DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, March 29, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

আজি সামৰণি পৰিব ভাৰত জোড়ো যাত্ৰা: সামৰণি অনুষ্ঠানত যোগদান কৰিব বিৰোধীৰ কেইবাগৰাকীও নেতাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 30, 2023 1:51 pm
Bharat Jodo Yatra
100
VIEWS
Share on FacebookShare on Twitter

প্ৰায় পাঁচমাহ জোৰা পদযাত্ৰাৰ অন্তত আজি সামৰণি পৰিব কংগ্ৰেছৰ বহুচৰ্চিত ‘ভাৰত জোড়ো যাত্ৰা’। কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ নেতৃত্বত যোৱা ৮ ছেপ্টেম্বৰত তামিলনাডুৰ কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা এই পদযাত্ৰা আজি কাশ্মীৰৰ শ্ৰীনগৰত সমাপ্ত হ’ব। যাত্ৰাৰ সামৰণিৰ উপলক্ষে কংগ্ৰেছে শ্বেৰ-ই-কাশ্মীৰ ক্ৰিকেট ষ্টেডিয়ামত আয়োজন কৰিছে এক মেগা ৰেলী।

এই সমাৱেশত কংগ্ৰেছৰ দলীয় নেতৃত্বৰ উপৰিও বিৰোধী দলৰ বহুকেইগৰাকী নেতাই অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। অৱশ্যে শ্ৰীনগৰত হোৱা প্ৰচণ্ড তুষাৰপাতৰ ফলত ‘ভাৰত জোড়ো যাত্ৰা’ৰ সামৰণি অনুষ্ঠানৰ উদযাপনত কিছু অসুবিধা হ’ব পাৰে। তুষাৰপাতৰ ফলত শ্ৰীনগৰ-জম্মু ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰিছে আৰু বিমান পৰিবহণতো ব্যাঘাত জন্মাব পাৰে।

শ্ৰীনগৰৰ বিমানবন্দৰৰ সঞ্চালক কুলদীপ সিং ঋষিয়ে এক টুইট যোগে তুষাৰপাতৰ বাবে শ্ৰীনগৰলৈ সকলো বিমান যাত্ৰা পলম হোৱা বুলি জানিবলৈ দিছে। ইতিমধ্যে দিল্লীৰ পৰা শ্ৰীনগৰলৈ যাত্ৰা কৰা দুয়োখন বিমান বাতিল কৰিছে ভিষ্টাৰ এয়াৰলাইন্সে।

উল্লেখ্য যে চলিত মাহৰ আৰম্ভণিতে কংগ্ৰেছে দেশৰ ২১ টা বিৰোধী দলক এই সমাৱেশত যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছিল৷ ইয়াৰ ভিতৰত দ্ৰাবিদা মুনেত্ৰ কাঝাগম (ডি এম কে), ফাৰুক আব্দুল্লা নেতৃত্বাধীন জম্মু-কাশ্মীৰ ৰাষ্ট্ৰীয় সন্মিলন, মেহবুবা মুফতীৰ জম্মু-কাশ্মীৰ পিপলছ ডেম’ক্ৰেটিক পাৰ্টি (পিডিপি), বিদুথালাই চিৰুথাইগাল কট্চি (ভিচিকে), আই ইউ এম এল, কেৰালা কংগ্ৰেছ, চি পি আই, আৰ এছ পি, শিবু ছ’ৰেনৰ ঝাৰখণ্ড মুক্তি মৰ্চা (জেএমএম)য়ে শ্ৰীনগৰত অনুষ্ঠিত হ’বলগীয়া এই সমাৱেশত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

আনহাতে শাৰদ পাৱাৰৰ জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টি (এনচিপি), তেজস্বী যাদৱ নেতৃত্বাধীন ৰাষ্ট্ৰীয় জনতা দল (আৰজেডি), নীতিশ কুমাৰৰ জনতা দল (ইউনাইটেড), চিপিআই(এম), অখিলেশ যাদৱ নেতৃত্বাধীন সমাজবাদী পাৰ্টি, মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে আজিৰ এই ৰেলীত অংশগ্ৰহণ নকৰে বুলি সূত্ৰই প্ৰকাশ কৰিছে।

স্মৰ্তব্য যে কন্যাকুমাৰীত আৰম্ভ হোৱা কংগ্ৰেছৰ এই যাত্ৰাই ১২ খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত অঞ্চল অতিক্ৰম কৰিছে। পূৰ্বনিৰ্ধাৰিত সূচী অনুসৰিয়েই কংগ্ৰেছে শ্ৰীনগৰত যাত্ৰাৰ সমাপ্তি ঘটাব। যাত্ৰাৰ মাজতে কালি ৰাহুল গান্ধীয়ে লাল চ’কত ত্ৰিৰংগা উত্তোলন কৰি আন এক ইতিহাস ৰচনা কৰিছিল।

কালিৰ এই কাৰ্যসূচীৰ পাছতে ৰাহুল গান্ধীয়ে এক টুইট যোগে ‘ঘৃণাক হৰুওৱাই প্ৰেম সদায় জয়ী হ’ব বুলি মন্তব্য কৰি ভাৰতত আশাৰ নতুন জোৱাৰ আহিব বুলি আশা প্ৰকাশ কৰিছিল। শাসকীয় বিজেপিয়ে দেশত ঘৃণাৰ ৰাজনীতি কৰা বুলি অভিযোগ কৰি বিজেপিৰ এই ৰাজনীতিৰ বিৰুদ্ধে কংগ্ৰেছে আৰম্ভ কৰিছিল এই যাত্ৰা। কালি লাল চ’কত ত্ৰিৰংগা উত্তোলন কৰি যাত্ৰাৰ এই উদ্দেশ্যক সফল কৰি তোলা বুলি চৰ্চিত হৈছে।

Recent News

ডোকলাম সন্দৰ্ভত ভূটানৰ মন্তব্যত উদ্বিগ্নতা বৃদ্ধি  ভাৰতৰ! কি কৈছিল প্ৰধানমন্ত্ৰী লোটে শ্বেৰিঙে?

ডোকলাম সন্দৰ্ভত ভূটানৰ মন্তব্যত উদ্বিগ্নতা বৃদ্ধি ভাৰতৰ! কি কৈছিল প্ৰধানমন্ত্ৰী লোটে শ্বেৰিঙে?

ঘোষণা হ’ল কৰ্ণাটক বিধান সভাৰ নিৰ্বাচনৰ তাৰিখ

ঘোষণা হ’ল কৰ্ণাটক বিধান সভাৰ নিৰ্বাচনৰ তাৰিখ

ধিক হিমন্তৰ স্বাস্থ্যখণ্ড ! চিকিৎসক নাই, অক্সিজেনৰ অভাৱত প্ৰাণ এৰিলে ১৮ মহীয়া শিশুৱে

ধিক হিমন্তৰ স্বাস্থ্যখণ্ড ! চিকিৎসক নাই, অক্সিজেনৰ অভাৱত প্ৰাণ এৰিলে ১৮ মহীয়া শিশুৱে

নিৰ্বাচনৰ আগে আগে আহি আছে নেকি কভিড?

নিৰ্বাচনৰ আগে আগে আহি আছে নেকি কভিড?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd