• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

আজি সামৰণি পৰিব ভাৰত জোড়ো যাত্ৰা: সামৰণি অনুষ্ঠানত যোগদান কৰিব বিৰোধীৰ কেইবাগৰাকীও নেতাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 30, 2023 1:51 pm
Bharat Jodo Yatra
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰায় পাঁচমাহ জোৰা পদযাত্ৰাৰ অন্তত আজি সামৰণি পৰিব কংগ্ৰেছৰ বহুচৰ্চিত ‘ভাৰত জোড়ো যাত্ৰা’। কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ নেতৃত্বত যোৱা ৮ ছেপ্টেম্বৰত তামিলনাডুৰ কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা এই পদযাত্ৰা আজি কাশ্মীৰৰ শ্ৰীনগৰত সমাপ্ত হ’ব। যাত্ৰাৰ সামৰণিৰ উপলক্ষে কংগ্ৰেছে শ্বেৰ-ই-কাশ্মীৰ ক্ৰিকেট ষ্টেডিয়ামত আয়োজন কৰিছে এক মেগা ৰেলী।

এই সমাৱেশত কংগ্ৰেছৰ দলীয় নেতৃত্বৰ উপৰিও বিৰোধী দলৰ বহুকেইগৰাকী নেতাই অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। অৱশ্যে শ্ৰীনগৰত হোৱা প্ৰচণ্ড তুষাৰপাতৰ ফলত ‘ভাৰত জোড়ো যাত্ৰা’ৰ সামৰণি অনুষ্ঠানৰ উদযাপনত কিছু অসুবিধা হ’ব পাৰে। তুষাৰপাতৰ ফলত শ্ৰীনগৰ-জম্মু ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰিছে আৰু বিমান পৰিবহণতো ব্যাঘাত জন্মাব পাৰে।

Apply Now

শ্ৰীনগৰৰ বিমানবন্দৰৰ সঞ্চালক কুলদীপ সিং ঋষিয়ে এক টুইট যোগে তুষাৰপাতৰ বাবে শ্ৰীনগৰলৈ সকলো বিমান যাত্ৰা পলম হোৱা বুলি জানিবলৈ দিছে। ইতিমধ্যে দিল্লীৰ পৰা শ্ৰীনগৰলৈ যাত্ৰা কৰা দুয়োখন বিমান বাতিল কৰিছে ভিষ্টাৰ এয়াৰলাইন্সে।

উল্লেখ্য যে চলিত মাহৰ আৰম্ভণিতে কংগ্ৰেছে দেশৰ ২১ টা বিৰোধী দলক এই সমাৱেশত যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছিল৷ ইয়াৰ ভিতৰত দ্ৰাবিদা মুনেত্ৰ কাঝাগম (ডি এম কে), ফাৰুক আব্দুল্লা নেতৃত্বাধীন জম্মু-কাশ্মীৰ ৰাষ্ট্ৰীয় সন্মিলন, মেহবুবা মুফতীৰ জম্মু-কাশ্মীৰ পিপলছ ডেম’ক্ৰেটিক পাৰ্টি (পিডিপি), বিদুথালাই চিৰুথাইগাল কট্চি (ভিচিকে), আই ইউ এম এল, কেৰালা কংগ্ৰেছ, চি পি আই, আৰ এছ পি, শিবু ছ’ৰেনৰ ঝাৰখণ্ড মুক্তি মৰ্চা (জেএমএম)য়ে শ্ৰীনগৰত অনুষ্ঠিত হ’বলগীয়া এই সমাৱেশত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

আনহাতে শাৰদ পাৱাৰৰ জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টি (এনচিপি), তেজস্বী যাদৱ নেতৃত্বাধীন ৰাষ্ট্ৰীয় জনতা দল (আৰজেডি), নীতিশ কুমাৰৰ জনতা দল (ইউনাইটেড), চিপিআই(এম), অখিলেশ যাদৱ নেতৃত্বাধীন সমাজবাদী পাৰ্টি, মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে আজিৰ এই ৰেলীত অংশগ্ৰহণ নকৰে বুলি সূত্ৰই প্ৰকাশ কৰিছে।

স্মৰ্তব্য যে কন্যাকুমাৰীত আৰম্ভ হোৱা কংগ্ৰেছৰ এই যাত্ৰাই ১২ খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত অঞ্চল অতিক্ৰম কৰিছে। পূৰ্বনিৰ্ধাৰিত সূচী অনুসৰিয়েই কংগ্ৰেছে শ্ৰীনগৰত যাত্ৰাৰ সমাপ্তি ঘটাব। যাত্ৰাৰ মাজতে কালি ৰাহুল গান্ধীয়ে লাল চ’কত ত্ৰিৰংগা উত্তোলন কৰি আন এক ইতিহাস ৰচনা কৰিছিল।

কালিৰ এই কাৰ্যসূচীৰ পাছতে ৰাহুল গান্ধীয়ে এক টুইট যোগে ‘ঘৃণাক হৰুওৱাই প্ৰেম সদায় জয়ী হ’ব বুলি মন্তব্য কৰি ভাৰতত আশাৰ নতুন জোৱাৰ আহিব বুলি আশা প্ৰকাশ কৰিছিল। শাসকীয় বিজেপিয়ে দেশত ঘৃণাৰ ৰাজনীতি কৰা বুলি অভিযোগ কৰি বিজেপিৰ এই ৰাজনীতিৰ বিৰুদ্ধে কংগ্ৰেছে আৰম্ভ কৰিছিল এই যাত্ৰা। কালি লাল চ’কত ত্ৰিৰংগা উত্তোলন কৰি যাত্ৰাৰ এই উদ্দেশ্যক সফল কৰি তোলা বুলি চৰ্চিত হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫২ বছৰৰ অপেক্ষাৰ অন্ত, পৰিয়াললৈ আহিল কন্যাসন্তান! খবৰ শুনি হাস্পতালত আৱেগিক হৈ পৰিল পৰিয়ালৰ লোক

৫২ বছৰৰ অপেক্ষাৰ অন্ত, পৰিয়াললৈ আহিল কন্যাসন্তান! খবৰ শুনি হাস্পতালত আৱেগিক হৈ পৰিল পৰিয়ালৰ লোক

July 31, 2026 3:00 pm
মাত্ৰ ৬৬ বছৰ বয়সতে মৃত্যু ইটালীৰ কিংবদন্তি ফ্ৰাংকো বাৰেচিৰ; শোকস্তব্ধ ফুটবল জগত

মাত্ৰ ৬৬ বছৰ বয়সতে মৃত্যু ইটালীৰ কিংবদন্তি ফ্ৰাংকো বাৰেচিৰ; শোকস্তব্ধ ফুটবল জগত

July 31, 2026 2:34 pm
বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

July 31, 2026 1:00 pm
যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

July 31, 2026 12:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫২ বছৰৰ অপেক্ষাৰ অন্ত, পৰিয়াললৈ আহিল কন্যাসন্তান! খবৰ শুনি হাস্পতালত আৱেগিক হৈ পৰিল পৰিয়ালৰ লোক

৫২ বছৰৰ অপেক্ষাৰ অন্ত, পৰিয়াললৈ আহিল কন্যাসন্তান! খবৰ শুনি হাস্পতালত আৱেগিক হৈ পৰিল পৰিয়ালৰ লোক

July 31, 2026 3:00 pm
মাত্ৰ ৬৬ বছৰ বয়সতে মৃত্যু ইটালীৰ কিংবদন্তি ফ্ৰাংকো বাৰেচিৰ; শোকস্তব্ধ ফুটবল জগত

মাত্ৰ ৬৬ বছৰ বয়সতে মৃত্যু ইটালীৰ কিংবদন্তি ফ্ৰাংকো বাৰেচিৰ; শোকস্তব্ধ ফুটবল জগত

July 31, 2026 2:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd