NORTHEAST NOW (Assamese)

আমেৰিকাত পুনৰ কোভিডৰ সংহাৰ! এসপ্তাহত আক্ৰান্ত ১ লাখৰো অধিক শিশু

June 1, 2022 8:02 pm · এন ই নাও নিউজ,গুৱাহাটী

আমেৰিকাত পুনৰ কোভিডে মূৰ দাঙি উঠিছে।

আমেৰিকান একাডেমী অব পেডিয়াট্ৰিক্স (এএপি) আৰু চিল্ড্ৰেনছ হস্পিটেল এছ’চিয়েশ্যনৰ শেহতীয়া প্ৰতিবেদন অনুসৰি যোৱা সপ্তাহত আমেৰিকা যুক্তৰাষ্ট্ৰত ১১২,০০০ ৰো অধিক শিশু কোভিডত আক্ৰান্ত হৈছে।

যি আগৰ চাৰি সপ্তাহৰ তুলনাত দুগুণ বেছি। আমেৰিকাত কোভিড মহামাৰী আৰম্ভ হোৱাৰ পিছত প্ৰায় ১৩.৪ নিযুত শিশু এই ভাইৰাছত আক্ৰান্ত হৈছিল।

আমেৰিকা যুক্তৰাষ্ট্ৰত শেহতীয়াকৈ কোভিড আক্ৰান্তৰ ১৮.৯ শতাংশই হৈছে শিশু।

চীনৰ বিজ্ঞানীসকলে দেশখনৰ য়ুহান প্ৰদেশত জন্তুৰ শৰীৰ পৰা মানৱ শৰীৰলৈ এই মাৰাত্মক ভাইৰাছবিধ সংক্ৰমিত হৈছিল বুলি কৈছিল। কোভিডে ইয়াৰ চৰিত্ৰ সলনি কৰি আহিছে।

এইবাৰ আমেৰিকাত কোভিডত ডাঙৰ সকলৰ তুলনাত শিশুসকল বেছিকৈ আক্ৰান্ত হোৱাৰ তথ্যই চিন্তিত কৰি তুলিছে বিদেন প্ৰশাসনক।

Related News