• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 25, 2026 8:15 pm
28
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভোটাৰ তালিকা সংশোধন আৰু নৱপ্ৰজন্মৰ ভোটাৰৰ নাম পঞ্জীয়ন বন্ধ হৈ পৰা বুলি শেহতীয়াকৈ উত্থাপিত হোৱা জল্পনা-কল্পনাক সম্পূৰ্ণৰূপে নাকচ কৰিছে ভাৰতৰ নিৰ্বাচন আয়োগে। শুকুৰবাৰে নিৰ্বাচন আয়োগৰ বিষয়াসকলে সুনিৰ্দিষ্ট তথ্য দাঙি ধৰি প্ৰকাশ কৰে যে ২০২৫ চনৰ পাছত সমগ্ৰ দেশত আৰম্ভ হোৱা এছ আই আৰ প্ৰক্ৰিয়াৰ জৰিয়তে এতিয়ালৈকে ১৮ ৰ পৰা ২৮ বছৰ বয়সৰ মুঠ ২ কোটি ৭৩ লাখ নতুন জেন জি বা তৰুণ ভোটাৰক সফলতাৰে ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। যুৱপ্ৰজন্মৰ ভোটাধিকাৰ লাভৰ ক্ষেত্ৰত জটিলতাৰ সৃষ্টি হোৱা বুলি যি অভিযোগ উঠিছিল, সেয়া নিৰ্বাচন আয়োগে এই তথ্যৰে নস্যাৎ কৰিছে।

 

Apply Now

আয়োগৰ প্ৰশাসনিক বিষয়াসকলে স্পষ্টভাৱে জানিবলৈ দিয়ে যে বাৰ্ষিক ভোটাৰ তালিকা প্ৰকাশৰ নিৰ্দিষ্ট সময়সীমাৰ বাহিৰেও ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ সুবিধা নিৰৱচ্ছিন্নভাৱে চলি থাকে। যাৰ ফলত যিকোনো যোগ্য যুৱক বা নাগৰিকে প্ৰয়োজনীয় আবেদন পত্ৰৰ জৰিয়তে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰে। আয়োগৰ সূত্ৰ অনুসৰি, প্ৰকাশিত এই ২.৭৩ কোটি নতুন পৰিসংখ্যাৰ ভিতৰত ১৮ বছৰ সম্পূৰ্ণ কৰা নতুন ভোটাৰ থকাৰ লগতে পূৰ্বতে ভোটাধিকাৰ লাভ কৰিও বিশেষ কাৰণত নাম নথকা বা পৰৱৰ্তী সময়ত সংশোধিত হোৱা অন্যান্য যুৱ ভোটাৰৰ নামো অন্তৰ্ভুক্ত আছে। নিৰ্বাচন আয়োগে লগতে মনত পেলাই দিয়ে যে নতুন ভোটাৰ হিচাপে নাম পঞ্জীয়নৰ বাবে নিৰ্দিষ্ট ফৰ্ম ৬ পূৰণ কৰাৰ সুবিধা গোটেই বছৰ জুৰি মুকলি থাকে। আয়োগৰ মতে এছ আই আৰ চলি থকাৰ সময়তো প্ৰযুক্তিগত আৰু প্ৰশাসনিক ব্যৱস্থাৰ জৰিয়তে যুৱপ্ৰজন্মক এই ব্যৱস্থাৰ আওতালৈ অনাৰ কাম নিৰৱচ্ছিন্নভাৱে চলি আছিল।

 

সাধাৰণতে মে’ মাহৰ শেষৰ ফালে নিৰ্বাচন আয়োগে প্ৰতি বছৰৰ এছ এছ আৰ প্ৰক্ৰিয়াৰ দিন ঘোষণা কৰে। এই নিৰ্দিষ্ট বাৰ্ষিক কাৰ্যসূচীৰ জৰিয়তে বছৰৰ চাৰিটা ভিন্ন তাৰিখত অৰ্থাৎ ১ জানুৱাৰী, ১ এপ্ৰিল, ১ জুলাই আৰু ১ অক্টোবৰত ১৮ বছৰ সম্পূৰ্ণ কৰা যুৱক-যুৱতীসকলে পোণপটীয়াভাৱে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে আবেদন কৰিব পাৰে।

 

কিন্তু এক সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি ২০২৪ চনৰ পৰা ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে কোনো এছ এছ আৰ ঘোষণা কৰা হোৱা নাই। প্ৰতিবেদনত দাবী কৰা হৈছে যে দুজন নিৰ্বাচন আয়ুক্ত সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীয়ে এছ এছ আৰ প্ৰক্ৰিয়া পুনৰ দ্ৰুতভাৱে আৰম্ভ কৰাৰ পোষকতা কৰিছিল যদিও মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে তাত সন্মতি প্ৰদান কৰা নাছিল। আনকি চলি থকা এছ আই আৰ প্ৰক্ৰিয়াৰ মাজত এছ এছ আৰৰ প্ৰয়োজন আছে নে নাই সেই সন্দৰ্ভত আইনী পৰামৰ্শও বিচাৰিছে মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে। এই প্ৰতিবেদন পোহৰলৈ অহাৰ লগে লগে ছচিয়েল মিডিয়াত সৰৱ হৈ পৰিছে কংগ্ৰেছ। বিৰোধী দলটোৱে অভিযোগ কৰিছে যে চৰকাৰে জেন জি ভোটাৰসকলক ভয় কৰিছে আৰু মুখ্য নিৰ্বাচন আয়ুক্তৰ সৈতে মিলি ষড়যন্ত্ৰ ৰচনা কৰিছে। আগন্তুক বৰ্ষত উত্তৰ প্ৰদেশ আৰু গোৱাত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি উল্লেখ কৰি কংগ্ৰেছে অভিযোগ কৰিছে যে তাত এছ এছ আৰ নোহোৱাৰ বাবে হাজাৰ হাজাৰ নতুন ভোটাৰে তালিকাত অন্তৰ্ভুক্ত হ’বলৈ সক্ষম হোৱা নাই।

 

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

October 17, 2026 7:14 pm
পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

October 17, 2026 5:49 pm
পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

October 17, 2026 4:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

October 17, 2026 7:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd