• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৩০ঃ ১৭: বলৱান মহন্তৰ ৭ দিনৰ সময় অতুল বৰাক

কা-ক লৈ নেতৃত্বই স্থিতি স্পষ্ট কৰিব লাগে, অন্যথা নিজেই পদ এৰিব লাগে: প্ৰাক্তন সভাপতি বৃন্দাবন গোস্বামী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 7, 2020 10:29 pm
Oppose CAA, else leave party: Former Assam CM Mahanta's clear message to AGP top leaders

অগপ নেতা-কৰ্মীৰ সৈতে মহন্ত, গোস্বামী, ডেকা, মঙলবাৰে গুৱাহাটীত। ছবি- নৰ্থইষ্ট নাও।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অগপ কৰে যদি অগপ কৰক, বিজেপি কৰিলে বিজেপিলৈ যাওক: নাগৰিকত্ব (সংশোধন) আইন ২০১৯ বিৰোধী অসম গণ পৰিষদ নেতা-কৰ্মীক লগত লৈ বলৱান প্ৰফুল্ল কুমাৰ মহন্তৰ মঙলবাৰে স্পষ্ট আহ্বান দলৰ অতুল বৰা-আদি নেতৃত্বক।

মহন্তৰ নেতৃত্বত সমৱেত হোৱাসকলে কা-বিৰোধিতা কৰে আৰু “নেতৃত্ব”ৰ বিৰুদ্ধে দলৰ ৪৭খন জিলা সমিতিৰ ৩০খন এতিয়ালৈকে লগ হৈ, তেওঁলোকৰমতে, “তেওঁলোক” হৈছে।

Apply Now

অগপ মুখ্য কাৰ্য্যালয়ত মঙলবাৰে তলা মাৰি প্ৰৱেশ বন্ধ কৰাৰ পিছত জাঙুৰ খাই উঠা মহন্ত-বৃন্দাবন গোস্বামী-পবীন্দ্ৰ ডেকাসহিত নেতা-কৰ্মীয়ে অসম সাহিত্য সভাৰ সংগীতাচাৰ্য্য লক্ষ্মীৰাম বৰুৱা সদনত কৰা সভাত এই সিদ্ধান্ত লোৱা হয়।

তেজপুৰৰ বিধায়ক, দলৰ প্ৰতিষ্ঠাপক নেতা বৃন্দাবন গোস্বামীয়ে সভাৰ সিদ্ধান্ত ঘোষণা কৰি কয়, কা-ক লৈ নেতৃত্বই ৭ দিনৰ ভিতৰত স্থিতি স্পষ্ট কৰি দিব লাগে, অন্যথা তেওঁলোকে নিজেই পদবোৰ এৰি দিব লাগে।

প্ৰাক্তন সভাপতি গোস্বামীয়ে লগতে ঘোষণা কৰে যে কা-ৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলনৰ বাবে সভাত সিদ্ধান্ত লোৱা হৈছে।

বিজেপি, অগপ যিকোনো এটা কৰিবলৈ আহ্বান জনাই প্ৰাক্তন মুখ্য মন্ত্ৰী মহন্তই কা-ক লৈ নেতৃত্বক চোকা সমালোচনা কৰে।

“টিভিৰ আগত মই কালি দেখা পালো তেওঁলোকে কৈছে আমি এই আইনৰ বিৰোধিতা কৰিছো। পিছ মুহূৰ্ততে ডিঙিত গামোচা লৈ জাগীৰোডত বিজেপিৰ মিটিং কৰিছেগৈ। এইটো কেনে কথা হ’ব পাৰে?” মহন্তই কয়।

ৰাজ্য সভাত অগপ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কা-ৰ বিৰুদ্ধে বক্তব্য ৰখাৰ পিছত সমৰ্থনত ভোট দি আকৌ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা প্ৰসংগতো মহন্তই নেতৃত্বক চোকা সমালোচনা কৰে।

“জানি-শুনি কিবা এটা ভুল কৰি যদি আদালতলৈ যায়, তেন্তে তেওঁ শাস্তিও পাব পাৰে। তেনেকুৱা ১১-১২ টা গোচৰ আছে য’ত জৰিমনা, জে’লপৰ্য্যন্ত শাস্তি মূৰ পাতি ল’বলগীয়া হৈছে,” দলৰ চাৰি-পাঁচগৰাকী কা-সমৰ্থকৰ বাবে আমাৰ হাৰাশাস্তি হ’ব নোৱাৰে বুলি উল্লেখ কৰি মহন্তই কয়।

মিত্ৰ চৰকাৰৰ অগপ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে মহন্তহঁতক “নেতৃত্ব” নহয় বুলি অভিহিত কৰি দলৰ ক্ষতি হোৱা কাম নকৰিবলৈ আহ্বান জনোৱাৰ বিপৰীতে প্ৰাক্তন মুখ্য মন্ত্ৰীজনে কয় যে তৃণমূল কৰ্মীৰ প্ৰচেষ্টাতহে অসম গণ পৰিষদ শক্তিশালী হ’ব।

“আৰু তেতিয়াহে বিজেপিৰ কবলৰ পৰা অগপ মুক্ত হ’ব পাৰিব। কোনো ৰাষ্ট্ৰীয় দলেই নিবিচাৰে আঞ্চলিক দলবোৰ শক্তিশালী হওক,” মহন্তৰ মত।

“ৰাজনৈতিক চক্ৰান্তত কেইজনমান বিশেষ ব্যক্তিয়ে দিল্লীৰ শৰণাপন্ন হৈ আত্মসমৰ্পণ কৰিছে। তেওঁলোকৰ লগত বাকী অগপ সদস্য মিলিব নোৱাৰে। কেন্দ্ৰীয় চৰকাৰে ভাবিছে অগপ বহি আছে আৰু এটা আঞ্চলিক ৰাজনৈতিক দল হৈয়ো অগপই ইয়াৰ বিৰোধ কৰা নাই।”

আনহাতে মুখ্য কাৰ্য্যালয়ত দলৰ নেতা-কৰ্মীকে প্ৰৱেশ কৰিবলৈ নিদিয়াক লৈ সভাত উপস্থিত সকলো নেতা-কৰ্মী জাঙুৰ খাই উঠে।

“দলৰ কাৰ্য্যালয়লৈ দলৰ বিষয়ববীয়া আৰু কাৰ্য্যকৰ্তা যাবই লাগিব। আজি অগপ নেতৃত্বই অগণতান্ত্ৰিকভাৱে তলা লগাই বন্ধ কৰি থৈছে,” মহন্তই কয়।

অসম গণ পৰিষদৰ কাৰ্য্যালয় ৰাইজৰ বৰঙণিৰে নিৰ্মিত বুলি উল্লেখ কৰি মহন্তই কয় তাৰ নিৰ্মাণত আজিৰ নেতৃত্বৰ কোনো অৱদান নাই।

“আৰক্ষী-সেনা মোতায়েন কৰি সেইটো তলা লগাই বন্ধ কৰি ৰখাটো উচিত নহয়,” মহন্তই কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালীত আৱদ্ধ ১৩ খন ভাৰতীয় জাহাজ! সাগৰত আবদ্ধ ৫৬২ ভাৰতীয় নাবিকৰ জীৱনলৈ ভাবুকি, অসুস্থ হৈ এজনৰ মৃত্যু

June 14, 2026 9:37 pm
ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

June 14, 2026 8:58 pm
কাৰ্বি আংলঙত উদ্ধাৰ আহোম যুগৰ বিৰল পাণ্ডুলিপি; উন্মোচিত হ’ব ইতিহাসৰ বহুতো নতুন অধ্যায়

কাৰ্বি আংলঙত উদ্ধাৰ আহোম যুগৰ বিৰল পাণ্ডুলিপি; উন্মোচিত হ’ব ইতিহাসৰ বহুতো নতুন অধ্যায়

June 14, 2026 8:13 pm
বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

June 14, 2026 7:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালীত আৱদ্ধ ১৩ খন ভাৰতীয় জাহাজ! সাগৰত আবদ্ধ ৫৬২ ভাৰতীয় নাবিকৰ জীৱনলৈ ভাবুকি, অসুস্থ হৈ এজনৰ মৃত্যু

June 14, 2026 9:37 pm
ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

June 14, 2026 8:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd