আগন্তুক ২০২৪-ৰ লোকসভা নিৰ্বাচনত কেন্দ্ৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন এন ডি এ চৰকাৰক উৎখাত কৰাৰ লক্ষ্যৰে বৃহস্পতিবাৰে অসমৰ সংযুক্ত বিৰোধী মঞ্চৰ নেতাসকলে ঐক্যবদ্ধভাৱে কাম কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈছে।
অসমত ২০২৬ চনৰ বিধানসভা নিৰ্বাচনলৈকে বিৰোধী দলসমূহে একেলগে কাম কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰে
সংযুক্ত বিৰোধী মঞ্চৰ নেতাসকলে মহানগৰীৰ হোটেল লিলিত সকলো ৰাষ্ট্ৰীয় আৰু আঞ্চলিক ৰাজনৈতিক দলৰ সভাপতিৰ উপস্থিতিত এক গুৰুত্বপূৰ্ণ বৈঠকত অংশ লৈছিল।
দুটা নতুন দল- শিৱসেনা আৰু অল পাৰ্টি হিল লিডাৰ্ছ কনফাৰেন্স (এপিএইচএলচি)ৰ যোগদানৰ লগে লগে সংযুক্ত বিৰোধী মঞ্চৰ শক্তি ১৫টালৈ বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বে অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লকে বিৰোধী মঞ্চৰ সৈতে হাত মিলাইছিল।
লগতে পঢ়কঃ আদৰ্শ আচৰণ বিধি উলংঘা; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাৰণ দৰ্শোৱাৰ জাননী নিৰ্বাচন আয়োগৰ
বৈঠকত অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলে অসমত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ বিৰুদ্ধে আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে বুলি স্পষ্ট কৰি দিয়ে।
বৈঠকৰ অন্তত ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে সাংবাদিকৰ আগত কয় যে, ‘ৰাইজৰ দলে আগন্তুক লোকসভা নিৰ্বাচনত কোনো প্ৰাৰ্থী প্ৰক্ষেপ নকৰিবলৈ ইতিমধ্যে সংকল্প লৈছে, কিন্তু আমি সংযুক্ত বিৰোধী মঞ্চৰ সৈতে যৌথভাৱে কাম কৰি নিৰ্বাচনত বিজেপিক পৰাস্ত কৰিম।‘
অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখপাত্ৰ বেদাব্ৰত বৰাই জনায়, ‘নৱেম্বৰ মাহত ডিব্ৰুগড়ত অনুষ্ঠিত হ’বলগীয়া পৰৱৰ্তী বৈঠকত ৰাজনৈতিক দলৰ সকলো সভাপতিৰে গঠিত সমন্বয় সমিতি গঠনৰ সিদ্ধান্তও নেতাসকলে গ্ৰহণ কৰে। মঞ্চখনে অতি সোনকালে মহানগৰীত এটা কাৰ্যালয় আৰু এটা মিডিয়া চেণ্টাৰো মুকলি কৰিব।’
ৰাজ্যৰ ১৪টা লোকসভা সমষ্টিৰ আটাইকেইটাতে মঞ্চৰ বৈঠক অনুষ্ঠিত হ’ব৷
লগতে পঢ়কঃ আৰ্থিক সংকটত টীম ইণ্ডিয়াৰ প্ৰাক্তন প্ৰশিক্ষক গ্ৰেগ চেপেল! ধন সংগ্ৰহ কৰিছে বন্ধুবৰ্গই
সংযুক্ত বিৰোধীয়ে লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ ভূমি আগ্ৰাসনৰ বিৰুদ্ধে গণ আন্দোলন গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
উমৈহতীয়া নূন্যতম কাৰ্যসূচী (চিএমপি)ৰ বাবে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ৰিপুন বৰাক মঞ্চৰ পৰৱৰ্তী বৈঠকত উত্থাপন হ’বলগীয়া খচৰা প্ৰস্তুত কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে।
ৰাজ্যসভাৰ সাংসদ তথা অসম জাতীয় দলৰ সভাপতি অজিত কুমাৰ ভূঞা আৰু কংগ্ৰেছৰ বিধায়ক ৰকিবুল হুছেইনক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অভিযোগনামাৰ খচৰা প্ৰস্তুত কৰি মঞ্চৰ পৰৱৰ্তী বৈঠকত দাখিল কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে।
লগতে পঢ়কঃগাড়ীত দেখা দিছে ত্ৰুটী! ৭.৫১ লাখ SUV ঘুৰাই নিয়াৰ সিদ্ধান্ত Toyotaৰ
বৈঠকত আগন্তুক নিৰ্বাচনৰ বাবে এক ঐক্যবদ্ধ কৰ্ম পৰিকল্পনাৰ বিষয়ে আলোচনা কৰা হয়।
ইণ্ডিয়া ব্লক গঠনৰ পূৰ্বে যোৱা ৯ মাৰ্চত সংযুক্ত বিৰোধী মঞ্চই এখন বৈঠকত অহা বছৰৰ লোকসভা নিৰ্বাচন আৰু ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত ৰাজ্যখনত ‘দুটা স্তৰৰ মিত্ৰতা’ৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
বেদব্ৰত বৰাই কয়, ‘আগন্তুক নিৰ্বাচনত অধিক আসনৰ দাবী কৰি নিৰ্বাচন খেলিব নোৱাৰিব বুলি সকলো দলেই বুজাবুজিত উপনীত হৈছে। আমি নিশ্চিত যে ৰাজ্যত টিকটৰ বাবে কোনো ধৰণৰ সংঘাতপূৰ্ণ পৰিস্থিতি নহ’ব।’
লগতে পঢ়কঃলোকসভাত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে, ৰাইজৰ দলৰ সৰ্বোচ্চ ত্যাগ!
তেওঁ কয়, ‘আমি বিজেপি আৰু ইয়াৰ মিত্ৰ দলৰ বিৰুদ্ধে প্ৰতিখন আসনত আমাৰ মঞ্চৰ পৰা এজনকৈ বিৰোধী প্ৰাৰ্থী প্ৰক্ষেপ কৰিম। আমি এআইইউডিএফক লৈ চিন্তিত নহয়।’