মাৰ্ঘেৰিটাত বিশ বছৰে চলি থকা কয়লাৰ চোৰাং বেহাৰ চি বি আই তদন্তৰ দাবী

শালেকী প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত কয়লাৰ মুক্তখননকলৈ এতিয়া উত্তাল সমগ্ৰ ৰাজ্য৷ একাংশ দল সংগঠনৰ স্পষ্ট কথা কয়লাৰ মুক্ত খনন চলাবলৈ দিয়া নহ’ব।

আনফালে একাংশৰ দাবী জাতীয় উদ্যোগটোৰ স্বাৰ্থত প্ৰয়োজনত কয়লা খননৰ অনুমতি দিব লাগে৷

এনে সময়তে এইবাৰ এই সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে টিৰাপ স্বায়ত্ত্বশাসিত দাবী সমিতিয়ে৷

শালেকী গাঁ‌ৱত আজি এখন সংবাদমেল অনুষ্ঠিত কৰি ভূমিপুত্ৰ মান টাই, চিংফৌ, চেমা, টাংচা আদি জনগোষ্ঠীয় লোকৰ দ্বাৰা গঠিত সংগঠনটোৱে স্পষ্ট কৰি দিয়ে তেওঁলোকৰ সৈতে আলোচনাৰ অবিহনে দিয়া নহ’ব কয়লা খননৰ অনুমতি৷

ৰাজহুৱা হুনানীৰ অবিহনে পাটকাইত কয়লা খনন মানি লোৱা নহ’ব। লগতে টিৰাপ ট্ৰাইবেল বেল্টত ৩০ হাজাৰ বিঘা জনজাতি ৰাইজৰ ভূমি বেদখল হৈ থকাৰ কথা প্ৰকাশ কৰি অতি শীঘ্ৰে বেদখল মুক্ত কৰিবলৈ দাবী জনায়৷

স্বাধীনতাৰ ৭৩ বছৰৰ পাছতো জনজাতিসকল সকলো ক্ষেত্ৰতে প্ৰবঞ্চিত বুলি ক্ষোভ প্ৰকাশ কৰি সংবাদমেলত ২০০৭ চনৰ নিৰুদিষ্ট জনজাতীয় নেতা পসন্ন তুৰুং নিৰুদিষ্ট হৈ থকাৰ ঘটনা পুনৰ চি বি আই তদন্তৰ দাবী তোলে৷

পূৰ্বতে তদন্ত হৈছিল যদিও চি বি আই মেনেজ হোৱাৰ বাবেই তদন্ত সঠিক নহ’ল বুলি অভিযোগ কৰি লগতে কয় যে সমগ্ৰ বিষয়টোত সেই সময়ৰ মাৰ্ঘেৰিটাৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈৰ প্ৰতি সন্ধেহৰ আঙুলি আছে বুলি সমিতিৰ মুখপাত্ৰ পল্লৱশ্যাম বাইলুঙে কয়৷

আনহাতে শালেকীত হস্তুী কৰিডৰ থকা বুলি অপপ্ৰচাৰ চলি থকা বুলি প্ৰকাশ কৰি জনজাতীয় নেতা হ’খেত’ চেমাই ‘আমাৰ মাটিত জনগোষ্ঠীয় সকলক কয়লা খননৰ অনুজ্ঞা দিয়ক’ বুলি দাবী কৰে৷ অন্য এজন জনজাতীয় নেতা চেংগাম লাব্ৰামে অতিশীঘ্ৰে টিৰাপ স্বায়িত্ব শাসিত দাবী কাৰ্যকৰী কৰিবলৈ চৰকাৰক আহ্বান জনায়৷

বিগত বিশ বছৰৰ পৰা ব্যাপক হাৰত কয়লাৰ চোৰাং বেহা চলি থকা বুলি প্ৰকাশ কৰি সংগঠনটোৱে ইয়াৰ চি বি আইৰ তদন্তৰ দাবী জনায়৷ ক’ল ইণ্ডিয়াই কয়লা খন কৰিলে কোনো আপত্তি নাই বুলি উল্লেখ কৰি কয়, ‘ভূমিপুত্ৰ জনগোষ্ঠী সমূহৰ সৈতে আলোচনা নকৰাকৈ বা পৰ্যাপ্ত সা সুবিধা নিদিয়াকৈ কোনো কথা মানি লোৱা নহ’ব’।