অস্কাৰ বিজয়ী হলীউদৰ প্ৰথম কৃষ্ণাংগ তাৰকা অভিনেতা ছিডনি পইটিয়াৰৰ দেহাৱসান

WhatsApp Image 2022-01-08 at 12.57.39 PM

ছিডনি পইটিয়াৰ।

অস্কাৰ বিজয়ী হলীউদৰ প্ৰথম কৃষ্ণাংগ তাৰকা অভিনেতা ছিডনি পইটিয়াৰৰ দেহাৱসান ঘটিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৪বছৰ।

পইটিয়াৰে ১৯৬৩ চনত ‘লিলিছ অফ দ্য ফিল্ড’ ছবিৰ বাবে অস্কাৰ বঁটা লাভ কৰিছিল। তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ বাবে অস্কাৰ লাভ কৰিছিল।

ছিডনিয়ে ১৯৫৮চনত প্ৰথমবাৰ অস্কাৰৰ বাবে মনোনয়ন লাভ লাভ কৰিছিল। সেইবাৰ তেওঁ ‘দ্য ডিফায়েন্ট ৱানছ’ ছবিৰ বাবে মনোনয়ন পাইছিল।

অস্কাৰৰ বাবে মনোনীত হোৱা ছিডনি পইটিয়াৰ আছিল প্ৰথমগৰাকী কৃষ্ণাংগ অভিনেতা। প্ৰথম মনোনয়ন লাভ কৰাৰ পাঁচ বছৰ পাছত তেওঁ এই বঁটা লাভ কৰিবলৈ সক্ষম হয়।

১৯৫৫চনত ‘ব্লেকবোৰ্ড জাংগল’ আছিল তেওঁৰ জীৱনৰ প্ৰথম চলচ্চিত্ৰ। সেই ছবিখনত তেওঁ এগৰাকী হাইস্কুলীয়া ছাত্ৰৰ ভূমিকাত অভিনয় কৰিছিল।

১৯২৭ চনত আমেৰিকাৰ মিয়ামিত জন্মগ্ৰহণ কৰিছিল ছিডনি পইটিয়াৰে। তেওঁৰ কেইমাহৰ প্ৰিমেচিউৰ হিচাপে জন্ম হৈছিল। অসুস্থ হৈ জন্মগ্ৰহণ কৰা ছিডনিয়ে জীৱনত ভাল খ্যাতি লভিবলৈ সক্ষম হয়।

ছিডনিৰ পিতৃ আছিল এগৰাকী কৃষক। পিতৃয়ে মিয়ামিৰ পৰা ফ্ল’ৰিডা তথা বাহামাছলৈ প্ৰায়েই যাতায়ত কৰিছিল। সেয়ে, বাহামাছতেই ছিডনি ডাঙৰ-দীঘল হৈছে।

ছিডনিয়ে ১৫বছৰ বয়সত পুনৰ মিয়ামিলৈ গুচি আহে। তাৰ এবছৰ পাছত নিউয়ৰ্কলৈ আহে আৰু ১৬ বছৰ বয়সত আমেৰিকান নিগ্ৰো থিয়েটাৰত যোগ দিয়ে।