প্ৰতিকূল পৰিস্থিতিতো ব্যৱহাৰৰ কৰিব পৰাকৈ বজাৰলৈ আহিছে এই নতুন স্মাৰ্টফোনটো। মুকলি কৰা হৈছে Oukitel WP19। এই ফোনটোত MIL-STD-810G মিলিটাৰী-গ্ৰেড ডিজাইন আছে। শক্তিশালী নিৰ্মাণ মানদণ্ডৰ সৈতে এই ফোনটোৰ মুখ্য আকৰ্ষণ হৈছে 21000 mAh বেটাৰী। Oukitel-য়ে দাবী কৰিছে যে এই ফোনটোত এবাৰ চাৰ্জত ৩৬ ঘণ্টাৰ ভিডিঅ’ প্লে বেক কৰিব পাৰিব।
ফোনটো এবাৰ চাৰ্জ কৰিলেই সপ্তাহৰ পিছত সপ্তাহ ধৰি ব্যৱহাৰ কৰিব পৰা যাব। Oukitel WP19 ত এটা MediaTek Helio G95 চিপছেট থাকিব। ইয়াৰ আছে জল-প্ৰতিৰোধী IP68 আৰু IP69K ৰেটিং আছে। Oukitel ৰ নতুন ফোনটোত 90 Hz ৰিফ্ৰেছ ৰেট ডিচপ্লে আৰু 256 GB ষ্টোৰেজ আগবঢ়াইছে। ফোনটোৰ পিছফালে এটা 64 MP মেগাপিক্সেল কেমেৰা আছে।
এই ফোনটো জনপ্ৰিয় ই-কমাৰ্চ ৱেবছাইট আলিএক্সপ্ৰেছৰ পৰা ক্ৰয় কৰিব পাৰিব। Oukitel WP19 ৰ মূল্য ৪৮,১৮৪ টকা। এই ফোনটো 8 GB RAM + 256 GB ষ্ট’ৰেজত উপলব্ধ হ’ব। এই স্মাৰ্টফোনটো ক’লা ৰঙত পোৱা যাব।
Oukitel WP19 ৰ স্পেচিফিকেচনসমূহ কি? ডুৱেল-চিম Oukitel WP19 ফোনত Android 12 অপাৰেটিং চিষ্টেম চলিব। ফোনটোত 6.78 ইঞ্চিৰ FHD+ ডিচপ্লে আছে। এই ডিচপ্লেত 90Hz ৰিফ্ৰেছ ৰেট পোৱা যাব। এই ফোনটো MediaTek Helio G95 অক্টা-কোৰ চিপছেটৰ দ্বাৰা চালিত হ’ব। লগতে আছে 8 GB RAM আৰু 256 GB ষ্টোৰেজ।
ফটো আৰু ভিডিঅ’ লোৱাৰ বাবে Oukitel WP19 ৰ পিছফালে তিনিটা কেমেৰা আছে। প্ৰাথমিক কেমেৰাটোত এটা 64 MP চেন্সৰ আছে। চেমচাঙে প্ৰস্তুত কৰা এই চেন্সৰত f/1.79 এপাৰচাৰ আছে। তদুপৰি, 20 MP Sony নাইট ভিজন চেন্সৰ আৰু এটা 2 MP মেক্ৰো চেন্সৰ ব্যৱহাৰ কৰে। চেলফি আৰু ভিডিঅ’ কলিঙৰ বাবে এটা 16 MP কেমেৰা আছে।
কানেক্টিভিটিৰ বাবে ফোনটোত 4G, Bluetooth v5, GPS, 3.5mm অডিঅ’ জেক, GPS, OTG, NFC, BeiDou, GLONASS, GALILEO আৰু এটা USB Type-C পোৰ্ট আছে। অৱশ্যে, কোনো 5G ছাপোৰ্ট নাই। এই ফোনটোত বায়োমেট্ৰিক অথেন্টিকেশ্যনৰ বাবে এটা ফিংগাৰপ্ৰিণ্ট চেন্সৰ আছে।
Feeling Safe with #OukitelWP19 Rugged Smartphone Outdoors
Explore More exciting features: https://t.co/aemHie5RN1#OukitelWP19 #RuggedSmartphone #outdoors #adventure pic.twitter.com/v9JXl7Sosh— OUKITEL (@oukitelmobile) June 2, 2022
Oukitel WP19 ৰ মুখ্য আকৰ্ষণ হৈছে ইয়াৰ বেটাৰি। ফোনটোত আছে 21000 mAh বেটাৰি। এই ফোনটোত ২২৫২ ঘণ্টাৰ ষ্টেণ্ড বাই বেক আপ পোৱা যাব। অৰ্থাৎ এবাৰ চাৰ্জ কৰাৰ পিছত এই ফোনটো ৯৪ দিনলৈকে চলিব। ইয়াত ১২২ ঘণ্টাৰ টকটাইম, ১২৩ ঘণ্টাৰ মিউজিক প্লেবেক আৰু ৩৬ ঘণ্টাৰ ভিডিঅ’ প্লেবেক ছাপোৰ্ট আছে। ইয়াত লগতে আছে 27W ফাষ্ট চাৰ্জ ছাপোৰ্ট। এই ফোনটোৰ বেটাৰি সম্পূৰ্ণ চাৰ্জ হ’বলৈ ৪ ঘণ্টা সময় লাগিব।