• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিজেপিৰ দ্বাৰা বিধায়ক ক্ৰয়ৰ শংকা! নিৰ্বাচনৰ পূৰ্বে চিন্তিত কংগ্ৰেছ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 23, 2023 3:58 pm
Karnataka election
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ্ণাটক বিধানসভা নিৰ্বাচনলৈ মাজত আৰু ১৬দিন বাকী। নিৰ্বাচনৰ তিনি দিনৰ পাছতেই ঘোষণা কৰা হ’ব ফলাফল। অৰ্থাৎ কৰ্ণাটকত নতুন চৰকাৰ গঠনৰ বাবে এতিয়াও আছে তিনি সপ্তাহতকৈও অধিক সময়। কিন্তু নিৰ্বাচনৰ পূৰ্বেই এক দু:চিন্তাত দহিছে কংগ্ৰেছ। আভ্যন্তৰীণ কন্দলৰ আশংকাত চিন্তিত হৈ পৰিছে দলটো।

কংগ্ৰেছৰ কেন্দ্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে তথা দলৰ অন্যতম প্ৰধান নেতা ৰাহুল গান্ধীৰ পৰা আৰম্ভ কৰি দলটোৰ আন নেতাসকল নিৰ্বাচনৰ পিছত কংগ্ৰেছৰ নিৰ্বাচিত বিধায়ক চুৰি হোৱাৰ আশংকাত চিন্তিত হৈ পৰিছে।

Apply Now

কিছুদিন পূৰ্বে কৰ্ণাটকত এক নিৰ্বাচনী বৈঠকত ৰাহুলে গান্ধীয়ে দিছিল কৰ্ণাটক জয়ৰ শংকা। কিন্তু সমান্তৰালভাৱে তেওঁ ইয়াৰ বাবে প্ৰায় ১৫০ খন আসন পাব লাগিব বুলিও দোহাৰিছিল। অন্যথা দুৰ্নীতিৰ ধনেৰে বিজেপিয়ে কংগ্ৰেছী বিধায়কক ক্ৰয় কৰিব পাৰে বুলি মন্তব্য কৰিছিল গান্ধীয়ে।

ইফালে শনিবাৰে সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেইও একেই ইঙ্গিতকে দিয়ে। গান্ধীৰ দৰেই তেওঁ কয়, “আমি কৰ্ণাটকত বহু আসন পাব লাগিব। নহলে বিজেপিয়ে আমাৰ বিধায়কক ‘চুৰি’ কৰিব পাৰে।”

উল্লেখ্য যে, অহা ১০ মে’ত অনুষ্ঠিত হ’ব কৰ্ণাটক বিধানসভা নিৰ্বাচন। ৰাজ্যখনৰ শাসকীয় বিজেপি দলক প্ৰতিহত কৰাৰ লক্ষ্যৰে এইবাৰ জোৰদাৰ ৰণপ্ৰস্তুতি চলাইছে কংগ্ৰেছে। দলটোৰ সূত্ৰই এইবাৰ কৰ্ণাটকত জয় লাভ কৰিব বুলি আত্মবিশ্বাসী হৈ থকা বুলি দাবী কৰিছে।

লক্ষণীয়ভাৱে একাংশ সমীক্ষাতো দদাক্ষিণাত্যৰ ৰাজ্যখনত বিজেপিয়ে ক্ষমতা হেৰুৱাব পাৰে বুলি ইংগিত দিছে। আনহাতে নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত ইজনৰ পিছত সিজনকৈ বিজেপি নেতাৰ দলত্যাগ আৰু কংগ্ৰেছত যোগদান কৰাৰ ফলতো বিপদত পৰিছে বিজেপি।

অৱশ্যে দলৰ বাবে আশাপ্ৰদ এনে দৃশ্যৰাজিয়েও নিশ্চিন্ত কৰিব পৰা নাই কংগ্ৰেছ শিবিৰক। শেহতীয়াকৈ কংগ্ৰেছৰ টিকটত নিৰ্বাচিত হোৱা বিধায়কসকলক ক্ৰয় কৰি বিজেপিয়ে দলটোক সংকটত পেলাইছে। তদুপৰি সংখ্যাগৰিষ্ঠতা নোপোৱাকৈ কৰ্ণাটকত চাৰিবাৰকৈ চৰকাৰ গঠন কৰাৰ নজিৰ আছে বিজেপিৰ ক্ষেত্ৰত।

গতিকে, স্বাভাৱিকতেই এনে অভিজ্ঞতাই চিন্তিত কৰি ৰাখিছে কংগ্ৰেছক। আৰু এনে পৰিস্থিতিতে দলটোৱে অধিক আসন জয়ৰ পোষকতা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd