NORTHEAST NOW (Assamese)

নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত কৃষ্ণাইত কৃষক মুক্তিৰ প্ৰতিবাদী সমদল

January 2, 2019 5:56 pm · নীলমণি শৰ্মা
গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পাইকানত কৃষ্ণাই উন্নয়ন খণ্ডৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত এক প্ৰতিবাদী সমদল কাৰ্যসূচী ৰূপায়ণ কৰে।  লগতে প্ৰতিবাদকাৰী সকলে প্ৰধান মন্ত্ৰী আৰু মুখ্য মন্ত্ৰীৰ পুত্তলিকা আৰু নাগৰিকত্ব বিধেয়কৰ প্ৰতিলিপি দাহ কাৰ্যসূচীও ৰূপায়ণ কৰে।
প্ৰতিবাদী সমদলৰ পিছতে প্ৰতিবাদকাৰী সকলে ‘নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল হায় হায়, অসম চৰকাৰ হুচিয়াৰ, নাগৰিকত্ব বিধেয়ক বাতিল কৰক’ আদি বিভিন্ন প্ৰতিবাদী ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে।
আৰু প্ৰতিবাদস্থলীৰ পৰাই জাতিধ্বংসী বিধেয়ক বাতিল নকৰালৈকে কৃষক মুক্তিয়ে ৰাইজৰ সহযোগত তীব্ৰ গণতান্ত্ৰিক আন্দোলন অব্যাহত ৰাখিব বুলি হুংকাৰ দিয়ে।

Related News