সংসদৰ সংবিধান দিৱসৰ কাৰ্যসূচী বয়কট বিৰোধীৰ

Opposition Skips Constitution Day Event

কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছকে ধৰি ১৪ টা বিৰোধী দলে আজি সংসদত সংবিধান দিৱসৰ কাৰ্যসূচী বয়কট কৰে। ইয়াৰ দ্বাৰা অহা সপ্তাহত শীতকালীন অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে এক ঐক্যবদ্ধ ফ্ৰণ্ট গঠনৰ সম্ভাৱনীয়তা গঢ় লৈ উঠিছে বিৰোধীৰ মাজত। কেন্দ্ৰক আক্ৰমণ কৰি কংগ্ৰেছৰ মণিকাম ঠাকুৰে কয়, “এই চৰকাৰে সংবিধানক সন্মান নকৰে।”

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলা আজি ৰাতিপুৱা কেন্দ্ৰীয় হলত অনুষ্ঠিত সংবিধান দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে।

ভাষণত প্ৰধানমন্ত্ৰীয়ে কয়, “সংবিধান দিৱস হৈছে এই সদনক অভিবাদন জনোৱাৰ দিন, য’ত ভাৰতৰ বহুনেতাই আমাক ভাৰতৰ সংবিধান প্ৰদান কৰাৰ বাবে চিন্তা-চৰ্চা কৰিছিল। আমি মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামত যুঁজ দিয়া সকলোকে শ্ৰদ্ধাঞ্জলি জনাইছো।”

সোমবাৰৰ পৰা আৰম্ভ হ’বলগীয়া শীতকালীন অধিৱেশনৰ পূৰ্বে শিৱসেনা, এনচিপি, ডিএমকে, আৰজেডি আৰু বাওঁপন্থীসকলেও আজিৰ কাৰ্যসূচীত উপস্থিত থকাৰ পৰা বিৰত থাকে।

কংগ্ৰেছৰ সাংসদ মণিকাম ঠাকুৰে সংবাদ মাধ্যমৰ আগত কয় “বিজেপিৰ নেতৃত্বাধীন চৰকাৰখনে সংবিধানক সন্মান নকৰে। তেওঁলোকে সংবিধান অনুসৰি শাসন নকৰে কিন্তু সংবিধান দিৱস উদযাপন কৰিব বিচাৰে।”

ইয়াৰ প্ৰত্যুত্তৰত কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে কয়, “সংবিধান দিৱসৰ কাৰ্যসূচী বৰ্জন ভাৰতৰ সংবিধানৰ প্ৰতি অসন্মান। ই প্ৰমাণ কৰে যে কংগ্ৰেছে কেৱল নেহৰু পৰিয়ালৰ নেতাসকলক সন্মান কৰিব পাৰে আৰু বিআৰ আম্বেদকাৰকে ধৰি আন কোনো নেতাক সন্মান কৰিব নোৱাৰে।”

প্ৰধানমন্ত্ৰী মোদীয়ে আজি ৰাতিপুৱা টুইটাৰ যোগে সংবিধান দিৱসত দেশৰ নাগৰিকসকলক শুভেচ্ছা জনায়।

পোষ্টটোত তেওঁ ভাৰতীয় সংবিধানৰ জনক ড০ বি আৰ আম্বেদকাৰৰ এটা ভাষণৰ একাংশ শ্বেয়াৰ কৰে।