• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

IMAএ স্বাস্থ্য মন্ত্ৰী বিশ্ব শর্মালৈ লিখা পত্রৰ সন্দর্ভত কি ক’লে বিৰোধী নেতা দেৱব্ৰত শইকীয়াই?

এন ই নাও নিউজ by এন ই নাও নিউজ
July 8, 2020 5:49 pm
index.jpg222
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা কালি ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ চিকিৎসকসকলৰ উমৈহতীয়া সংস্থা IMA (Indian Medical Association) ৰ তৰফৰ পৰা প্ৰেৰণ কৰা আনুষ্ঠানিক পত্ৰখনৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।

পত্ৰখনত চিকিৎসক সকলৰ উমৈহতীয়া সংস্থা IMA য়ে গভীৰ ‘ক্ষোভ’ আৰু ‘আপত্তি’ৰে অসমত ক’ভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা পৰিৱৰ্তিত নীতিৰ কঠোৰ আৰু যুক্তিসংগত সমালোচনা কৰিছে।

Apply Now

উল্লেখ্য যে, উপযুক্ত পৰিকল্পনা অবিহনে বৰ্তমানৰ অৱস্থাৰ পৰিৱৰ্তন ‘অতি কঠিন’ হ’ব বুলি উল্লেখ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে পত্ৰখনে-

মানৱসম্পদৰ উপযুক্ত পৰিকল্পনা অবিহনেই সীমিতসংখ্যক চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰে হাস্পতালসমূহত ৰোগীৰ বিচনা বঢ়াই গৈ থাকিলে কোনো কাৰণতে এই ৰোগ বিধক পৰাভূত কৰাত সফল নহ’ব।

স্বাস্থ্যকৰ্মী আৰু চিকিৎসকসকলক একেৰাহে ১১ দিন ক’ভিড ৱাৰ্ডত চিকিৎসাৰ কামত নিয়োজিত কৰি পুনৰ ক’ভিড ৱাৰ্ডৰ সেৱাত নিয়োজিত কৰাৰ পূৰ্বে মাত্ৰ ৩ দিনৰ কোৱাৰেণ্টাইনত ৰখাৰ চৰকাৰী সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে চিকিৎসক সংস্থাই।

একেৰাহে ১১ দিন ক’ভিড ৱাৰ্ডত সম্পূৰ্ণ পি.পি.ই কিট্ পৰিধান কৰি সেৱা আগবঢ়োৱাটো যে অসম্ভৱ তাৰো প্ৰশ্ন তুলিছে চিকিৎসক সংস্থাটোৱে।

এই গ্ৰীষ্মৰ গৰমত কোনো ধৰণৰ ‘এয়াৰ কণ্ডিচনৰ’ ব্যৱস্থা নথকা ক’ভিড চেণ্টাৰ বা ৱাৰ্ডত পি.পি.ই কিট্ পৰিধান কৰি একেৰাহে ১১ দিন চিকিৎসা আগবঢ়োৱাটো অসম্ভৱ।

এই পত্ৰ খন বাতৰি-কাকতত প্ৰকাশিত হোৱাৰ পিছত এটা কথা মনলৈ আহিছে যে, ক’ভিডৰ বিৰুদ্ধে আগশাৰীৰ যোদ্ধা হিচাপে কাম কৰি অহা চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলক কেনেকুৱা এক স্তৰত হতাশগ্ৰস্ত হ’ব লগীয়া হৈছে বুলি প্ৰকাশ কৰি বিৰোধী দলপতি গৰাকীয়ে।

ক’ভিড প্ৰতিৰোধত নিয়োজিত স্বাস্থ্যকৰ্মীসকলৰ স্বাস্থ্যপৰীক্ষা ‘এণ্টিজেন টেষ্ট’তে সীমিত ৰাখিবলৈ ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্তৰো IMAয়েই তীব্ৰ বিৰোধিতা কৰিছে। ICMR এ ইতিমধ্যে ঘোষণা কৰিছে যে, এই পৰীক্ষাৰ বিশ্বাসযোগ্যতা তেনেই কম আৰু এই পৰীক্ষাত নেতিবাচক ফলাফল আহিলেও তেনে লোক ক’ভিডমুক্ত বুলি চূড়ান্তভাৱে ক’ব পৰা নাযায়। তাৰ বাবে ‘পি চি আৰ টেষ্ট’ সম্পন্ন কৰিহে চূড়ান্ত সিদ্ধান্ত দিব পৰা যায়।

চিকিৎসক সংস্থাটোৱে গভীৰ আক্ষেপেৰে এই কথাও প্ৰকাশ কৰিছে যে, ইতিমধ্যে বৃহৎ সংখ্যক চিকিৎসক আৰু চিকিৎসাকৰ্মী ক’ভিড-১৯ৰ বলি হৈছে আৰু শেহতীয়া এনে ধৰণৰ ‘অপৰিকল্পিত’ আৰু তৰল চৰকাৰী সিদ্ধান্তই স্বাস্থ্যকৰ্মীসকলৰ জীৱন বিপদসংকুল কৰি তুলিব আৰু সেয়া হ’লে চিকিৎসক আৰু চিকিৎসাকৰ্মীসকলে নিজৰ দেহত ক’ভিডৰ বীজাণু লৈ ৰোগীৰ চিকিৎসা কৰিবলগীয়া অৱস্থা এটা আহিবলৈ সৰহ দিন নালাগিব।

কি কাৰণে ক’ভিড-১৯ৰ সৈতে যুঁজি থকা ইমান বৃহৎ সংখ্যক চিকিৎসক আৰু চিকিৎসাকৰ্মী এই ৰোগৰ দ্বাৰা আক্ৰান্ত হ’বলগীয়া হ’ল তাৰ এটা পুঁখানুপুংখ বিশ্লেষণ কৰিবলৈ IMA ই ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনাইছে।

ক’ভিড-১৯ ৰ লক্ষণ নেদেখা ব্যক্তিসকলৰ ক্ষেত্ৰত ICMRয়ে দিয়া পৰামৰ্শ মতে ‘হ’ম কোৱাৰেণ্টাইন’ৰ জৰিয়তে তেওঁলোকৰ স্বাস্থ্য নিৰীক্ষণ তথা পৰিচালনাৰ দিহা ৰাজ্য চৰকাৰক গ্ৰহণ কৰিবলৈ চিকিৎসক সংস্থাই পৰামৰ্শ দিছে।

বৃহৎ সংখ্যক এনে ক’ভিড-১৯ৰ বাহ্যিক লক্ষণ নেদেখা ‘ৰোগী’ক চৰকাৰে হাস্পতালত ভৰ্তি কৰোৱাৰ ফলত সীমিত চিকিৎসক আৰু চিকিৎসাকৰ্মীৰে এই সকলো নিয়ন্ত্ৰণ কৰা অসম্ভৱ হৈ পৰিছে আৰু ইয়াৰ ফলত ক’ভিড-১৯ত প্ৰকৃততেই গুৰুতৰভাৱে আক্ৰান্তসকলৰ চিকিৎসাত যতি পৰাটো স্বাভাৱিক।

ইয়াৰ উপৰিও শেহতীয়াকৈ গুৱাহাটী মহানগৰী সম্পূৰ্ণ লকডাউন ঘোষণা কৰাৰ পিছত ৰাজ্যত ক’ভিড১৯ ৰ ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে।

চৰকাৰে পুনৰ অপৰিকল্পিত ভাৱে এই লকডাউন ঘোষণা কৰিছিল আৰু তাৰ ফলত গুৱাহাটী মহানগৰীত বসাবস কৰা সৰহ সংখ্যক ব্যক্তিয়ে নিজ নিজ গৃহ জিলালৈ উভতি গৈছে আৰু সেই সমূহ জিলালৈ আতংক কঢ়িয়াই আনিছে।

কাৰণ গুৱাহাটীৰ পৰা যোৱা ব্যক্তিসকলে লাগতীয়াল পৰীক্ষা নকৰাকৈয়ে নিজ নিজ জিলা সমূহলৈ উভতি গৈছে। সেয়ে চৰকাৰে ৰাজ্যখনৰ সমূহ নাগৰিকৰ কথা ভাবি গুৱাহাটীৰ পৰা সকলো ব্যক্তিকে আহ-যাহ কৰাত বাধা দিব লাগিছিল বুলি মত প্ৰকাশ কৰিছে শইকীয়াই।

এই সকলোবোৰ বিষয়ৰ পিছত, চিকিৎসক বা চিকিৎসাকৰ্মীয়ে চৰকাৰৰ প্ৰতিশোধমূলক ব্যৱস্থাৰ ভয়ত মৌন হৈ থাকিলেও তেওঁলোকৰ সংগঠন ভাৰতীয় চিকিৎসা সংস্থা (Indian Medical Association)ৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে স্বাস্থ্যমন্ত্ৰীগৰাকীৰ ‘একনায়কত্ববাদী’ স্বৰূপ উদঙাই দিলে বুলি শইকীয়াই কয়।

তেওঁ চৰকাৰক দাবী জনায় যে, প্ৰচাৰৰ বাবে তেওঁলোকে যেনেকৈ হাস্পতালত স্বাস্থ্য কৰ্মী সকলৰ মনোবল বঢ়াবলৈ বায়ু সেনাৰ হেলিকপ্টাৰেৰে ফুল বৰ্ষণ কৰাইছিল তথা সামৰিক আৰু অসামৰিক বেণ্ড বজাই ধন্যবাদ জ্ঞাপন কৰিছিল, সেইবোৰতকৈ বেছি IMAয়ে উল্লেখ কৰা গুৰুত্বপূৰ্ণ বিন্দু সমূহৰ ওপৰত ধ্যান দিয়ক।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd