে ৰাজ্যখনত বিজেপিৰ আগন্তুক সম্ভাৱনীয়তাক লৈ আশা প্ৰকাশ কৰি অহা বছৰ হ’বলগীয়া নিৰ্বাচনত দলৰ জয়ৰ ভৱিষ্যতবাণী কৰিছে।
ইফালে বৰ্তমান দেশৰ ৰাজনীতিত কংগ্ৰেছৰ বেকফুটলৈ ঠেলি ক্ৰমশ: প্ৰধান বিৰোধী হিচাপে উত্থান ঘটোৱা আম আদমী পাৰ্টিয়েও এই বিপৰ্যয়ৰ সময়তে কংগ্ৰেছক কটাক্ষ কৰিছে। আপৰ নেতা তথা সাংসদ ৰাঘৱ চাদ্ধাই কংগ্ৰেছৰ ভৱিষ্যতক নাকচ কৰি এক টুইটত “কংগ্ৰেছ শেষ হৈছে, এতিয়া কেজৰিৱাল হৈছে বিকল্প” বুলি মন্তব্য কৰে।