• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ বিদেশী ন্যায়াধিকৰণে আওকাণ কৰি আহিছে সাংবিধানিক অধিকাৰ! বিস্ফোৰক তথ্য প্ৰকাশ এক প্ৰতিবেদনত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 28, 2025 3:53 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ বিদেশী ন্যায়াধিকৰণৰ ন্যায় ব্যৱস্থাক লৈ চলি থকা সৰৱ চৰ্চাৰ মজতে  ভাৰতীয় নেচনেল ল’ স্কুল অৱ ইণ্ডিয়া ইউনিভাৰ্চিটি (এন এল এছ আই ইউ) আৰু লণ্ডনৰ কুইন মেৰী ইউনিভাৰ্চিটিৰ এক নতুন অধ্যয়নত পোহৰলৈ আহিছে অসমৰ বিদেশী ন্যায়াধিকৰণ (এফ টি)ত গুৰুতৰ অনিয়মৰ কাহিনী। অসমত কোন নাগৰিক সেইটো নিৰ্ণয় কৰা এই ন্যায়াধিকৰণসমূহে প্ৰায়ে ন্যায্য আইনী প্ৰক্ৰিয়া আৰু সাংবিধানিক সুৰক্ষাক আওকাণ কৰি আহিছে বুলি অভিযোগ উত্থাপন হৈছে। এফ টি সমূহ ন্যায়সংগত সিদ্ধান্ত লোৱাত বিফল হোৱা বুলি দবী কৰিচে প্ৰতিবেদন খনে।

উল্লেখ্য যে অসমত ১০০টা এফ টি আছে, প্ৰত্যেকৰে নেতৃত্বত আছে এজন ন্যায়াধীশ সদৃশ সদস্য। ২০০৫ চনত উচ্চতম ন্যায়ালয়ে অবৈধ প্ৰব্ৰজনকাৰী (ট্ৰিবিউনেলৰ দ্বাৰা নিৰ্ণয়) আইনখন বাতিল কৰাৰ পিছত এফ টি সমূহ গঠন কৰা হৈছিল। কোনো ব্যক্তি ভাৰতীয় নাগৰিক হয়নে নহয় বিদেশী এই ন্যায়াধিকৰণসমূহে সিদ্ধান্ত লয়। ২০২৫ চনলৈকে তেওঁলোকে প্ৰায় ১ লাখ ৬৬ হাজাৰ লোকক বিদেশী বুলি ঘোষণা কৰিছে, আৰু ৮৫ হাজাৰতকৈ অধিক গোচৰ এতিয়াও বিচাৰাধীন হৈ আছে। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা বাদ পৰা ১০ লাখৰো অধিক লোকৰ আবেদনৰ কথাও বিবেচনা কৰিব পাৰে।

Apply Now

“Destroying Citizens: The Structure of Rights Violations and Exclusion in India’s Citizenship Litigation” শীৰ্ষক প্ৰতিবেদনখনত এনএলএছআইইউৰ গৱেষক আৰু পাৰিচয় লিগেল এইড ক্লিনিকৰ সহযোগত মহছিন আলম ভাট, অৰুষী গুপ্তা আৰু শাৰদুল গোপুজকাৰে প্ৰস্তুত কৰি উলিওয়া এই গৱেষণা পত্ৰখনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ১২০০ৰো অধিক আদেশ, উচ্চতম ন্যায়ালয়ৰ ৰায়, আৰু অধিবক্তা আৰু ক্ষতিগ্ৰস্ত লোকৰ সৈতে হোৱা সাক্ষাৎকাৰ আদি অধ্যয়ন কৰা হৈছিল।

এই অধ্যয়নত উন্মোচিত তথ্য অনুসৰি ন্যায়াধিকৰণে প্ৰায়ে স্পষ্ট কাৰণ নোহোৱাকৈ বৈধ নথি-পত্ৰ আৰু মৌখিক প্ৰমাণ নাকচ কৰে, যিয়ে নিৰপেক্ষতাৰ অভাৱৰ ইংগিত দিয়ে।মানুহক বিদেশী হিচাপে ভুলকৈ লক্ষ্য কৰি লোৱাৰ পৰা ৰক্ষা কৰিবলৈ কোনো স্পষ্ট নিয়ম নাই। স্পষ্ট আইনী ব্যৱস্থাৰ অবিহনে বিদেশী ন্যায়াধিকৰণৰ সুবিচাৰ হোৱা নাই বুলি প্ৰমাণিত হৈছে।    

প্ৰতিবেদন অনুসৰি ন্যায়াধিকৰণৰ এক শক্তিশালী আইনী ভিত্তিৰ অভাৱৰ লাগত চৰকাৰৰ দ্বাৰা প্ৰভাৱিত, আৰু পৰ্যাপ্ত আইনী জ্ঞান নথকা সদস্যৰ দ্বাৰা পৰিচালিত হয়।ইয়াৰোপৰি তেওঁলোকে অধিকাৰ উলংঘা কৰি আহিছে। ন্যায়াধিকৰণে ন্যায্য শুনানিৰ ব্যৱস্থা নকৰে, যাৰ ফলত ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় আইন উলংঘন হৈ আহিছে।

 অধ্যয়ন আনুসৰি ন্যায়াধিকৰণৰ সদস্যৰ নিযুক্তি প্ৰক্ৰিয়া অস্পষ্ট আৰু চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত। সদস্যসকলক এবছৰ বা দুবছৰৰ চুটি চুক্তি কৰা হয়, যিবোৰ চৰকাৰে ইচ্ছামতে বৃদ্ধি বা বন্ধ কৰিব পাৰে। যিটো উচ্চতম ন্যায়ালয়ৰ নীতিবহিৰ্ভূত য’ত ন্যায়াধিকৰণৰ সদস্যসকলে ন্যায্য বিচাৰ নিশ্চিত কৰিবলৈ দীৰ্ঘদিন (কমেও পাঁচ বছৰ) কাৰ্যনিৰ্বাহ কৰিব লাগিব।

উল্লেখ্য যে ন্যায়াধিকৰণৰ সদস্যৰ অৰ্হতাও সময়ৰ লগে লগে দুৰ্বল হৈ পৰিছে। ২০১১ চনত অভিজ্ঞ অৱসৰপ্ৰাপ্ত ন্যায়াধীশেহে কাৰ্যনিৰ্বাহ কৰিব পাৰিছিল। ২০১৫ চনৰ ভিতৰত ন্যায়িক অভিজ্ঞতা অবিহনেও ১০ বছৰৰ অভিজ্ঞতা থকা অধিবক্তাক অনুমতি দিয়া হৈছিল। ২০১৯ চনত নিয়মসমূহ আৰু শিথিল কৰা হয়, মাত্ৰ সাত বছৰৰ অভিজ্ঞতা থকা যুৱ অধিবক্তাসকলে নাগৰিকত্বৰ সৈতে জড়িত জটিল সিদ্ধান্ত ল’ব পাৰে।

লগতে প্রতিবেদনত উল্লেখ কৰা হৈছে যে সদস্যসকলৰ অনুপ্ৰৱেশ বা নাগৰিকত্ব আইনত বিশেষজ্ঞতা থাকিব লাগিব, কেৱল অসমৰ ভাষা আৰু ইতিহাসৰ মৌলিক জ্ঞান থাকিব লাগিব৷ বিশেষকৈ দেশজোৰা এন আৰ চি আৰু শেহতীয়াকৈ অসমত বহিষ্কাৰৰ সম্ভাৱনীয়তাৰ বাবে ন্যায়াধিকৰণ ব্যৱস্থাৰ ত্ৰুটিবোৰ গুৰুতৰ চিন্তাৰ বিষয়। প্ৰতিবেদনত সকীয়াই দিয়া হৈছে যে এই ন্যায়াধিকৰণসমূহে মানুহক ৰাষ্ট্ৰহীন কৰি তুলিব পাৰে। ২০২৫ চনৰ ইমিগ্ৰেচন আৰু বিদেশী আইনৰ পিছতো এফ টি ব্যৱস্থাত কোনো সংস্কাৰ হোৱা নাই।

ভাৰতৰ নাগৰিকত্ব আইন সম্পূর্ণৰূপে পুনৰ চিন্তা কৰিবলৈ প্রতিবেদনখনে আহবান জনাইছে৷ ইয়াত ন্যায় নিশ্চিত আৰু মানুহৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ স্বতন্ত্ৰ, নিৰপেক্ষ আৰু যোগ্য আইনী বিশেষজ্ঞৰে গঠিত ন্যায়াধিকৰণৰ আহ্বান জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মোৰ সংসাৰ চলোৱাৰ খৰচ লাগে’, এতিয়া বিয়াঘৰত নাচি উপাৰ্জন কৰে এইগৰাকী বলীউডৰ ছুপাৰষ্টাৰে

‘মোৰ সংসাৰ চলোৱাৰ খৰচ লাগে’, এতিয়া বিয়াঘৰত নাচি উপাৰ্জন কৰে এইগৰাকী বলীউডৰ ছুপাৰষ্টাৰে

September 8, 2026 12:43 pm
‘গাৰ্লফ্ৰেণ্ডে দিয়ে ০% সুত, আৰু আমাৰ এফ ডি ১৪.৪%’, মেট্ৰ’ত এইটো কেনেকুৱা বিজ্ঞাপন! দেশজুৰি আলোড়ন

‘গাৰ্লফ্ৰেণ্ডে দিয়ে ০% সুত, আৰু আমাৰ এফ ডি ১৪.৪%’, মেট্ৰ’ত এইটো কেনেকুৱা বিজ্ঞাপন! দেশজুৰি আলোড়ন

September 8, 2026 11:33 am
আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

September 8, 2026 10:35 am
আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

September 8, 2026 10:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মোৰ সংসাৰ চলোৱাৰ খৰচ লাগে’, এতিয়া বিয়াঘৰত নাচি উপাৰ্জন কৰে এইগৰাকী বলীউডৰ ছুপাৰষ্টাৰে

‘মোৰ সংসাৰ চলোৱাৰ খৰচ লাগে’, এতিয়া বিয়াঘৰত নাচি উপাৰ্জন কৰে এইগৰাকী বলীউডৰ ছুপাৰষ্টাৰে

September 8, 2026 12:43 pm
‘গাৰ্লফ্ৰেণ্ডে দিয়ে ০% সুত, আৰু আমাৰ এফ ডি ১৪.৪%’, মেট্ৰ’ত এইটো কেনেকুৱা বিজ্ঞাপন! দেশজুৰি আলোড়ন

‘গাৰ্লফ্ৰেণ্ডে দিয়ে ০% সুত, আৰু আমাৰ এফ ডি ১৪.৪%’, মেট্ৰ’ত এইটো কেনেকুৱা বিজ্ঞাপন! দেশজুৰি আলোড়ন

September 8, 2026 11:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd