দৰং জিলা প্ৰশাসনৰ আৱকাৰী শাখাৰ দ্বাৰা বেআইনী দেশীয় সুৰা জব্দ : গ্ৰেপ্তাৰ ২জন

wine

দুৰ্গা পূজা চমু চাপি অহাৰ সময়তে এইবাৰ সষ্টম হৈ উঠিছে দৰঙৰ জিলা প্ৰশাসন। উৎসৱৰ সময়ত অবৈধ দেশীয় সুৰাৰ বেহাৰে জিলাখনৰ বিভিন্ন স্থানত সমাজৰ বাতাৱৰণ কলুষিত কৰাৰ চেষ্টা কৰা গোটসমূহক শেহতীয়াভাৱে উৎখাত কৰিবলৈ আৰম্ভ কৰিছে দৰঙৰ উপায়ুক্তৰ নেতৃত্বত উপায়ুক্ত কাৰ্যালয়ৰ আৱকাৰী শাখাই।

শেহতীয়াভাৱে ২৬ ছেপ্টেম্বৰত আৱকাৰী বিভাগে মঙলদৈ চাৰ্কোলৰ গেৰিমাৰি, বাঘপৰি, প্ৰফুল্ল নগৰ, মোৱামাৰি আৰু আৰেঙত আৰু ছিপাঝাৰ চাৰ্কোলৰ অন্তৰ্গত ভুক্তাবাৰী, লোহাপাৰা আৰু বিজুলীবাৰীত ১০০০ লিটাৰ ফাৰ্মেণ্টেড ৱাছ, ২০০ লিটাৰ দেশীয় সুৰা জব্দ কৰে।

এই সন্দৰ্ভত আৱকাৰী বিভাগে ১০০ লিটাৰ বেআইনী সুৰাৰে সৈতে ২জন লোকক গ্ৰেপ্তাৰ কৰিছে। ২৭ ছেপ্টেম্বৰত আবকাৰী বিভাগৰ সহকাৰী তত্বাৱধায়ক সুক্লা গোস্বামীয়ে নৰ্থ-ইষ্ট নাওক এই কথা অৱগত কৰাৰ সময়ত ইংগিত দিছে যে আগন্তুক দিন সমূহত এনে বহুতো অভযান নিয়মীয়াকৈ চলোৱা হ’ব।

ভৰপ্ৰাপ্ত আৱকাৰী তত্বাৱধায়কগৰাকীয়ে আৰু জনাইছে যে বেআইনী দেশীয় সুৰাৰ লগতে ভাৰতত প্ৰস্তুত বিদেশী সুৰাৰ  ( IMFL) অবৈধ মজুতকৰণ, বিক্ৰি আৰু পৰিবহণৰ বিৰুদ্ধেও অভিযান চলোৱা হ’ব।

তেওঁ দৰঙৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনক আৰু  আৱকাৰী বিভাগৰ দায়িত্বত থকা সহকাৰী উপায়ুক্ত  পংকজ চক্ৰবৰ্তীক এই অভিযানটোত তেওঁলোকৰ নিৰবিচ্ছিন্ন সহায়তা আৰু তত্বাৱধানৰ বাবে ধন্যবাদ জনায়।