ৰাজ্যৰ বিৰোধী দলসমূহে, বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মণিপুৰৰ কুকি উগ্ৰপন্থীৰ সৈতে সম্পৰ্ক থকা বুলি অভিযোগ উত্থাপন কৰি আক্ৰমণ তীব্ৰ কৰি তোলে।
মণিপুৰৰ কুকি উগ্ৰপন্থীৰ সৈতে সম্পৰ্কৰ অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ (NSA) অধীনত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে অসমৰ বিৰোধী দলসমূহে।
এই বিষয়টোক লৈ বৃহস্পতিবাৰে গুৱাহাটীত কংগ্ৰেছ, চিপিআই-এম, অজাপ, টিএমচি আৰু আন আঠটা বিৰোধী দলে যৌথ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।
প্ৰদেশ কংগ্ৰছৰ সভাপতি ভূপেন বৰাই কয়, ‘’মণিপুৰৰ কুকি উগ্ৰপন্থীক গোপনে সাক্ষাৎ কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰি এন এছ এৰ অধীনত অভিযোগ উত্থাপন কৰিবলৈ আমি বিৰোধী দলসমূহে দাবী জনাইছো।‘’
লগতে পঢ়ক: কুকি উগ্ৰপন্থীৰ সৈতে সম্পৰ্ক ৰক্ষা কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰক: ডি ৱাই এফ আই
অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়েও ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত ৰাজ্যখনত বিজেপিৰ জয় নিশ্চিত কৰিবলৈ মণিপুৰৰ কুকি উগ্ৰপন্থীৰ সৈতে মুখ্যমন্ত্ৰী শৰ্মাই চুক্তিত উপনীত হোৱা বুলি দাবী কৰা বাতৰিক লৈ উদ্বেগ প্ৰকাশ কৰে।
ইপিনে, অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই মণিপুৰৰ কুকি উগ্ৰপন্থীৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সম্পৰ্ক থকাৰ অভিযোগত কেন্দ্ৰত বিজেপি চৰকাৰৰ মৌনতাক লৈ প্ৰশ্ন উত্থাপন কৰে।
“যদি সকলো সময়তে বিৰোধী নেতাৰ বিৰুদ্ধে চিবিআই, ইডিৰ দৰে কেন্দ্ৰীয় সংস্থাক চৰকাৰে ব্যৱহাৰ কৰিব পাৰে, তেনেহ’লে মণিপুৰ নিৰ্বাচনত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কুকি উগ্ৰপন্থীৰ সৈতে জড়িত হোৱাৰ অভিযোগত চৰকাৰ মৌন কিয়?” ৰিপুণ বৰাই প্ৰশ্ন কৰে।
বৰাই লগতে কয়, প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী ডাঙৰীয়া, এই অভিযোগৰ বিৰুদ্ধে এন আই এৰ তদন্ত হ’বনে? এন এছ এৰ অধীনত হিমন্ত বিশ্ব শৰ্মাক কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই?”
লগতে পঢ়ক: ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ সমীপত উদ্ধাৰ মহিলাৰ মুণ্ডহীন মৃতদেহ
অসম তৃণমূলৰ মুৰব্বীগৰাকীয়ে লগতে উত্তৰ-পূব গণতান্ত্ৰিক মিত্ৰজোঁটৰ আহ্বায়ক পদৰ পৰা হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ কৰিবলৈ দাবী জনায়।
ৰিপুণ বৰাই কয়, ‘’হিমন্ত বিশ্ব শৰ্মা নেডাৰ আহ্বায়ক। যদি নেডাৰ আহ্বায়কজনৰ নিজেই উগ্ৰপন্থী সংগঠনৰ সৈতে সম্পৰ্ক আছে, তেন্তে তেওঁ স্পষ্টভাৱে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত সন্ত্ৰাসবাদীক কাৰ্য্যকলাপ চলাবলৈ উৎসাহিত কৰিছে।”
তদুপৰি, বৰাই কয়, “তেওঁ অনতিপলমে নেডাৰ আহ্বায়ক পদৰ পৰা পদত্যাগ কৰক আৰু উত্তৰ-পূবৰ জনসাধাৰণ আৰু অন্যান্য বিৰোধী ৰাজনৈতিক দলসমূহেও হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী উত্থাপন কৰক।”
উল্লেখ্য যে ২০১৭ চনৰ মণিপুৰৰ নিৰ্বাচনত জয়ী হ’বলৈ কুকি উগ্ৰপন্থী সংগঠন ইউনাইটেড কুকি লিবাৰেশ্বন ফ্ৰন্ট (ইউকেএলএফ) আৰু ইউনাইটেড পিপ’লচ ফ্ৰন্ট (ইউপিএফ)ৰ পৰা বিজেপি দলে সহায় লোৱা বুলি ইউ কে এল এফৰ নেতা এছ এছ হাওকিপে স্বীকাৰ কৰিছে।
লগতে পঢ়ক: স্তব্ধ ধিং এক্সপ্ৰেছ! আঘাতৰ বাবে এইবাৰ এছিয়ান গেমছত খেলিব নোৱাৰিব যোৱাবাৰৰ স্বৰ্ণজয়ী হিমাই
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলৰ কেন্দ্ৰীয় নেতা ৰাম মাধৱে এই বিষয়ে কুকি উগ্ৰপন্থী সংগঠনৰ সৈতে এক চুক্তি কৰাৰ কথা উল্লেখ কৰিছে। উগ্ৰপন্থী নেতা জনে ২০১৯ চনত এই চুক্তিৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল।
গৃহমন্ত্ৰী শ্বাহলৈ প্ৰেৰণ কৰা এই পত্ৰখনকেই উগ্ৰপন্থী নেতা এছ এছ হাওকিপে যোৱা ৮ জুন, ২০২৩ তাৰিখে এন আই এৰ আদালতত দাখিল কৰাৰ পাছতে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হয়। পত্ৰখনত এই কথাও কোৱা হয় যে উগ্ৰপন্থী সংগঠনৰ সহায়ত বিজেপ দলৰ প্ৰাৰ্থী জয়ী হৈছিল।