• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নুমলীগড় শোধানাগাৰ ব্যক্তিগত খণ্ডক তুলি দিব বিচৰাৰ প্ৰতিবাদত উত্তাল শোধনাগাৰৰ প্ৰৱেশ পথ

শোধনাগাৰৰ প্ৰৱেশ পথত শ্ৰমিক কৰ্মচাৰীৰ অৱস্থান ধৰ্মঘট

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , October 11, 2019 9:06 pm

2 min read

IMG-20191011-WA0077

নুমলীগড় শোধনাগাৰ ব্যক্তিগতকৰণ কৰিব বিচৰাৰ প্ৰতিবাদ শোধনাগাৰৰ প্ৰৱেশ পথত। ফটো : নৰ্থইষ্ট নাও

5.7k
VIEWS
Share on FacebookShare on Twitter

নুমলীগড় শোধানাগাৰক ব্যক্তিগত খণ্ডলৈ হস্তান্তৰিত কৰা বাবে কেন্দ্ৰীয় চৰকাৰে লোৱা সিদ্ধান্তৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নুমলীগড় শোধনাগাৰত ৷

৮৫৫ জন শ্বহীদৰ ত্যাগ আৰু ৬ বছৰীয়া অসম আন্দোলনৰ পাছত হোৱা অসম চুক্তিৰ আধাৰত স্থাপিত হোৱা নুমলীগড় শোধনাগাৰক ব্যক্তিগত কোম্পানীৰ হাতত হস্তান্তৰ কৰিবলৈ লোৱা সিদ্ধান্তৰ প্ৰতিবাদত শুকুৰবাৰে মুখৰিত হৈ পৰে নুমলীগড় শোধানাগাৰৰ মূখ্য প্ৰৱেশ দ্বাৰ।

শোধনাগাৰটোৰ অন্যতম সংগঠন নুমলীগড় অইল ৰেফাইনেৰী টেংকাৰ এছ’চিয়েশ্যনে পুৱা ৭বজাৰ পৰা মাৰ্কেটিং টাৰ্মিনেলত প্ৰতিবাদী কাৰ্যসূচী পালন কৰে ৷

প্ৰতিবাদৰ সময়ছোৱাত কেইবা  শতাধিক পৰিবহনকাৰীয়ে বিপিচিএল আৰু এন আৰ এল ব্যক্তিগতকৰণৰ বিৰোধিতাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰীসকলে ‘চেভ এন আৰ এল, চেভ বিপিচিএল’,‘শ্বহীদৰ ত্যাগৰ ফলত স্থাপন হোৱা এন আৰ এল বিক্ৰী নচলিব’,’মোদী চৰকাৰ হায় হায়’ আদি শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে।

ইয়াৰ উপৰিও নুমলীগড় শোধানাগাৰৰ টেংকাৰ সন্থা, নুমলীগড় শোধনাগাৰ কৰ্মচাৰী সন্থা, শ্ৰমিক সন্থা, মজদূৰ ইউনিয়ন আৰু শোধানাগাৰটোৰ স্থায়ী-অস্থায়ী সকলো শ্ৰমিক একত্ৰিত হৈ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে শোধনাগাৰটোৰ প্ৰৱেশ দ্বাৰত প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখ্য যে নুমলীগড় শোধনাগাৰৰ ৬২ শতাংশ অংশীদাৰ আছে ভাৰত পেট্ৰলিয়ামৰ। আজিৰ প্ৰতিবাদৰ পটভূমিত তেজ দিম শোধনাগাৰ নিদিওঁ ধ্বনিৰে মুখৰিত হৈ পৰে নুমলীগড় শোধনাগাৰৰ প্ৰৱেশদ্বাৰ।

প্ৰতিবাদকাৰী সকলৰ মতে ভাৰত পেট্ৰলিয়াম বিক্ৰী মানেই ভাৰত চৰকাৰৰ নিজা সম্পদ হিচাপে পৰিগণিত হৈ অহা মুম্বাই শোধনাগাৰ, কোচি শোধনাগাৰ আৰু নুমলীগড় শোধনাগাৰকে ধৰি মুঠ চাৰিটা শোধনাগাৰ ব্যক্তিগত খণ্ডৰ হাতত তুলি দিয়া। যাৰ বাবে অনাগত দিনবোৰত ৰাজ্যত এক জটিল সমস্যাৰ সৃষ্টি হব।

এনে ঘটনাৰ পাছত ব্যক্তিগত খণ্ডৰ কোম্পানীবোৰে নিজ ইচ্ছানুযায়ী পেট্ৰল- ডিজেলৰ মূল্যবৃদ্ধিৰে জনসাধাৰণৰ ওপৰত মাধমাৰ সোধাব বুলিও প্ৰতিবাদকাৰী সকলে মন্তব্য কৰে ৷

অসমৰ জনসাধাৰণৰ আবেগ-অনুভুতিক গুৰুত্ব দি শ্বহীদৰ তেজৰ মূল্যক সন্মান জনাই অসম চৰকাৰে নুমলীগড় শোধনাগাৰক ব্যক্তিগত খণ্ডৰ হাতত অৰ্পণ নকৰাৰ ক্ষেত্ৰত এক সবল ভূমিকা গ্ৰহণ কৰিবৰ বাবে আজি নুমলীগড়ত প্ৰতিবাদকাৰী সকলে অসম চৰকাৰক আহ্বান জনায় ৷

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd