• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিল্লী-নয়দাত ৰেড এলাৰ্ট জাৰি, ধাৰাবাহিক বৰষুণৰ ফলত জলমগ্ন চহৰ; ১০০ৰো অধিক বিমান বাতিল

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 25, 2025 8:28 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে শনিবাৰে সন্ধিয়া প্ৰচণ্ড ধুমুহা আৰু ধাৰাসাৰ বৰষুণৰ সম্ভাৱনাৰ বাবে দিল্লী আৰু এন চি আৰ অঞ্চলৰ বাবে ৰেড এলাৰ্ট জাৰি কৰে। খবৰ পোৱা যায় যে পশ্চিম আৰু উত্তৰ-পশ্চিমৰ পৰা অহা ধুমুহাই ক্ৰমান্বয়ে ৰাজধানী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ কাষ চাপিছে। ফলত সমগ্ৰ অঞ্চলটো বিধ্বস্ত হোৱাৰ সম্ভাৱনা আছে। এই ধুমুহাই পৰৱৰ্তী এঘণ্টাৰ পৰা দুঘণ্টাৰ ভিতৰত ঘণ্টাত ৪০-৬০ কিলোমিটাৰ বেগত ধুমুহা বতাহ, সঘনাই বজ্ৰপাত আৰু ধূলিময় কৰিব পাৰে বুলি আগজাননী দিয়া হয়।

দেওবাৰে পুৱা প্ৰচণ্ড বতাহ আৰু বজ্ৰপাতৰ লগে লগে ৰাজধানী দিল্লী আৰু এনচিআৰ অঞ্চল প্ৰচণ্ড বৰষুণত বুৰ যায়। যদিও এই বৰষুণে প্ৰচণ্ড গৰমৰ পিছত সকাহ কঢ়িয়াই আনিছিল, তথাপিও ইয়াৰ ফলত তীব্ৰ জটিলতাৰো সৃষ্টি কৰে। ধাৰাসাৰ বৰষুণত ডুব যায় কেইবাটাও পথ আৰু আণ্ডাৰপাছ। যান-জঁটত ভুগিবলগীয়া হৈছে সাধাৰণ ৰাইজ।

Apply Now

বৰষুণৰ ফলত দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ভয়াৱহ প্ৰভাৱ পৰিছে। বিমানবন্দৰৰ সূত্ৰই জনোৱা মতে, দেওবাৰে পুৱালৈকে ১০০ৰো অধিক বিমান সেৱা ব্যাহত হৈ পৰিছে। ধুমুহাৰ সময়ত কমেও ২৫খন বিমান ডাইভাৰ্ট কৰা হয়।

বতৰ বিজ্ঞান বিভাগে নাগৰিকসকলক ঘৰৰ ভিতৰতে থাকিবলৈ পৰামৰ্শ দিছে। সংস্থাটোৰ বিবৃতিত কোৱা হৈছে যে, “ধুমুহাৰ সময়ত মুকলি ঠাইত, পথাৰত বা গছৰ তলত থিয় নহ’ব। বৈদ্যুতিক সঁজুলি ব্যৱহাৰ কৰাৰ সময়ত সাৱধান হওক আৰু প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰক।”

শনিবাৰে সন্ধিয়া ৫:৩০ বজাত দিল্লীৰ আপেক্ষিক আৰ্দ্ৰতা আছিল ৪৯ শতাংশ, যিটো এই ধৰণৰ বতৰৰ বাবে অনুকূল বুলি ধাৰণা কৰে বতৰ বিজ্ঞানীসকলে। ইফালে সন্ধিয়া ৬ বজাত কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ তথ্য অনুসৰি ৰাজধানীখনৰ বায়ুৰ গুণাগুণ ‘মধ্যমীয়া’ আছিল, একিউআই আছিল ১৪১।

সমগ্ৰ দিল্লী আৰু এনচিআৰত এই ধুমুহা আৰু বৰষুণৰ ফলত গছ উভালি পৰা, বিদ্যুৎ বিচ্ছিন্ন হোৱাৰ লগতে পথত পানী জমা হোৱাৰ আশংকা আছে। বায়ুৰ গুণাগুণ বেয়া হ’ব পাৰে, যাৰ ফলত শ্বাস-প্ৰশ্বাসজনিত সমস্যা থকা ৰোগীৰ সমস্যা হ’ব পাৰে। এই ধুমুহাই গুৰুগ্ৰাম, ফৰিদাবাদ, নয়দা আৰু গাজিয়াবাদত প্ৰভাৱ পেলাব পাৰে বুলিও আই এম ডিয়ে প্ৰকাশ কৰে।

বতৰৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈছে দিল্লী চৰকাৰ আৰু এনচিআৰ প্ৰশাসন। স্থানীয় পৌৰসভাসমূহক নলা আৰু নৰ্দমা পৰিষ্কাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। বিদ্যুৎ যোগানৰ যাতে কোনো সমস্যা নহয় তাৰ বাবে বিদ্যুৎ বিভাগক সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে। পৰিস্থিতি চম্ভালিবলৈ যান-বাহন আৰু আৰক্ষী বিভাগক সাজু হ’বলৈ কোৱা হৈছে। ইয়াৰ উপৰিও অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱাও সতৰ্ক হৈ আছে।

আই এম ডিয়ে জনোৱা মতে, যদিও নিশাৰ ফালে ধুমুহা আৰু বৰষুণ কমিছে, তথাপিও আগন্তুক ২৪ ঘণ্টাত মধ্যমীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। তাপমাত্ৰা ২৮ৰ পৰা ৩২ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত হ’ব আৰু আৰ্দ্ৰতা আৰু বৃদ্ধি পাব পাৰে। পৰিস্থিতি নিৰীক্ষণ কৰি প্ৰয়োজন হ’লে অধিক সতৰ্কবাণী জাৰি কৰা হ’ব বুলিও উল্লেখ কৰা হৈছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026 12:23 pm
দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

October 10, 2026 11:24 am
কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

October 10, 2026 10:54 am
সৰুৰে পৰা বৰ্ণবৈষম্যৰ বলি! শান্তিৰ নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ নৱী পিল্লাই দৰাচলতে কোন?

সৰুৰে পৰা বৰ্ণবৈষম্যৰ বলি! শান্তিৰ নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ নৱী পিল্লাই দৰাচলতে কোন?

October 10, 2026 9:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026 12:23 pm
দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

October 10, 2026 11:24 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd